পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (-অচিন্ত বৰঠাকুৰ)

দেওবৰীয়া বিশেষ:
পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা
____
(যোৱা সংখ্যাৰ পিছৰ পৰা)

বহুতো লঘূ-সাহিত্যত সুন্দৰী নাৰীক বিষ্ফোৰক সামগ্ৰীৰ লগত তুলনা কৰা হয় যদিও বোধহয় তেনে সাহিত্যৰ সৃষ্টিকাৰী সাহিত্যিকৰ অধিকাংশয়েই নাজানে যে নাৰীৰ সৌন্দৰ্যচৰ্চাৰ বাবে সঁচাকৈয়ে বিষ্ফোৰক সামগ্ৰীৰ অংশবিশেষ ব্যৱহাৰ কৰা হয়। ডিনামাইট (বা ডাইনামাইট, Dynamite) নামৰ বিষ্ফোৰকবিধত ব্যৱহাৰ হোৱা ডাইএটমাচিয়াছ আৰ্থ (Diatomaceous earth) নামৰ উপকৰণবিধ সৌন্দৰ্যচৰ্চাৰ জগতখনত বিভিন্ন সময়ত মঞ্জক(abrasive), অৱশোষক(absorbent), কৰাঁল ৰোধক(anticaking agent), ঘণীভৱক(bulking agent) আৰু অস্বচ্ছকাৰক(opacifying agent) পদাৰ্থ হিচাবে ব্যৱহাৰ কৰা হয়। চাবোন আৰু স্নানাগাৰৰ অন্যান্য সামগ্ৰী, দন্তমঞ্জন, সুগন্ধি দ্ৰব্য, পৰিষ্কাৰক পদাৰ্থ, মুখত ঘঁহা পাউডাৰ, ফাউণ্ডেশ্যন, আৰু ত্বকৰ যত্নত ব্যৱহৃত পদাৰ্থ তৈয়াৰ কৰাত ডাইএটমাচিয়াছ আৰ্থৰ বহুল প্ৰয়োগ কৰা হয়।

শেলুৱৈ বুলিলে সাধাৰণতে অপৰিষ্কাৰ আৰু সেমেকা মাটিত গজি উঠা এবিধ অপৰিষ্কাৰ উদ্ভিদ বুলিয়েই
মনলৈ আহে যদিও বিষ্ফোৰক তথা প্ৰসাধনৰ ব্যৱহৃত এই ডাইএটমাচিয়াছ আৰ্থ নামৰ এই বিশেষ মাটিসদৃষ পদাৰ্থবিধ
আচলতে ডায়েটম (Diatom) নামৰ শেলুৱৈবিধৰ মৃতদেহৰ পৰা প্ৰাকৃতিকভাবে তৈয়াৰ হোৱা জীৱাষ্মহে, যাক জাৰ্মানী, ছেক গণতন্ত্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো প্ৰদেশ, স্কটলেণ্ড, ডেনমাৰ্ক, ফ্ৰান্স, কানাডা আদি ঠাইত খনিজ পদাৰ্থ
হিচাবে আহৰণ কৰা হয়। ভূগৰ্ভৰ পৰা আহৰণ কৰা বগা বা মলিন বগা বৰণৰ এই পদাৰ্থবিধত ৮০ৰ পৰা ৯০ শতাংশ পৰ্যন্ত চিলিকা,
২-৪% এলুমিনা, ০.৫-২.০% আইৰণৰ অক্সাইড থাকে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অপৰিষ্কাৰ(!) শেলুৱৈৰ পৰা উৎপাদিত ডাইএটমাচিয়াছ আৰ্থক পানী পৰিস্ৰাৱক কেণ্ডেল হিচাবে, বিভিন্ন উদ্যোগত অৱশোষক আৰু তাপৰোধক হিচাবে, পশুপালন আৰু কৃষিকাৰ্যত কীটানুনাশক আৰু খাদ্যৰ কৰাঁলৰোধক হিচাবে, জলউদ্যানৰ ভূমি হিচাবে,
জীৱবিজ্ঞানৰ পৰীক্ষাগাৰত DNA শুদ্ধিকৰণত আৰু চিদ্ৰযুক্ত ইটা নিৰ্মান আদি কাৰ্যতো ইতিমধ্যে বহুদিনৰ পৰাই ফলপ্ৰসূভাবে ব্যৱহাৰ কৰা হৈ আহিছে। উল্লেখযোগ্য যে, ডাইএটমাচিয়াছ আৰ্থ নামৰ এই পদাৰ্থবিধক ডিনামাইটত নাইট্ৰ’গ্লিছাৰিণ নামৰ বিষ্ফোৰক পদাৰ্থবিধ অৱশোষণ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই বিশেষ পদ্ধতিটো আৱিস্কাৰ কৰিছিল উদ্ভাৱক বিজ্ঞানী আলফ্ৰেড নবেলে।

ইয়াৰ উপৰি, বিভিন্ন প্ৰতিষ্ঠানে উৎপাদন কৰা গালত ঘঁহা পাউডাৰ, ওষ্ঠদণ্ডিকা, দুৰ্গন্ধনাশক ডিওড্ৰেণ্ট, নখত লগোৱা ৰং, ডাড়ি খুৰাওঁতে ব্যৱহাৰ কৰা ক্ৰীম আদি সামগ্ৰীৰ উপৰিও কেইখনমান প্ৰসাধন তথা অঙ্গসজ্জাকেন্দ্ৰই ডিনামাইট বা DYNAMITEৰ নামেৰে নিজৰ সামগ্ৰী বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিছে। অবশ্যে এনে সামগ্ৰী বা প্ৰতিষ্ঠানবিলাকত বিষ্ফোৰক পদাৰ্থৰ ব্যৱহাৰ সম্পৰ্কত কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়। সৌন্দৰ্যচৰ্চাৰ পৃথিৱীখনত নামাকৰণৰ ক্ষেত্ৰত বিষ্ফোৰকৰ প্ৰতি এনে দুৰ্বলতাৰ আঁৰৰ ৰহস্য ভালদৰে বুজি পোৱাই মস্কিল।
(আগলৈ)

তথ্যসূত্ৰ সমূহ:-
(১) http://en.wikipedia.org/wiki/Diatomaceous_earth
(২) http://en.wikipedia.org/wiki/Diatom

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!