ফচঙৰ বিয়া: মাধুৰীমা ঘৰফলীয়া

ভঁৰালটোৰ ভিতৰত একেটা ভংগীতে ৰৈ থকা বহু সময় হ’ল অথচ সি নিজকে সুৰক্ষিত কৰিহে ইফাল-সিফাল কৰি ফুৰিছে । কিবা খোৱা বস্তু দেখিলেও বিশেষ গুৰুত্ব দিয়া নাই । আনফালে তাক লক্ষ্য কৰি পৰ দিয়া ফচঙৰ কঁকাল বিষত জঠৰ হৈ গৈছে । লগতে টোপনিও ধৰিছে । নাই নিগনিটোৱে নিজকে ধৰা নিদিয়া হ’ল । এহ এদিন নিৰামিষহাৰী হ’লে একো নহয় বুলি নিজকে সান্তনা দি ফচঙ উঠি আহিবলৈ লওতেই নিগনিটোৱে ধান এটা নিবলৈ বুলি ফচঙৰ মুখৰ আগত থিয় হ’লহি ।ফচঙে জিভাৰ পানীখিনি কোনোমতে নিয়ন্ত্ৰণত ৰাখি জাঁপ এটা মাৰিবলৈ লৈছিলেই তেনেতে…
টাঁট টাঁট টাঁট…
ফচং চক খাই উঠিল । এইফালে কাষতে লৰচৰ শুনি নিগিনি পলাই পতং । খঙে দুখে কোনেনো চিঞৰি মাৰিলে বুলি ফচঙ ভঁৰালৰ পৰা ওলাই আহিল । ইফালে মাতৰ গৰাকীয়ে তেতিয়াও কনিষ্ঠসকলৰ আগত টেঁটুফালি আছিল ।
-টাঁট টাঁট টাঁট মই তহঁতক কিমান বুজাম হয়নে খোৱা বোৱা জোখতকৈ বেছি নকৰিবি । কেতিয়াবা বেছি খালে বেছিকৈ সাতোৰিবিও । গাত তেল জমা হ’বলৈ নিদিবি । তেল জমা হ’লে কণী পাৰিব নোৱাৰা হবিয়েই লগতে তেলাল বুলি কোনদিনা গৃহস্থৰ পেটত সোমাবিগৈ ঠিক নাই । টাঁট টাঁট টাঁট….
বক্তৃতা দি থকা বগীবুঢ়ীক দেখি ফচঙৰ নোমবোৰ ডাং খাই উঠিল ।বুঢ়ী তোক আজি ময়ে সিপুৰী পোৱামগৈ বুলি সি চোঁচা ল’লে । ভাগ্যই পখৰা সমুখত ৰৈ দিলেহি । নহ’লে বগীবুঢ়ী নমৰিলেও ডিঙিত যে কচকা লাগিলহেঁতেন সেইয়া খাটাং । ফচঙৰ ৰূপ দেখি  বাকী হাঁহবোৰ লগা-লগ পলাল । মাত্ৰ বুঢ়ীহে কঁপি কঁপি ৰৈ থাকিল ।
-ফচং নাপায় নহয় এনেকৈ ইমান দিন বগীআইতাক খঙ কৰি থাকিব নাপায় । আইতাইচোন তোৰ ওচৰত ক্ষমা বিচাৰিলেই । তাৰপাছতো …
-নাই নাই পখৰা এই বুঢীক মই ক্ষমা কৰিব নোৱাৰোঁ । তাইৰ বাবেই মোৰ বনভোজ পণ্ড হ’ল ,মোৰ কাণ এখন কাট খালে আৰু আজি হাতলৈ অহা নিগনিটো তাইৰ মাতত পলাই গ’ল । মই আজি এইকে খাম ।
পখৰাই কোনোমতে টনা-আজোৰা কৰিহে ফচঙক তাৰ পৰা আঁতৰাই নিব পাৰিলে । কিন্তু ফচঙৰ ৰঙা চকুকেইটাই বগীবুঢ়ীক ভিতৰলৈকে কঁপাই তুলিলে । এই কথাই নহয় বুঢ়ীয়ে গোপনে বিয়নী মেল এখন আহ্বান কৰিলে । মেল বহিল । ঘৰখনৰ বয়সীয়াল গৰাকীয়ে সদায় এনেকৈ ভয়ত থাকিব লগাটো কোনেও ভাল নাপালে । চাটৰিয়ে চকু পানী অকণো উলিয়ালে । প্ৰথমতে সিদ্ধান্ত হৈছিল ফচঙক কিবা বুধি কৰি ঘৰৰ পৰা উলিয়াই দিয়া হওক । কিন্তু পাছমুহূৰ্ততে সেইয়া নাকচ কৰা হ’ল কাৰণ ফচং যিহে অসুৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ খঙত আৰু কিবা বেছিহে অঘটন ঘটাবলৈ আছে । শেষত জেতুকীয়েই বুধি দিলে
ফচঙৰ বিয়া পাতি দিয়া যাওক । আৰু এই বিয়াত বগীআইতাই আগ ভাগ লওক ।
সকলোৱে কিৰিলিয়াই উঠিল ।
কেইবাদিনো বিচাৰ-খোচাৰ কৰা পাছত বগীবুঢ়ীয়ে জাঁই এজনীৰ খবৰ আনিলে । এতিয়া পিছে ফচঙৰ কাণত কথাটো কেনেকৈ পেলোৱা যায় ! সকলোৱে পখৰাক অনুৰোধ কৰিলে ।ঘৰৰ শান্তিৰ কথাটো মনত পেলাই দিয়া সি মান্তি হ’ল । আৰু ফচঙক কথাটো কলেগৈ । সকলোৱে ভয় খাই আছিল কি’জান ফচঙে আকৌ উগ্ৰমূৰ্তি ধৰে । কিন্তু ফচঙে চকু দুটা ডাঙৰ ডাঙৰ কৰি বহু সময় সকলোলৈকে চাই থাকিল । তাৰপাছত কোনোমতে মাত উলিয়াই সুধিলে-সঁচাই তহঁতি মোৰ বিয়াৰ কথা ভাবিছ ?
-ও ফচং । তোৰ বিয়াৰ কথা আমি নাভাবিলে কোনে ভাবিব । জাঁইজনীয়ে সন্মতি দিছে মাত্ৰ তোৰ সন্মতি বাকী ।
মিয়াউউউউউউউউউউউউউউউউউ
ফচঙে আনন্দত মৰা চিঞৰটোৰ লগে লগে ঘৰখনত বিয়াৰ যা যোগাৰ আৰম্ভ হৈ গ’ল । এৰাবাৰীৰ থকা শগুনটোৱে দিন বাৰ গণনা কৰি দিলে । বৰুৱা চুকৰ পাৰকেইজনীয়ে বিয়ানাম গোৱাৰ দায়িত্ব ল’লে । খোৱা বস্তু অলপ বিনিময়ত এৰাবাৰী ফেঁচাটোৱে উৰুলি আৰু বাকী মাংগলিক কামবোৰৰ ভাৰ ল’লে । মুঠতে যিয়ে যেনেকৈ পাৰে দায়িত্ববোৰ ভগাই ল’লে । ফচঙে নিজে একো কৰিব লগা হোৱাই নাই । সি মাত্ৰ কিবা দৰকাৰী কাম মনত পৰিলে বগী বুঢ়ীক সোঁৱৰাই দিয়ে । অ’ ক’বলৈ পাহৰিছোঁ বগীবুঢ়ী আৰু ফচঙৰ সম্বন্ধটো আজিকালি মাক পুতেকৰ নিচিনা ।
বিয়াৰ দিন কাষ চাপি আহিল । ফচঙৰ মন উগুল-থুগুল । তেনেকুৱা সময়তে আক এদিন টেক্সিক লগ পালে ।
-ফচং তই বোলে বিয়া পাতিবলৈ ওলাইছ ?
-ও বান্ধৈ । আহিবি দেই ।
ফচঙে পুৰণি সকলো ক্ষোভ পাহৰি টেক্সিক মাতিলে ।
-পিছে জাঁইজনীৰ খবৰ ভালকৈ ল’লি নে ?
-এহ ল’লো । বৰ বিনয়ী অ’ ।
-ভাল বাৰু তেন্তে । শুভকামনা থাকিল ।
শুভ ক্ষণত ফচঙৰ বিয়া হৈ গ’ল । কইনা আহি ঘৰত সোমাল । ফচঙে প্ৰায়েই আৰ-তাৰ মেকুৰী আনি চপাই লোৱা স্বভাৱটো দেখি দেখি গহস্থইও কইনাক দেখি বিশেষ আপত্তি নকৰিলে । মুঠতে ফচং সুখী । জাঁইজনীক ওচৰ-চুবুৰীয়া হিচাপে পাই ঘৰৰ বাকী সদস্যসকলো সুখী ।
-দেখিলি মই কোৱা নাছিলোঁ নে বিয়া পাতি দিলে ফচং ঠিক হৈ যাব বুলি । চা হৈ গ’ল ।
জেতুকীৰ গৌৰৱ মিহলি কথাষাৰ সকলোৱে একমুখে হয় হয় বুলি স্বীকাৰ কৰিলে । কিন্তু সেই হয় হয় শব্দকেইটাৰ ধ্বনি শেষ হ’বলৈ নাপাওতেই লেঠা লাগিলেই । পিছে এইবাৰ আৰম্ভণি ফচঙে কৰা নাছিল কৰিছিল জাঁইজনীয়েহে ।
মাছৰ কাঁইটৰে ভাতকেইটামান দকচি খাই ফচঙে আৰামত চকুকেইটা মুদিছিলহে তেনেতে জাঁইজনীয়ে মাত লগালেহি –বহুদিন মাংস খোৱা নাই । যোৱাচোন নিগনি এটা ধৰি আনাগৈ ।
-হেহ মাংস নহ’লেও মাছ খাইছোৱেইচোন । কালিলৈ ধৰিম ৰবা ।অকনমান শুই লওঁ…
ফচঙৰ কথা শেষ হ’বলৈ নাপালেই কাণতলীয়া চৰ এটাই তাক চকুৰ সমুখত সৰিয়হৰ তলি দেখুৱাই দিলে ।
-এলেহুৱা বোন্দা যোৱা এটা মাহ তই এই একেটা কথাকে কৈ লাজ পোৱা নাই নে ?  ভালে ভালে উঠিলি নে ?
হঠাতে চৰ খাই ফচঙে নিজৰ পিঠিটো দাঙি বীৰত্ব দেখুৱাব খুজিছিলহে জাঁইজনীয়ে তাতোকৈ ওখকৈ নিজৰ পিঠিটো দাঙি দিয়াত সি নেজ পেলাই মিহি মাত এষাৰ উলিয়াই ক’লে-তোমাৰ যদি ইমানেই মাংস খাবলৈ মন গৈছে নিজে ধৰিবলৈ গলেই হ’ল দেখোন । মোকনো কিয় মাৰিব লাগে ?
-তই থাকোঁতে মই নিগনি ধৰিম ? ভালে ভালে গৈছনে  ?
এইবাৰ ফচং সুৰসুৰকৈ গৈ ভঁৰালত সোমালগৈ । ভঁৰালৰ ভিতৰত টেক্সীক দেখি সি থতমত খাই ৰৈ গ’ল । ইতিমধ্যে সিহঁতৰ কাজিয়া শুনি শুনি নিগনিলৈ বুলি তাতে জোপ লৈ থকা টেক্সীয়ে মাত লগালে-বান্ধৈ মই তেতিয়াই সোধা নাছিলোঁ নে জাঁইজনীৰ বিষয়ে ভালকৈ খবৰ লৈছ নে বুলি তইতো মোৰ কথা গুৰুত্ব নিদিলি ।
-মইতো ভাল বুলিয়ে শুনিছিলোঁ..
-আৰে ভাল বুলি শুনি ময়ো তাইক বিয়া পাতিছিলোঁ । কিন্তু এমাহতে তাইৰ ডাইনী স্বভাৱটো ওলাই পৰিছিল । তাইৰ আদেশ পালন কৰি কৰি মই মৰিছিলোঁৱেই ভাগ্যই মই বোন্দা সমাজৰ কামৰ বাবে বিদেশলৈ বুলি যোৱাৰ সময়ত তোৰ লগত তাইৰ বিয়া ঠিক হৈ গ’ল । এতিয়া তাইৰ বাবে নতুন অজলা দৰা এটা নিবিচৰালৈকে তোৰ শান্তি নাই ।
-কি !!!!
জাঁইজনীৰ অতীতৰ কথা শুনি ফচঙৰ নোম থিয় হৈ গ’ল । বগীবুঢ়ীহতে তাক বিশ্বাসঘাতকতা কৰিলে ? ইহঁতক আজি সি সহজে নেৰে ।
খৰধৰকৈ ফচং ভঁৰালৰ পৰা ওলাই আহিল । ইফালে সিফালে চাই দেখিলে বগীবুঢীয়ে গঁৰালৰ আঁৰত কাৰোবাৰ সৈতে কথা পাতি আছে । ফচঙে ভালকৈ মন কৰিলে সেইজনী তাৰ জাঁইজনী !
-….আই তাক তোমাকে গতালোঁ আৰু..
-আপোনালোকে একদম চিন্তা নকৰিব আইতা । মোৰ দৰে ইমান ডাঙৰ সমস্যা এটা গলত বান্ধি লোৱাৰ পাছত ফচঙৰ আনৰ ভাল বেয়া চাবলৈ সময়ে নোহোৱা হ’ব ।
দুয়োজনীৰ হাঁহিয়ে গঁৰালৰ জৰাজীৰ্ণ বেৰাখনৰ লগতে অদূৰত ৰৈ থকা ফচঙৰ কলিজাখনো কঁপাই তুলিলে । খঙবোৰ তাতে এৰি সি এখোজ দুখোজকে গৈ ভঁৰালৰ মুধচত বহিলগৈ ।
তাৰ লগতে বাৰু কিয় এনে হয় বনদেৱতা ? সকলো দুখ অশান্তি কিয় তাৰ কাষলৈকে চাপি-কুঁচি আহে কিয় ? কিয় ?
মিউৱাওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!