ফলাফল (মনজিত)

স্নেপশ্বট—১

সান্ত্বনা

বাদ বিসম্বাদক বাণিজ্যিক বিৰতি দি অৱশেষত কালন্তই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট ৰৌজাল বৌজালকৈ ঘোষণা কৰিলে। টি আৰ পিক ডিঙিলৈকে পিবলৈ আগৰে পৰা ঠেং দাঙি থকা পিপ্‌লি লাইভ বাহিনীয়ে তাৎক্ষণিক প্রতিক্রিয়াৰ সন্ধানত তৎপৰ হৈ পৰিল। স্থান পোৱা সকলৰ কাৰোবাক ঘৰত কাৰোবাক ইচকুলত বেৰি ধৰিলে। পৰিবেশটো এনে কৰি পেলালে যেন অনলি মাথো অনলি তেওঁলোকহে স্কুলৰ গৌৰৱ, স্কুলৰ সমুখৰ ৰাস্তাটোৰ গৌৰৱ, গাঁওৰ গৌৰৱ, গাঁৱৰ কাষৰ গাঁও বোৰৰ গৌৰৱ, অঞ্চলৰ গৌৰৱ, অঞ্চলৰ কাষৰ অঞ্চলবোৰৰ গৌৰৱ, বিধান সভা সমষ্টিৰ গৌৰৱ, বিধায়কৰ গৌৰৱ, মহকুমাৰ গৌৰৱ, মহকুমাধিপতিৰ গৌৰৱ,জিলাৰ গৌৰৱ, উপায়ুক্তৰ গৌৰৱ, লোক সভা সমষ্টিৰ গৌৰৱ, ৰাজ্যৰ গৌৰৱ, স্বৰ্গদেউৰ গৌৰৱ, দেশৰ গৌৰৱ, মোডীৰ গৌৰৱ, পৃথিৱীৰ গৌৰৱ, পৃথিৱীৰ কক্ষপথৰ গৌৰৱ, মংগল গ্রহৰ গৌৰৱ, বিশ্ব ব্রহ্মাণ্ডৰ গৌৰৱ ইত্যাদি ইত্যাদি। সকলোৱে মিলি আটাইকেইজনকে গৌৰৱ গগৈ কৰি পেলালে।

পিছে এই মেছেজটো মিডিয়া বা স্থান পোৱা সকললৈ নহয় । এই মেছেজ মাথো অলপ নম্বৰৰ বাবে একো স্থান নোপোৱা সকললৈহে।

তোমালোকে টি ভিত দিনৰ দিনটো এই এদিনীয়া চেলিব্রেটী কেইজন দেখি মন বেয়া লাগিলেও মনটো পেলাই নিদিবা। লগতে তেওঁলোকৰ অভিভাৱক সকলকো কওঁ, তেওঁলোকে যিমান পাইছে সেইয়াও আন বহুততকৈ বহুত বেছি। সেয়ে দুখ কৰা বা খং কৰাতকৈ তেওঁলোকক আৰু উৎসাহহে দিয়ক যে ..

” যি হ’ল হ’ল অহা বাৰ ইয়াতকৈ ভাল হ’ব। আৰে এইটো নো কি ডাঙৰ কথা, দুবাৰকৈ ইলেকচন জিকা বিজয়া আইতাই আৰু চাৰিবাৰকৈ এম পি জিকা আমাৰ ৰাজেন কাইদেৱেও দেখোন মোডীৰ মন্ত্রী সভাত স্থান নাপালে। তেওঁলোকেতো মন পেলাই দিয়া নাই। আনফালে স্থান পায়ো স্মৃতি ইৰাণীৰ গোটেই দেশত উপলুঙা। তাৰ তুলনাত এইবোৰতো তেনেই মামুলি কথা। সেয়ে ভালকৈ পঢ়, ভাল মানুহ হ।”

“অলৱেইজ বি পজিটিভ

তেহে যি বিছাৰা তাকেই ইউ কেন এচিভ”

 

স্নেপশ্বট—২

পৰিকল্পনা

চাওঁতে চাওঁতে ভাল কলেজ এখনত ছিট পোৱাটো চিটি বাছত ছিট পোৱাতকৈও টান হৈ গ’ল। আজি কালি দেখোন সকলোৱেই ৯০+ % পায়।

সেয়ে ৰাইজৰ কথা ভাবি সমাজৰ উন্নতিৰ হকে কিবা এটা কৰাৰ মানসেৰে মাটি একঠা লিজত লৈ জাতীয় বিদ্যালয় টাইপ জাতীয় কলেজ এখনকে খোলো বুলি ভাবিছোঁ।

**মেক্সিমাম কোৱালিফিকেচন::

HSLCত থার্ড ডিভিজন। কিন্তু বাপেক হ’ব লাগিব দগৰা মালদাৰ পার্টী।

**খৰচ ::

মেডিকেলত ছিট পোৱালৈকে ONLY, মাথোঁ ৩০ লাখ টকা।

**কলেজৰ এড্রেছ::

মোডী ইফেক্টত শেহতীয়াকৈ খালী হোৱা কাজিৰঙাৰ সেই কেঁচা মাটিৰ গোন্ধ থকা এখন দুৱাৰৰ কটেজ কেইটা।

**এদিচনেল ফির্চাচ:

ৰাষ্ট্রীয় উদ্যানৰ নৈসর্গিক পৰিবেশৰ লগতে গঁড়ৰ খর্গ, পহু, হাতীৰ দাঁত, মাছ আদিৰে এন্টাৰপ্রেনিউৰশ্বিপৰ সুবিধা তথা ব্যৱহাৰিক জ্ঞান দান।

**ৱাৰেন্টি ::

ডাক্তৰ বনাব নোৱাৰিলেও শ্বিলং টিলং ক’ৰবাৰ পৰা ডক্টৰেট ডিগ্রীটো লৈ দিয়াৰ দায়িত্ব আমাৰ। তাকে নহ’লে নেক্সট ইলেকচন খেলিবলে নির্দলীয় হ’লেও টিকেট এটা পাবই পাব। সেইয়াও নহ’লে। নেটৱর্ক কাউন্টাৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ টিকেট সম্পূর্ণ বিনামূল্যে।

এক ব্রীফকেছ ধন্যবাদেৰে

সদৌ অসম তৃতীয় মর্চা জাতীয় বিদ্যালয় কলেজ

 

স্নেপশ্বট-৩

আশা

যি দিনাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাকি বা লেমৰ পোহৰত পঢ়ি বহু কষ্টৰে ষ্টেণ্ড বা ভাল ৰিজাল্ট কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ‘০’ (শূন্য) হৈ যাব। অসমৰ উন্নতিৰ সেইয়াই হ’ব উপযুক্ত প্ৰমাণ। লগতে সেইবাৰৰ পৰা বেটাৰী নোহোৱা লেপটপ দি চৰকাৰে ৰাজকোষৰ পইচাও বচাব পাৰিব। সেই পইচাৰে মধ্যাহ্ন ভোজনত খিচিৰিৰ জাগাত পোলাও খুৱাব পাৰিব।

 

স্নেপশ্বট-৪

কৃতজ্ঞতা

ৰিজাল্টৰ আগৰ দিনকেইটাত নিজ নিজ ঘৰৰ গৰু গাই বোৰ বেছ নিয়াৰিকৈ এৰালত ৰখাৰ বাবে প্ৰতিজন সচেতন নাগৰিকলৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা।

. . . বিনয়াবনত কে কে(কালন্ত কৃষ্ণ) এণ্ড কোম্পেনী

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!