ফাগুন (সত্যব্ৰত দত্ত)

তুমি ফাগুনৰ বতৰা পঠিয়ালেই

মই সাজু হ’ম লিগাঙত আপং পিবলৈ

পঃৰাগত নাচিম ঐনিতমৰ সুৰে সুৰে

ৰিৱি গাচেঙত লুকাব উমাল দুবৰি

শিমলু ফুলৰ ৰঙা চাপৰিত পাতিম

আমি প্ৰেমৰ পঢ়াশালি

সোৱণশিৰিৰ বুকুৰ পৰা বুটলিম

সোণসেৰীয়া প্ৰেমৰ মালিতা

তুমি ফাগুনৰ বতৰা পঠিয়ালেই…..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!