ফিজিকেল ৰেগিং (দেৱব্ৰত গগৈ)

ফিজিকেল ৰেগিং

–      দেৱব্ৰত গগৈ

ল’ৰাটোক ঘৰতে শিকাই পঠাইছিল হোষ্টেলত ৰেগিং কৰিলে বাধা নিদিবলৈ, কেৱল ‘ফিজিকেল ৰেগিং’ কৰিলে প্ৰতিবাদ কৰিবলৈ ক’লে । যথাসময়ত ল’ৰাজন ক’লেজৰ ছাত্ৰাৱাসত উপস্থিত হ’ল আৰু প্ৰত্যাশিতভাৱেই ৰেগিঙৰ সম্মুখীন হ’ল । বেচেৰা সহজ-সৰল ল’ৰাটোৱে হোষ্টেলৰ মহিমা বুজি নাপাই সকলোৰে সম্মুখত ঘোষণা কৰিলে যে তাক ৰেগিং কৰিব পাৰে কিন্তু কোনেও যেন তাক ফিজিকেল ৰেগিং নকৰে । তাৰ ঘোষণা শুনি জ্যেষ্ঠসকল আচৰিত হ’ল । এনেতে ৰেগিং মাষ্টাৰ এজনে ল’ৰাটোৰ গালত চৰ এটা শোধালে । ল’ৰাটোৱে চৰ খোৱা গালখন মোহাৰি মোহৰি ক’লে – “মোক চৰিয়ালে একো নহয়, কিন্ত মোক ফিজিকেল ৰেগিং নকৰিব ।” তাৰ কথাত জ্যেষ্ঠসকলেতো বাদেই ৰেগিঙৰ ভয়ত মুখ শুকাই থকা নৱাগতসকলো হাঁহিত ফাটি পৰিল । পাছলৈ ল’ৰাটোৰ উপনাম ‘ফিজিকেল’ হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!