ফুঁৱাই-ফুকাই ৰজা বনাম (চায়েদুজ জামান)

cartoon by Nituparna Rajbongshi.
 

মোদী ঢৌত লুইতপৰীয়াই নাচি বাগি আনন্দ কৰিবলৈ লওঁতেই কেনাটো লাগিল ৷হঠাৎ লহৰ সৃষ্টিকাৰী ছুনামিৰ এপিচেন্টাৰত কম্পনাঙ্কৰ পৰিৱৰ্তন ঘটিল ৷ লুইতপৰীয়াৰ নচিবেই বেয়া ৷নহ’বনো কিয়? পৰিৱৰ্তনো একেবাৰে ১৮০ ডিগ্ৰী ৷ গেৰুৱা লাইফ জেকেট পিন্ধি নতুন উদ্যমেৰে মোদী ঢৌত স্ফুৰ্তি লবলৈ আৰম্ভ হৈছিলহে ! কম্পনাংকৰ পৰিৱৰ্তন হোৱাৰ লগেলগে ওলালেই নহয় জেকেটত এটা ফুটা – ফুউউউচ !

 

লাগিল হুৱা-দুৱা ৷ঢৌত মতলীয়া হৈ থকা মানুহবোৰ লুইতত হাবু-ডুবু খাবলৈ ধৰিল ৷ এঢোক দুঢোক কৈ পানী খাই খাই গেৰুকামুখৰ পৰা ভাঁহি গৈ মানকাচৰৰ ইণ্ডো -বাংলা সীমান্তত পাৰত লাগিল ৷ হৃদপিণ্ড চলি আছিল যদিও পানীত ডুবোঁ ডুবোঁ হোৱাৰ কাৰণে মগজু সাময়িক ভাবে বিকল হ’ল৷ মানে মোটামুটি ক’মাত ৷

মুল নায়ক জাতীয় মানুহজনৰো সেই মুহুৰ্তত মুৰটো আচন্দ্ৰাই কৰিলেও খুব কম সময়ৰ ভিতৰতেই নিজকে চম্ভলাৰ চেষ্টা কৰিলে ৷নিজকে চম্ভালি ক’মাত পৰি থকা সীমান্তৰ ৰাইজক উদ্দ্যেশি অগ্ৰং-বগ্ৰং ক’লে যদিও পুনৰাই প্ৰাণ সঞ্চাৰ কৰিব পৰা সঞ্জীৱনী মন্ত্ৰ ফাঁকি এতিয়ালৈকে আওঁৰাব পৰা নাই ৷

অৱশ্যে বেলেগেও ভাগে ভাগে চেষ্টা কৰিছে ৰাইজখিনিৰ সম্বিত ঘুৰাই আনিবলৈ ৷ নায়ক জাতীয় লোকজনৰ প্ৰায় সম উজ্জল আচাৰ্য এজনেও ৰাইজখিনিৰ কিবা কৰিব পৰা যায় নেকি বুলি দহ বছৰ পাছত হ’লেও শুভলগ্ন চাই কিবা প্ৰকাণ্ড সভা এখন পাতিবলৈ সিদ্ধান্ত লৈছে ৷

ইফালে লগৰ খেতিয়ক এজনক উচটাই হত্যা কৰা বুলি চক্ৰান্ত কৰি ৰজাই কাৰাগাৰত নিক্ষেপ কৰা মুধাফুটা খেতিয়কজনেও কাৰামুক্তিৰ পাছত নিজৰ ফালৰ কিছু গুণাত্মক চিন্তা কৰিছে ৷ নিজে ছুনামিৰ ঢৌৰ মজা নল’লেও কাৰাদণ্ড দিয়া ৰজাক সেই সময়ত মজা এপালি দিওঁ বুলি লহৰত উটি যাবলৈ ৰাইজক তেঁৱেই কৈছিল ৷ কিন্তু আজি একে মানুহখিনিক ক’মাত থকা দেখি তেওঁ ব্যথিত ৷ “ইনাফ ইজ ইনাফ” বুলি ৰাইজখিনিক জাগ্ৰত কৰিবলৈ তেখেতে স্বয়ং কিবা মন্ত্ৰ আৱিস্কাৰ কৰাত লাগিছে ৷

ইফালে “আই ড’ন্ট কেয়াৰ” বুলি দম্ভালি মাৰি থকা ৰজাৰো দম কমি আহিছে ৷ শক্তিৰ উপাসনাত যমুনাপাৰত দেবীৰ অপেক্ষা কৰি থাকোঁতে তেখেতে ক’মাত থকা লুইতপৰীয়াৰ হকে বিশেষ কিবা এটা কৰিবলৈ সময়েই পোৱা নাই ৷

ডাঙৰ ডাঙৰ কেইজনৰেই এনে অবস্থা দেখি পানী জাৰি মানুহক হুঁচত অনা জৰা-ফুকা কৰা মৌলানা কবিৰাজজনে বৰ ৰং পাইছে ৷ কয় বোলে – “এই চাঞ্চত ফুঁৱাই-ফুকাই ৰজা বনাম ৷”

২০১৬ লৈকে কোনে কিমানজনক বা হুঁচত আনিব পাৰে??????

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!