ফুটবলত স্কাউট —দিগন্ত চহৰীয়া

 

ফুটবললৈ বহু পৰিবৰ্তন আহিল। জোহান ক্ৰয়েফৰ টোটেল ফুটবল এতিয়া অপাংক্তেয়। স্পেইনৰ ‘টিকিটাকা’ অতীত হোৱাৰ পথত। ‘জগ’ বনিটো’ৰ মৃত্যু ঘটিছে ইতিমধ্যে। কিন্তু ফুটবলৰ মৃত্যু নহয় কাহানিও। ফুটবল অমৰ। আধুনিকতাৰ পৰশত আৰু অধিক মনোমোহা হৈহে পৰিছে জনতাৰ খেল। প্ৰকৃততে পৰম্পৰাগত শৈলীৰ পৰা ফালৰি কাটি আধুনিক ফুটবল পূৰ্বৰ তুলনাত আৰু অধিক মজাদাৰ আৰু শিহৰণকাৰী হৈ উঠিছে। এইবাৰ ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপেই ইয়াৰ অনুপম উদাহৰণ।
১৯৯০ চনৰ পাছত এইবাৰেই বিশ্বকাপৰ প্ৰতিখন মেচেই ৰোমাঞ্চকৰ আছিল। সচৰাচৰ শক্তিশালী আৰু খিতাপৰ দাবীদাৰ ৰূপে চিহ্নিত দলক জোলোকাজোলোকে পানী খুৱাইছে আণ্ডাৰডগ হিচাপে বিশ্বকাপলৈ অহা দলে। বিশ্বকাপৰ হট ফেভাৰিট বুলি ক’লে সাধাৰণতে দুই লেটিন আমেৰিকান শক্তি ব্ৰাজিল, আজেণ্টিনাৰ লগতে ইউৰোপিয়ান ছুপাৰ হাউছ জাৰ্মানীৰ নামেই লোৱা হয়। শেহতীয়া তিনিখন বিশ্বকাপত এইকেইটা দলৰ উপৰিও স্পেইন, ইটালী, উৰুগুৱেৰ নাম লোৱা হৈছিল। পিছে ডিফেণ্ডিং চেম্পিয়ন হিচাপে ৰাছিয়ালৈ অহা জাৰ্মানীয়ে প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লবলগীয়া হৈছিল। একে দশা লিঅ’নেল মেছীৰ আৰ্জেণ্টিনাৰো। দলটোৱে কথমপি প্ৰথম ৰাউণ্ডৰ হেঙাৰ অতিক্ৰম কৰিছিল। কিন্তু প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফৰাচী বাহিনীয়ে আৰ্জেণ্টিনাক বেয়াকৈ এম্বুশ্ব কৰে। অঘটনৰ বিশ্বকাপ ৰূপে পৰিগণিত ব্ৰাজিলেও বেলজিয়ামৰ হাতত পৰাজিত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিশ্বকাপৰ অভিযান সামৰিবলৈ বাধ্য হৈছিল।
২০১৪-২০১৮, চাৰি বছৰৰ ভিতৰত বিশ্ব ফুটবলত যে নতুন শক্তিৰ অভ্যুত্থান ঘটিব কোনোবাই ভাবিছিল নে? অইনে নাভাবিলেও লাটকো ডেলিচে ভাবিছিল। ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত পৰাজিত হৈ ক্ৰয়েছিয়াই ৰাণাৰ্চ আপত ক্ষান্ত থাকিব পাৰে, কিন্তু বিশ্ব ফুটবলত চমকপ্ৰদ উত্থান ঘটিছে দলটোৰ। ইয়াৰ আঁৰত আছে ডেলিচৰ অৰিহণা। ২০১৭ চনৰ অক্টোবৰত ক্ৰয়েছিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব লৈছিল ডেলিচে। আৰু কম দিনৰ ভিতৰতে ক্ৰয়েছিয়াক সংগঠিত ৰূপত গঢ়ি তুলিছিল। আক্ৰমণ, ৰক্ষণৰ সু সমন্বয়েই ক্ৰয়েছিয়াৰ শেহতীয়া সাফল্যৰ কাৰণ। এইক্ষেত্ৰত ডেলিচৰ সুচতুৰ ৰণকৌশলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ফুটবল দলীয় সংঘবদ্ধতাৰ খেল। কেতিয়াবা এজন খেলুৱৈৰ অবিশ্বাস্য প্ৰদৰ্শনে দলক বিজয়ী কৰালেও সতীৰ্থৰ সহযোগ লাগিবই। সতীৰ্থৰ সহযোগ অবিহনে অকলে এজন খেলুৱৈয়ে দলক জয়ী কৰাব নোৱাৰে। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ডেলিচে। সেয়ে প্ৰতিগৰাকী খেলুৱৈকে দলীয় সংঘবদ্ধতাৰে খেলিবলৈ উদ্বুদ্ধ কৰি তুলিছিল তেওঁ। ফুটবলত সময়ৰ সদ্ব্যৱহাৰ মূল কথা। জোহান ক্ৰয়েফে কৈছিল, ‘সঠিক সময়ত সঠিক স্থানত থাকিব পৰাটোৱেই হৈছে ফুটবল মেচত জয়ৰ মূলমন্ত্ৰ। এক ছেকেণ্ড আগতেও নহয়, এক ছেকেণ্ড পিছতো নহয়।’ ৰাছিয়া বিশ্বকাপত ডেলিচে ডাচ্চ কিম্বদন্তি জোহান ক্ৰয়েফৰ এই জয়ৰ মন্ত্ৰই কামত লগাইছে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে গ্ৰোপৰ মেচখনত সময় আৰু স্থানৰ সঠিক ব্যৱহাৰ কৰিয়ে তিনিটাকৈ গ’ল দিছিল ক্ৰ’য়েছিয়াই।
১৯৯৮ চনত চেম্পিয়নৰ সন্মান অৰ্জন কৰা ফ্ৰান্স ইউৰোপৰ অন্যতম শক্তি। পিছে এইবাৰ ফ্ৰান্সক ফেভাৰিটৰ শাৰীত ৰখা হোৱা নাছিল। আগৰ দুখন বিশ্বকাপত ফ্ৰান্সৰ প্ৰদৰ্শন দেখাৰ পাছত ফেভাৰিট হিচাপে নভবাতোৱেই স্বাভাৱিক। কিন্তু তৰুণ শক্তিৰ ফৰাচী বাহিনীয়ে দুৰ্দান্ত খেল প্ৰদৰ্শনেৰে দ্বিতীয়বাৰলৈ দখল কৰিলে বিশ্বকাপ। এতিয়া তাৰুণ্যৰ চিকমিকনিয়ে পোহৰাই তুলিছে ফৰাচী ফুটবল। ফ্ৰান্স সাংস্কৃতিক আৰু বৌদ্ধিক দিশত সমৃদ্ধিশালী দেশ। ক্ৰীড়া সংস্কৃতিও চহকী। মিছেল প্লাটিনী, জিনেদাইন জিদানৰ দৰে কিম্বদন্তি ফুটবলাৰৰে সমৃদ্ধ ফৰাচী ফুটবলো ইউৰোপৰ অন্যতম শক্তি। মাজতে ফৰাচী ফুটবল স্থবিৰ হৈ পৰিলেও নতুনৰ সমাহাৰ আৰু ডিডিয়েৰ ডছেঁৰ তত্বাৱধানত পুনৰ গতিশীল হৈ পৰিছে ফ্ৰান্স। আবিৰ্ভাব হৈছে কিলিয়ান এমবাপে, পল পগবাৰ দৰে নতুন মহাতাৰকাৰ।
ৰাছিয়া বিশ্বকাপে জন্ম দিলে নতুন মহাতাৰকা এমবাপেক। ১৯বছৰীয়া ষ্ট্ৰাইকাৰ এমবাপেই মুঠ চাৰিটা গ’ল দি প্ৰত্যাশিতভাবেই লাভ কৰিলে শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ পুৰস্কাৰ। বিশ্বকাপৰ নকআউট পৰ্যায়ৰ এখন মেচত দুটাকৈ গ’ল দিয়া দ্বিতীয় সৰ্বকনিষ্ঠ ফুটবলাৰ ৰূপে চিহ্নিত হৈছে এমবাপে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত দুটাকৈ গ’ল দি এমবাপেই এই কৃতিত্বৰ অধিকাৰী হৈছে। বিশ্বকাপৰ ফাইনেলত দ্বিতীয় সৰ্বকনিষ্ঠ হিচাপেও এমবাপেই এটা গ’ল দিছে। ইয়াৰ আগতে১৯৯৮ চনৰ বিশ্বকাপত পেলেই১৭ বছৰ বয়সত গল দিছিল।
উল্লেখযোগ্য যে ৰাছিয়া বিশ্বকাপে এমবাপেক মহাতাৰকাৰ শাৰীলৈ উন্নীত কৰালে। পিছে এমবাপেৰ আবিষ্কাৰকাৰী বেলেগ। ন বছৰ পূৰ্বে এমবাপেক ফুটবল একাডেমী এটাৰ স্কাউটে আবিষ্কাৰ কৰিছিল।
প্ৰশ্ন হয়, ফুটবলত স্কাউটৰ কাম কি? বিশ্ব ক্লাব ফুটবলৰ ভূ ৰখা সকলে স্কাউট কি জিনিছ ভালদৰে জানে। জুহুৰীৰ দৰে চকু স্কাউটৰ। ভবিষ্যতৰ ফুটবল হীৰা বিছৰাই স্কাউটৰ কাম। বিশ্বখ্যাত প্ৰতিটো ক্লাবৰে স্কাউট আছে। অধিকাংশ ক্লাবৰ স্কাউটক দেখা যায় পেৰিছৰ বস্তি অঞ্চলত। পৰিচয় পত্ৰ থাকিলেও সাধাৰণতে লুকাই চুৰকৈ মাণিকৰ সন্ধানত অভিযান চলায়। নহলে প্ৰতিদ্বন্দী অইন ক্লাবৰ স্কাউটে তেওঁৰ পিছ লৈ পৰিকল্পনা পানী কৰি দিব পাৰে। বস্তি অঞ্চলত খেলি থকা শিশুৰ ওপৰত শেন দৃষ্টি স্কাউটৰ। পেৰিছৰ বণ্ডি এলেকা অপৰাধীৰ ঘাটি। বণ্ডিত মাৰপিট নিত্য নৈমিত্তিক ঘটনা। দাগী অপৰাধী বণ্ডিৰ বস্তি এলেকাতে আত্মগোপন কৰে। এই ভয়ংকৰ এলেকাত শিশুৰ ভৰিত যদি বল নাথাকে, সেইজন শিশুৰ হাতত পৰবৰ্তী সময়ত মাৰণাস্ত্ৰ থকাটো প্ৰায় নিশ্চিত । এইটো এলেকাৰ পৰাই এজন স্কাউটে ন বছৰ পূৰ্বে এমবাপেক আবিষ্কাৰ কৰিছিল। ঠিক একেদৰে ৰয়ছি নামৰ আন এটা অপৰাধীৰ ঘাটিৰ পৰা স্কাউটে আবিস্কাৰ কৰিছিল পল পগবাক। ৰয়ছিৰ যিটো একাডেমীৰ স্কাউটে পল পগবাক আবিস্কাৰ কৰিছিল, তেওঁ লাভ কৰিছিল ভাৰতীয় মূল্যত কোটি কোটি টকা। স্কাউটে আবিষ্কাৰ কৰি অনা প্ৰতিভাক ভালদৰে ঘঁহি পিহি ভবিষ্যতৰ বাবে প্ৰস্তুত কৰা হয়। আৰু অইন ক্লাবক বিক্ৰী কৰি উপাৰ্জন কৰা হয় বৃহৎ পৰিমানৰ অৰ্থ। ফিফাৰ নিয়ম অনুসৰি খেলুৱৈ বিক্ৰী কৰা ধনৰ২৫ শতাংশ লাভ কৰে খেলুৱৈজনক বিচাৰি আনি ভবিষ্যতৰ বাবে গঢ় দিয়া ক্লাবটোৱে।
বিশ্ব ফুটবলত নতুন নতুন তাৰকাৰ জন্ম হোৱাৰ আঁৰত আছে স্কাউটৰ চিকাৰী চকু। তেওঁলোকে প্ৰতিভা চিনি পায়। স্কাউট আধুনিক ফুটবলৰ বৰ্ণিল চৰিত্ৰ। গুপ্তচৰৰ দৰে প্ৰতিভা বিচাৰি ঘুৰি ফুৰে স্কাউট। লিঅ’নেল মেছী আৰু ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোকো স্কাউটে আবিস্কাৰ কৰিছিল।
ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ সফলতাৰ আঁৰত স্কাউটৰ বিচক্ষণতাই বিশেষভাৱে কাৰক হিচাপে চিহ্নিত হৈছে। কিয়নো ফ্ৰান্সৰ দলটোত থকা অধিকাংশ ফুটবলাৰেই স্কাউটৰ আবিস্কাৰ। উল্লেখযোগ্য যে ৰাছিয়া বিশ্বকাপৰ ফ্ৰান্সৰ দলটোত খাটি ফৰাচী খেলুৱৈ আছিল মাথো দুজন। বাকী আটাইকেইজনেই আফ্ৰিকান মূলৰ। শৰণাৰ্থী হিচাপে আফ্ৰিকা আৰু অইন দেশৰ পৰা অহা লোকৰ সংখ্যা ফ্ৰান্সত সৰহ। এইসকল উদ্বাস্তু লোকৰ প্ৰধান বসতি বস্তি এলেকা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ফ্ৰান্সলৈ শৰণাৰ্থী হিচাপে বহু লোক আহিছিল। এইসকলৰো অধিকাংশ বস্তি অঞ্চলৰ বাসিন্দা। ১৯৯৮ চনত বিশ্বকাপ জয় কৰা ফ্ৰান্স দলটোৰ সৰহ সংখ্যক খেলুৱৈ আছিল আৰব আৰু আফ্ৰিকা মূলৰ। ১২ জন আছিল ‘শৰণাৰ্থী’ খেলুৱৈ। ফ্ৰান্সৰ জয়ৰ মূল হোতা জিনেদাইন জিদান হ’ল আলজিৰিয়া মূলৰ। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ৰাছিয়া বিশ্বকাপত ফ্ৰান্সৰ দলটোত আছে দুজনহে খাটি ফৰাচী। এমবাপে আৰু পল পগবাও প্ৰকৃত ফৰাচী নহয়। এইসকল খেলুৱৈক স্কাউটে আবিষ্কাৰ নকৰিলে হয়তো ফ্ৰান্স ফুটবল ইউৰোপৰ শক্তি নহ’লহেতেন।
ফুটবললৈ অহা বহু পৰিবৰ্তনৰ সাক্ষী হয়তো কাটাৰ বিশ্বকাপো হ’ব।২০২২চনত কাটাৰত হবলগীয়া বিশ্বকাপতো জন্ম হ’ব নতুন তাৰকাৰ। ছন্দপতন ঘটিব পুৰণি তাৰকাৰ। অভ্যুথান ঘটিব নতুন শক্তিৰ। তৎপৰতা বাঢ়িব স্কাউটৰ।
————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!