ফেচবুকৰ গোট আৰু জাতীয় দায়িত্ব|

‘সাহিত্য ডট অৰ্গৰ সম্পাদকলৈ বুলি’ (মনোহৰ দত্ত)

বিষয় :

সম্পাদক মহোদয়,

নমস্কাৰ গ্ৰহণ কৰিব|
অসমত সম্প্ৰতি ইণ্টাৰনেটত বিশেষকৈ ফেচবুকত বিভিন্ন সামাজিক গোট গঢ়ি উঠিছে| সাহিত্য, সামাজিক সমস্যা, ঐতিহ্য, কাৰিকৰী আদি নানান বিষয়ত এইবোৰ গোটে নিজৰ নিজৰ ভূমিকা পালন কৰিছে| সকলোৰে একোটা সুকীয়া উদ্দেশ্য আৰু দৃষ্টিভঙ্গী আছে| গোটবোৰ বিকশিত হওক আৰু সিবোৰে সমাজলৈ অৰিহণা আগবঢ়াবলৈ সক্ষম হওক, তাকেই কামনা কৰো| এই চিঠিত ফেচবুকৰ গোট আৰু ইয়াৰ জাতীয় দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি কিছু কথা আপোনাৰ জৰিয়তে সকলোকে অৱগত কৰিব খুজিছো|
(১) মূলত: ফেচবুকৰ যিবোৰ গোট অসম আৰু অসমীয়া কেন্দ্ৰিক, সিবোৰকহে ইয়াত প্ৰথমে আলোচনালৈ আনিব খুজিছো| এইবোৰ গোটৰ ভিতৰত দেখা যায় কবিতাৰ গোট সমূহ বেছি সক্ৰিয়| তাৰ পিছতেই অন্যান্য গোট সমূহৰ স্থান বুলিব পাৰি| পিছে এই কবিতাৰ গোট সমূহত অসমীয়া আৰু ৰ’মান লিপিৰে লিখা সদস্য/সদস্যা দেখা যায়| তাৰ ভিতৰত ৰ’মান লিপিৰে লিখোতাৰ সংখ্যা বেছি বুলিব পাৰি| অৱশ্যে বহু সময়ত এই ৰ’মান লিপিৰে লিখা কবিতাৰ মাজত উন্নত মানৰ (গোটৰ মজিয়াত হ’লেও) কবিতা দেখা যায়| পিছে আমাৰ দৰে কিছু লোকৰ দৃষ্টিত সিবোৰৰ ৰস অনুভৱ কৰাটো কষ্টকৰ হৈ পৰে| কিয়নো ৰ’মান লিপিৰে লিখা অসমীয়া শব্দৰ জোঁটনি কৰি কৰি সিবোৰ পঢ়িবলৈ সময় লাগে বেছি আৰু তাক উপলব্ধিলৈ আনিবলৈও একধৰণৰ অখজা লাগে| অৱশ্যে এই পৰিস্থিতিৰ অৱসান সহজে ঘটিব বুলিব নোৱাৰি| কিয়নো ইয়াৰ সৈতে প্ৰথমে জৰিত হৈ থাকে কাৰিকৰী অসুবিধা| দ্বিতীয়তে এনেকৈ, মানে ৰ’মান লিপিৰে লিখিলে হ’ব পৰা সমস্যাৰ বিষয়েও তেখেত সকল বহু সময়ত জ্ঞাত নহয় নতুবা এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলি ভাবে| গতিকে এই দিশটো সমাধান কল্পে এক অন্তৰ্মুখী উদ্যোগ জৰুৰী হৈছে|
(২) আমি জানো যে প্ৰায়বোৰ গোটতেই একেখিনি সদস্য/সদস্যা জড়িত হৈ আছে| ইয়াৰে যি সকল সক্ৰিয় সেই সকলে প্ৰায়বোৰ গোটতে কিছু নহয় কিছু অৰিহণা যোগাইছে| কিন্তু নতুন চামক উদগণি দিয়াৰ ক্ষেত্ৰত অধিক কৰণীয় আছে| দেখা যায় যে নতুন সদস্য/সদস্যাই বহু সময়ত সংকোচ অনুভৱ কৰে বাবে গোটত উপস্থিত হৈ কিবা এটা কৰিবলৈ কুন্ঠাবোধ কৰে| এই সম্বন্ধে মাজে সময়ে গোটত মুকলি আলোচনা হোৱা ভাল যেন লাগে|
(৩) গোটৰ সদস্য/সদস্যাৰ মাজত পক্ষপাতিত্বৰ কথাও শুনা যায়| অৰ্থাত্ নিৰ্দিষ্ট সদস্য/সদস্যাৰ বক্তব্য বা লেখা-মেলা প্ৰায় একেখিনি লোকে আদৰি লয়| এনে অৱস্থাৰ পৰিৱৰ্তে এক মুকলি উদ্যোগ জৰুৰী হৈ পৰিছে যাতে নতুন সকলে আগ্ৰহেৰে গোটৰ কাম-বনত সহযোগ কৰিবলৈ আগ্ৰহী হয়|
(৪) প্ৰায়ে দেখা যায় গোটত হোৱা একোটা বিতৰ্কৰ ফলস্বৰূপে কিছু সদস্য গোটৰ পৰা ওলাই যায় নতুবা উলিয়াই দিয়া হয়| এনে হোৱাটো কেনেকৈ ৰোধ কৰিব পাৰি সেই লৈ চিন্তা-চৰ্চা আৰু উদ্যোগ আৱশ্যক হৈছে| কিয়নো এনে ঘটনাই আমাৰেই ক্ষতি কৰি আহিছে|
(৫) প্ৰচাৰমুখিতাৰ বাবেও বহু সময়ত গোটত অনুন্নত আলোচনা দেখা যায়| এইবোৰৰ পৰিৱৰ্তে এক সৃজনশীল পৰিৱেশলৈ আমি কেনেকৈ ধাৱমান হ’ব পাৰো তাৰ বাবে যত্ন কৰিলে গোট বিলাকলৈ অধিক সুস্থ আৰু গতিশীল পৰিৱেশ আহিব বুলি ধাৰণা হয়|
মোৰ স্বকীয় চিন্তাখিনি আপোনাৰ জৰিয়তে ৰাইজৰ বিবেচনাৰ্থে ইয়াত উল্লেখ কৰিলোঁ| লগতে এই বিষয়ত এক মুকলি আলোচনাৰ পোষকতা কৰিলোঁ|

ইতি
বিনীত
মনোহৰ দত্ত
নলবাৰী|
২৫/০৫/২০১২

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!