ফে’চবুক আখ্যান (জয় চক্ৰৱৰ্তী)

ফে’চবুক আখ্যান

–          জয় চক্ৰৱৰ্তী

 

দত্ত দাদা, ফে’চবুকত মানুহ বেছ ‘এগেইনষ্ট ক’ৰাপ্সন’ ,

অ’ফিচ্ ফাইল লৰচৰ কৰাত দাদা পিছে বৰ ‘স্লো ম’চন’ ।

 

জীৱন খুৰাৰ অ’ফিচ্ টাইমত ঘণ্টাই প্রতি আপলোড্,

ছুটী হোৱাৰ পিছত বা মানুহ জন যায় ক’ত ?

 

পুতেকে দম দি ল’লে ‘বাজাজ্ পালসাৰ্ বাইক’,

ফে’চবুকত আপলোড্ কৰি পালে তিনিশ তিনি লাইক্ ।

 

আজিকালি যিহে দেখোঁ ‘ফে’ক একাউণ্ট’ ৰ দন্দ,

ফে’চবুকেও কৰিব পাৰে আমাৰ অসম বন্ধ ।

 

ছাত্র সকলে মোবাইল ফোনত কিবা নেট্-পেক সোমায়,

পঢ়াৰ নামত ৰাতি ৰাতি ফে’চবুকহে চায় ।

 

হাজাৰ ‘ফ্ৰেইণ্ড  এড্’ কৰোঁতাৰ কিনো চাবা দম,

নিজকে যহাবলৈ ফে’চবুক সৰ্বোত্তম ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!