ফেচবুক (গীতালি দাস)

নতুন প্ৰজন্মৰ নতুন ভাবনাৰ নতুন সৃষ্টিৰ কঠিয়াতলি । প্ৰশ্ন জাগে মনত নতুন প্ৰজন্ম কোন ? অকল ডেকা গাভৰু বোৰ নে মন আৰু মগজুত অহৰহ নিত্য নতুন চিন্তাৰ বৰ্হিপ্ৰকাশেৰে নিজৰ লগতে আনকো সজীৱ কৰি ৰখা অগ্ৰজ সকলো ? ফেচবুকত বিভিন্ন বয়সৰ বিভিন্ন মানসিকতাৰ মানুহে বিচৰণ কৰে । কোনবিলাক মানুহক কোনে নিজৰ বন্ধু তালিকাত স্থান দিব সেয়া নিৰ্ভৰ  কৰে সম্পূৰ্ণ ব্যক্তিগত নিৰ্বাচন ৰ ওপৰত । ইয়াত বয়সৰ সীমাই নিৰ্দ্ধাৰণ নকৰে বন্ধুত্বৰ সংঞ্জা । হয়তো ফেচবুকৰ এইটো এটা যোগাত্মক দিশ । ভাল লাগে যেতিয়া মনৰ মাজত উকমুকাই থকা ভাববোৰক শব্দৰ নুপূৰেৰে ছন্দায়িত হোৱা দেখো এইখন মঞ্চত । ভাল লাগে যেতিয়া কোনোবাই অসহায় হৈ কিবা এটা সমিধান বিচাৰি বন্ধুৰ পৰামৰ্শ বিচাৰে , বন্ধুৰ সুখ দুখৰ সমভাগী হবলৈ বিচাৰি যেতিয়া বন্ধুৱে মন্তব্য দিয়ে , তেতিয়া সচাকৈয়ে মনটো ভৰি যায় । তেতিয়াই গাবলৈ মন যায়…..মানুহে মানুহৰ বাবে … আৰু বেয়া লাগে যেতিয়া সৰু সৰু কথাতে ইজনে সিজনৰ ব্যক্তি স্বাধীনতাত আঘাত কৰে । নিজৰ সময়ক আনৰ উপকাৰৰ আহিলা কৰা জনক ঢোল বজোৱা বুলি তুচ্ছ তাচ্ছিল্য কৰে । বেয়া লাগে তেতিয়া যেতিয়া নিজৰ ল’ৰাৰ বয়সৰ ল’ৰাই সমনীয়াৰ লগত ব্যৱহাৰ কৰা ভাষাৰে কথা পাতিবলৈ বিচাৰে । কিন্তু তথাপি কম ফেচবুক ভাল , ইয়াত বেয়াতকৈ ভাল বেছি আছে , কাৰণ ইয়াত অনুভৱ যাযাবৰ বৰ্ণিল নিবিড় অৰূপৰ দৰে বন্ধু আছে ইয়াত জীৱন আছে ইয়াত ছন্দ আছে ইয়াত উশাহ আছে ইয়াত আপোনালোকৰ দৰে সুহৃদ আছে । বন্ধু সকল কুশলে থাকক, সুখী হওঁক । ভোগালীত ভোগ নহয় যোগ কৰক…হাঁহি আনন্দ সুখ সহানুভূতি সদিচ্ছা সৎচিন্তা আৰু সৎকৰ্ম ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!