বগা সৰিয়হ আৰু বিলাহী দি ৰন্ধা চজিনা – নয়নজিৎ ডেকা

 

প্ৰথমে চজিনাখিনি দীঘলকৈ আৰু আলু কেইটা ডাঙৰকৈ কাটি লওক৷ এতিয়া কেৰাহীত তেল অকণ গৰম কৰি তাত চজিনা আৰু আলু খিনি ভাজক ১০ মিনিট মান৷ আন্দাজ মতে নিমখ আৰু হালধি দিয়ক৷ এতিয়া মিক্সিত পিহি লোৱা বগা সৰিয়হ, আদা আৰু নহৰুৰ পেষ্ট খিনি তাত দি দিয়ক৷ সিজিবলৈ সহজ হোৱাকৈ পানী অলপ সৰহকৈ দি মধ্যমীয়া জুইত ৰাখি ঢাকনি লগাই দিয়ক৷ ১৫-২০ মিনিটমান পিছত তাত কাটি থোৱা বিলাহী ৩ টা দি দিয়ক৷ গোটেইখিনি ভালদৰে লৰাই আৰু ১৫-২০ মিনিট মান ৰান্ধিলেই খোৱাৰ উপযোগী হৈ উঠিব৷ গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!