বজাৰ অৰ্থনীতিত প্ৰতিযোগিতা, পুঁজিৰ গুৰুত্ব আৰু অসমতা (ভাস্কৰজ্যোতি বৰুৱা)

bazar-arthanitit-pratijugita-pujir-gurutta-aru-axamata_bhaskar-jyoti-baruah
অলপ সময়ৰ এজাক ডাঙৰ বৰষুণ আহিলেই মোৰ ঘৰৰ পৰা অফিচলৈ অহা-যোৱা কৰা পথটোত পানী হয়। পানী আঁতৰি যোৱাৰ পাচত পানীৰ লগত অহা বোকা-মাটিবোৰ পথটোৰ কাষত জমা হৈ ৰৈ যায়। পকা ৰাষ্টাৰ ওপৰৰ বোকা বৰ পিচল,কেইবাটাও দুৰ্ঘটনা প্ৰত্যক্ষ কৰিছোঁ। সেয়ে ক’ব পাৰি যে ভালদৰে গাড়ী-মটৰ চলাচল কৰিব পৰা অংশটো ঠেক হৈ পৰে। সাধাৰণ অৱস্থাত মোৰ মটৰ চাইকেলৰ গতিবেগ তুলনামূলকভাৱে কম। আনে হৰ্ণ বজাই ৰাষ্টা খুজিলে বাট এৰি দিবলৈ দেৰি নকৰোঁ। কিন্তু ৰাষ্টাৰ এফাল বোকা মাটি থকা দিনকেইটাত মই মোৰ গতিবেগ বৃদ্ধি কৰিবলৈ বাধ্য হওঁ। বাট এৰিবলৈ যাওঁতে কাষলৈ গৈ পিছলি পৰাৰ ৰিস্ক ল’ব নোখোজাৰ বাবেই আনসকলৰ লগত খাপ খোৱা গতি এটা লবলৈ বাধ্য হৈ পৰোঁ।বৰ্তমান বজাৰ অৰ্থনীতিয়ে আমাৰ জীৱনলৈকো এনে এটা প্ৰত্যাহ্বান ননা নহয়। য’ত আমি স্বাচ্ছন্দ্যৰ ধীৰ গতি এৰি দুৰ্ঘটনা প্ৰবণ নহ’লেও গতি তুলনামূলকভাৱে ক্ষিপ্ৰ কৰিবলৈ বাধ্য। জনসংখ্যা বৃদ্ধিৰ লগে লগে এই চাপ বাঢ়িবহে, নকমে।
অৰ্থনৈতিক কথাত মূলধন বা পুঁজিৰ গুৰুত্ব আমি নোহোৱা কৰিব নোৱাৰো। ধৰক, এজন মানুহে এখন ১০ লাখটকীয়া গাড়ী টেক্সি হিচাপে চলাবলৈ কিনিলে নিজৰ জমা টকাৰে। তেওঁৰে বন্ধু এজনে কিনিলে বেংকৰ পৰা ঋন লৈ। ২ লাখ নিজৰ টকা আৰু ৮ লাখ ঋণ। এতিয়া আহিবলগীয়া দিনবোৰত বন্ধুজনে গাড়ী চলাই যি উপাৰ্জন কৰিব তাৰে এটা অংশ তেওঁৰ ঋণৰ মাহেকীয়া কিস্তি দিওঁতে ব্যয় হ’ব। যদি বাকী সকলো খৰচ একে থাকিব বুলি ধৰোঁ তেন্তে আমাৰ প্ৰথম ব্যক্তিজন তেওঁৰ বন্ধুতকৈ ভাড়াৰ ক্ষেত্ৰত গ্ৰাহকক অধিক ৰেহাই দি আকৰ্ষণ কৰাৰ সুযোগ এটা গ্ৰহণ কৰিব পৰা অৱস্থাত থাকিব। এনে প্ৰতিযোগিতা গ্ৰাহক মানে যাত্ৰীসকলৰ বাবে লাভদায়ক নহয়নে? কিন্তু এটা নতুন প্ৰশ্নও এইখিনিতে আহিব। মূলধন নথকাজন বা কম থকা ব্যক্তি এজনে এই যুঁজত টিকি থাকিব পাৰিবনে? এইখিনিতেই পুঁজিহীনজনক বজাৰ অৰ্থনীতিত প্ৰয়োজন হয় অলপ সকাহৰ। এইখিনিতেই প্ৰয়োজন হয় চৰকাৰী আঁচনিয়ে বজাৰ অৰ্থনীতিত পুঁজিহীন প্ৰতিযোগীক ঢুকি পোৱাটো।
দুবছৰমানৰ আগলৈকে গুৱাহাটীৰ পৰিবহন ব্যৱস্থাত অট’ৰিক্সাকেন্দ্ৰিক বিতৰ্কৰ শেষ নাছিল। অট’ৰিক্সাবোৰে মিটাৰত নচলা, অত্যধিক ভাড়া লোৱা আদি অভিযোগবোৰ বাতৰি কাকত, টেলিভিচনৰ টক শ্ব’ৰ বিষয়বস্তু হৈছিলগৈ। এনেতে আহিল ‘কেব সেৱা’। অট’ৰিক্সা সেৱাত অসন্তুষ্ট বহু যাত্ৰীয়ে স্বস্তি অনুভৱ কৰিলে। উন্নতমানৰ কেব সেৱা অট’ৰিক্সাতকৈ কম ভাড়াত উপলব্ধ হোৱাত ব্যৱস্থাটো কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল।এটা টক শ্ব’ত অট’ চালক সন্থাৰ এজন বিষয়ববীয়াই এইবিলাক সকলো তেওঁলোকৰ বিপক্ষে চক্ৰান্ত বুলি ক্ষোভেৰে সৈতে কোৱা মনত পৰে। চাহিদা থকাৰ বাবেই এটা দুটাকৈ লাহে লাহে বহুকেইটা স্থানীয় কেব প্ৰতিষ্ঠানে গুৱাহাটীত আত্ম প্ৰকাশ কৰিলে।সেই ধাৰাটোৰ শেষৰ ফালে ভাৰতীয় কেব জগতৰ দুই শীৰ্ষ প্ৰতিষ্ঠান অ’লা আৰু উবেৰে গুৱাহাটীৰ ৰাজপথত ভুমুকি মাৰিলে। অতি উন্নতমানৰ ম’বাইল এপ্লিকেছনৰ জৰিয়তে সঞ্চালন হোৱাৰ হেতু যাত্ৰীৰ বাবে এই সেৱা অধিক পছন্দৰ হোৱাৰ লগতে ডাঙৰ কোম্পানীয়ে বজাৰ দখলৰ বাবে কৰা প্ৰতিযোগিতাৰ বাবে পুৰ্বৰ স্থানীয় কেবতকৈ কম দৰত মহানগৰবাসীৰ বাবে যাত্ৰা সম্ভৱ হৈছে। একে সময়তে লক্ষ্য কৰিছোঁ গুৱাহাটীৰ ৰাজপথৰ পৰা স্থানীয় কেবৰ ষ্টিকাৰ থকা গাড়ীবোৰ লাহে লাহে নোহোৱা হৈ আহিছে। ৰঙৰ জৰিয়তে চিহ্নিত হোৱা বিশেষ স্থানীয় কেব প্ৰতিষ্ঠান এটাৰ গাড়ীত উবেৰৰ ষ্টিকাৰ লগা প্ৰত্যক্ষ কৰিছোঁ। বহুজনক অ’লা বা উবেৰৰ অধীনত নিজৰ গাড়ীখন টেক্সি হিচাপে চলাবলৈ আগ্ৰহী হৈ উঠা দেখিছোঁ। কাৰণ অ’লা বা উবেৰে দিয়া চৰ্তৰ বিপৰীতে থকা সুযোগ আকৰ্ষণীয়। আজিৰ তাৰিখত গ্ৰাহকৰ দৃষ্টিকোণৰ পৰা তথা টেক্সি ব্যৱসায়ত বিনিয়োগ কৰিব খোজা সকলৰ বাবে লাভদায়ক বিবেচিত হ’লেও আন একাংশই উচিতভাৱেই প্ৰশ্ন তুলিছে- গুৱাহাটীত চহৰৰ টেক্সিৰ ব্যৱসায়টো এটা বা দুটা প্ৰতিষ্ঠানৰ দখললৈ গুচি যাব নেকি? যিসকলে অসমত জাতীয়তাবাদী অৰ্থনীতি গঢ়ি উঠাটো আশা কৰে তেওঁলোকে অ’লা আৰু উবেৰৰ উত্থানত স্বাভাৱিকতেই সুখী নহ’ব। প্ৰতিজন অসমপ্ৰেমীয়েই নিশ্চয় আশা কৰিব যে গুৱাহাটীৰ টেক্সি যাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাৰ লগতে স্থানীয় গাড়ী ব্যৱসায়ী আৰু অট’ চালকসকলো প্ৰতিযোগিতাত টিকি থাকক।
উবেৰ এটা বিদেশী প্ৰতিষ্ঠান। মুখ্য কাৰ্যলয় আমেৰিকাৰ চানফ্ৰাঞ্চিচকোত। ভাৰতৰ লগতে পৃথিৱীৰ বহুকেইখন দেশতে তেওঁলোকৰ শক্তিশালী উপস্থিতি আছে। সেই সুত্ৰে ক’ব পাৰি কোনো ব্যৱসায় প্ৰতিষ্ঠা কৰি সু-পৰিকল্পিতভাৱে আগবঢ়াই নিবলৈ তেওঁলোকৰ মূলধন আৰু অভিজ্ঞতাৰ অভাৱ নাই। ইফালে অ’লা এটা ভাৰতীয় প্ৰতিষ্ঠান। ভবিশ আগৰৱাল আৰু অংকিত ভাটি নামৰ দুজন মোম্বাই আই আই টিৰ পৰা ওলোৱা যুবকে ২০১০ চনত ইয়াক প্ৰতিষ্ঠা কৰে। এটা ভাৰতীয় প্ৰতিষ্ঠান হ’লেও ২০১৫ চনৰ নভেম্বৰত প্ৰকাশিত এটা বাতৰি মতে অ’লাত প্ৰায় ১.৩ বিলিয়ন ডলাৰ (প্ৰায় ৮,৭৩৮ কোটি টকা) বিদেশী বিনিয়োগ আছে। বিনিয়োগকাৰী প্ৰতিষ্ঠান ফেলক’ন এড্জ কেপিটেল, টাইগাৰ কেপিটেল, চফ্টবেংক গ্ৰুপ, ডি এছ টি গ্ল’বেল আদিৰ পৰা পোৱা ধনৰ সহায়তহে প্ৰয়োজনীয় পুঁজি অ’লাই গঠন কৰিবলৈ সক্ষম হৈছে। পুঁজিৰ ওপৰিও ন-উদ্যোগীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হৈছে মাৰ্গদৰ্শন। যেতিয়া এনেধৰণৰ বিদেশী প্ৰতিষ্ঠানে কোনো কোম্পানীত বিনিয়োগ কৰে স্বাভাৱিকতেই সেই কোম্পানীয়ে প্ৰতিযোগিতাৰ যুঁজত আৱশ্যক হোৱা উচিত মন্ত্ৰণাও লাভ কৰে। বৰ্তমান পৰিস্থিতিত কোনো অসমীয়া যুৱকে এই যুঁজত এঘড়ী যুঁজিবলৈ হ’লে এই দিশবোৰ আওকাণ কৰিব নোৱাৰে। উদ্যোগীজনক উদ্যমৰ লগতে পুঁজি আৰু সঠিক মাৰ্গদৰ্শনৰ প্ৰয়োজন হ’ব।
‘বি আমেৰিকান, বাই আমেৰিকান’ এটা শ্লগান। পুঁজিবাদৰ পীঠস্থান আমেৰিকাত জাতীয়তাবাদী অৰ্থনীতিৰ সপক্ষে আমেৰিকাৰ গ্ৰাহকসকলক আমেৰিকাৰ কোম্পানীৰ দ্বাৰা প্ৰস্তুত হোৱা দ্ৰব্য কিনিবলৈ জনোৱা এক আহ্বান।  www.madeintheusa.com হৈছে মোৰ চকুত পৰা এনে বিষয়ক এটা ৱেবচাইট। ৱেবচাইটটোত থকা এটা তথ্য এনেধৰণৰ – যদি প্ৰতিজন আমেৰিকান নাগৰিকে অতিৰিক্ত ৩.৩৩ ডলাৰ আমেৰিকাৰ দ্ৰব্য ক্ৰয় কৰে তেতিয়া আমেৰিকাত প্ৰায় ১০ হেজাৰ চাকৰীৰ সৃষ্টি কৰিব। যদি প্ৰতিজন গৃহ নিৰ্মাতাই মাত্ৰ ৫ শতাংশ বেছি আমেৰিকাত উৎপাদিত দ্ৰব্য ব্যৱহাৰ কৰে তেন্তে আমেৰিকাত ২ লাখ ২০ হেজাৰ চাকৰীৰ সৃষ্টি হ’ব।  আমাৰ দেশতো বাবা ৰামদেৱে গ্ৰাহকলৈ কৰা প্ৰায় এনেধৰণৰ আবেদনেই তেওঁৰ ব্যৱসায় বৃদ্ধিত সহায়ক হৈছে। অসমতো এনে ধৰণৰ সজাগতাৰ প্ৰয়োজন আছে।  কিন্তু সেই বুলি গুণগত দিশ আৰু দৰৰ প্ৰতিযোগিতাত সাংঘাতিক পাৰ্থক্য থাকিলে অসমৰ বেছিভাগ দুখীয়া গ্ৰাহকৰ হৃদয়ক এনে আবেদনে কিন্তু স্পৰ্শ কৰিবগৈ নোৱাৰিব।
কেব সেৱাৰ ব্যৱসায়ৰ দৰে শাক-পাচলি, খাদ্য দ্ৰব্যৰ বজাৰতো গ্ৰাহকৰ স্বাৰ্থত এক সুস্থ প্ৰতিযোগিতাৰ প্ৰয়োজন আছে যাতে দাম হ্ৰাস পায়। ইফালে বজাৰত বস্তুৰ জুই ছাই দাম হলেও খেতিয়কে কিন্তু উচিত মূল্য পোৱা নাই বুলি প্ৰায়ে অভিযোগ শুনা যায়। যি কাৰণতেই নহওঁক প্ৰচলিত ব্যৱস্থাই খেতিয়ক আৰু খাৱৰীয়া গ্ৰাহকক সকাহ দিবলৈ সক্ষম হোৱা নাই। ইয়াতো বৃহৎ পুঁজিৰ আগমনৰ সময় সমাগত যেন অনুভৱ হয়। বিশেষকৈ ভাৰত চৰকাৰে ১০০ শতাংশ বিদেশী প্ৰত্যক্ষ বিনিয়োগ খাদ্য দ্ৰব্যৰ বিপণনত অনুমতি দিয়াৰ পিচত। ধৰক, কোনো দেশী বা বিদেশী প্ৰতিষ্ঠানে কৃষি ভূমিৰ ওচৰতে শীতল ভৰাঁল নিৰ্মাণ কৰি প্ৰত্যক্ষভাৱে কৃষকৰ পৰা পথাৰতে কৃষিজাত দ্ৰব্য ক্ৰয় কৰাৰ ব্যৱস্থা কৰিলে। পিচত সেই দ্ৰব্য চিধা-চিধি গ্ৰাহকক বেচিলে বৰ্তমানৰ ব্যৱস্থাত হোৱা দামতকৈ কমত গ্ৰাহকক দিবলৈ সক্ষম হ’ব। গ্ৰাহক উপকৃত হ’ব নিশ্চিতভাৱে, কিন্তু গভীৰ সংকটত পৰিব বৰ্তমানৰ খেতিয়ক আৰু শেষ গ্ৰাহকৰ মাজৰ মানুহখিনি। ক্ষুদ্ৰ ব্যৱসায়ীসকল সেই পৰিবেশতো উৎখাত নোহোৱাকৈ কেনেকৈ প্ৰতিযোগিতাত তিস্থি থাকিব পাৰে সেয়া চৰকাৰী পৰিকল্পনাই পথ দেখুৱাব লাগিব। উদাহৰণ স্বৰূপে চৰকাৰী উদ্যোগত নিৰ্মাণ হোৱা শীতল ভৰাঁল ক্ষুদ্ৰ খেতিয়ক আৰু ব্যৱসায়ীক ৰেহাই মূল্যৰ ভাড়াত উপলব্ধ কৰা ধৰণৰ কাৰ্যই বৃহৎ পুঁজিৰ লগত ক্ষুদ্ৰ পুঁজিৰ যুঁজখনত এক ভাৰসাম্য ৰক্ষা কৰিব পাৰে।
এই কথাবোৰলৈ লক্ষ্য কৰিলে এটা কথা নিশ্চিত হয় যে অৰ্থনীতিত পুঁজিৰ এটা বিশেষ গুৰুত্ব আছে। প্ৰচলিত ব্যৱস্থাত এই গুৰুত্ব মুঠেও হ্ৰাস কৰিব পৰা নাযায়।কিন্তু অৰ্থনীতিত পুঁজিৰ এই প্ৰাধান্যতাক সমাজত সম্পদৰ ক্ষেত্ৰত থকা অসমতাৰ মূল কাৰণ বুলিব পাৰি। বিতৰ্কৰ ঊৰ্ধত নহ’লেও থমাছ পিকেটিৰ বিশ্ববিখ্যাত কিতাপ – ‘কেপিটেল ইন দি টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী’ত উল্লেখ কৰা এটা ধাৰণাৰ গাণিতিক সম্পৰ্কলৈ মন কৰক –
r>g
য’ত r হৈছে পুঁজিয়ে আহৰণ কৰা ৰিটাৰ্ন। ইফালে g হৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ, যাক এক কথাত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ অৰ্থাৎ জি ডি পিৰ গ্ৰ’থ বুলিবও পাৰি। এতিয়া ধাৰণাটোৰ মতে যিহেতু পুঁজিৰ ৰিটাৰ্নে অৰ্থনৈতিক উন্নয়ণৰৰ হাৰক দীৰ্ঘ সময়ত পৰাভূত কৰে, এতেকে এই ধাৰণামতে সমাজৰ সম্পদসমূহ বৃহৎ পুঁজিৰ দখললৈ স্বাভাৱিকতেই গৈ থাকে। ফলত সমাজত অসমতা বৃদ্ধি পায়। চৰকাৰ এখনে সেই বৃহৎ পুঁজিৰ গৰাকীক প্ৰয়োজনীয় কৰ আদি আৰোপ কৰি সম্পদৰ পুণঃবিতৰণৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন হয়। অৱশ্যে বৃহৎ পুঁজিক বিনিয়োগৰ বাবে আকৰ্ষণ কৰা আৰু তেওঁলোককেই অধিক কৰ লগাই অৰ্থনৈতিক অসমতা কমোৱা প্ৰক্ৰিয়াটোৰ মাজত ভাৰসাম্য অনাটো এটা ডাঙৰ প্ৰত্যাহ্বান।
সাধাৰণতে ৰিস্ক আৰু ৰিটাৰ্নৰ সম্পৰ্কটো সমানুপাতিক। অৰ্থাৎ বেছি ৰিস্কৰ বিপৰীতে বেছি ৰিটাৰ্ন আশা কৰা হয়। পুঁজিৰ বিনিয়োগত শ্ৰমতকৈ অধিক ৰিস্ক জড়িত হৈ থাকে বুলি ধৰা হয়। উদাহৰণ স্বৰূপে ক’ব পাৰি এজন ব্যৱসায়ীয়ে জীৱিকাৰ বাবে গ্ৰহণ কৰা ৰিস্ক এজন চাকৰিজীৱিতকৈ বেছি। কাজেই বিনিয়োগ হোৱা পুঁজিৰ পৰা ব্যৱসায়ীয়ে চাকৰিয়াল এজনৰ দৰমহা বৃদ্ধিতকৈ অধিক ৰিটাৰ্নৰ প্ৰত্যাশা ৰখাটো স্বাভাৱিক। এনেবোৰ কথাইও ওপৰৰ গাণিতিক সম্পৰ্কটোক ন্যায্যতা প্ৰদান কৰে। কিন্তু সমাজ এখনত সম্পদৰ ক্ষেত্ৰত থকা অসমতাৰ প্ৰসংগটো কোনো চৰকাৰেই উলাই কৰিব নোৱাৰে আৰু ইয়াক কমাবলৈ কৰা প্ৰচেষ্টা ৰাষ্ট্ৰৰ গুৰু দায়িত্ব।সামাজিক নিৰাপত্তাৰ বাবে উৎসৰ্গিত আচঁনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে পোৱা, কম পুঁজিৰে বজাৰ অৰ্থনীতিৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা সকললৈ সহযোগিতাৰ হাত, আদি বিষয়বোৰ কল্যাণকামী ৰাষ্ট্ৰ এখনে আন্তৰিকতাৰে পালন কৰিবই লাগিব। কিন্তু একেসময়তে বিক্ৰেতাৰ মাজত হোৱা প্ৰতিযোগিতাই উপভোক্তাক উপকৃত কৰিব পৰা অৱস্থা এটাও আমাৰ কাম্য।চৰকাৰে প্ৰয়োজনীয় ভাৰসাম্য ৰক্ষা কৰাত সততা আৰু পাৰদৰ্শিতা দেখুৱাওক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!