বডি শ্বেমিং – কুইলিন কটকী

মৰমৰ প্ৰতি গৰাকী নাৰী পুৰুষ যাৰ শৰীৰৰ আকাৰ আৰু ৰঙৰ বাবে হাহিয়াতৰ পাত্ৰ হ’বলগীয়া হয়,

মোৰ এই চিঠিখন এইবাৰ সেই সকল লোকলৈ সম্বোধন কৰিছো যি বডি শ্বেমিঙৰ চিকাৰ আৰু যি হকে বিহকে বডি শ্বেমিঙ কৰি ভাল পায়৷ বডি শ্বেমিঙ হৈছে শৰীৰৰ আকাৰ আৰু ৰঙক লৈ মানুহক কৰা তাচ্ছিল্য বা অপমানজনক মন্তব্য৷ ই এক আমেৰিকান কোনচেপ্ট যদিও চাইজ জিৰ’ৰ দৌৰত কেতিয়াযে ই আমাৰ দেশতো এক সমস্যাৰ ৰূপ ললেহি কোনেও তৰ্কিবই নোৱাৰিলে৷ কৰিণা কাপুৰৰ পৰা ক্ৰিতি ছাননলৈকে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰীও বডি শ্বেমিঙৰ পৰা সাৰি যোৱা নাই৷ কৰিণা কাপুৰক তেওঁৰ সন্তান জন্মৰ ৪৫ দিন পিছত প্ৰথমবাৰ ৰাজহুৱা স্থানত দেখোতে ইমান অভাৰৱেইট হৈ এনেকৈ কিয় বাহিৰ ওলাব লাগে বুলি সমালোচনা কৰাৰ বিপৰীতে বৰেলি কী বৰফিৰ অভিনেত্ৰী ক্ৰিতিক আকৌ আন এগৰাকী অভিনেত্ৰীয়ে অতিমাত্ৰা ক্ষীণ বুলি মন্তব্য কৰিছিল৷

কেৱল এয়ে নহয় বৰ্তমান সময়ৰ টেনিছ ৱৰ্ল্ডৰ আটাইতকৈ শক্তিশালী খেলুৱৈ ছেৰেণা উইলিয়ামছ আৰু ইউথ আইকন গায়িকা লেডি গাগাও সন্মুখীন হৈছিল বডি শ্বেমিঙৰ৷ এসময়ত চাইজ জিৰোৰে প্ৰতি গৰাকী নাৰীৰ ষ্টাইল আইকন হৈ পৰা কৰিণাই মাতৃত্বই আনি দিয়া পৰিৱৰ্তনৰ বিষয়ে অৱগত বাবেই হাঁহি উৰুৱাই দিছিল তেওঁক কৰা সমালোচনাক৷ ক্ৰিতিয়েও এইবোৰ গুৰুত্ব দিবলগীয়া কথাই নহয় বুলি বুকু ফিন্দাই ক’ব পাৰিছে৷ এনে তৰকাই সাৰি যোৱা নাই যেতিয়া আপোনাৰ মোৰ দৰে নদাই ভদাইয়ে পদে পদে বডি শ্বেমিঙৰ সন্মুখীন হোৱাটো একেবাৰে সাধাৰণ কথা৷ আচলতে ই ইমান সহজভাৱে লবলগীয়া বিষয় নহয়৷ পুৰুষো বডি শ্বেমিঙৰ নামত তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হয় যদিও নাৰীৰ ক্ষেত্ৰত ই অনেকগুণে বেছি৷ মানুহৰ ৰূপ ৰং আকাৰ লৈ সমালোচনা আগৰ পৰাই চলি আহিছে যদিও বৰ্তমান ছছিয়েল মেডিয়া আৰু আন আন মেডিয়াৰ বহুল প্ৰসাৰে ইয়াক এক সমস্যাৰ ৰূপ প্ৰদান কৰিছে৷ বিশেষকৈ কলেজীয়া লৰা ছোৱালী অলপ শকত বা ক্ষীণ হলেই চিন্তিত হৈ পৰা দেখা যায়৷ ক্ষীণ ছোৱালীবোৰে কেনেকৈ অলপ ওজন বাঢ়িলেই পাৰফেক্ট হৈ পৰিব সেই চিন্তাত নিমগ্ন থকাৰ বিপৰীতে শকত ছোৱালীৰ বাবে যেন পৃথিৱীত ইয়াতকৈ ডাঙৰ কোনো সমস্যাই নাই তেনে এক পৰিবেশেই সাধাৰণতে সকলোৰে ঘৰত দেখা যায়৷ ক্ষিণাবৰ বাবে কলেজীয়া ছোৱালী বহুতে আনকি ডায়েটিঙৰ নামত খোৱা বোৱা এৰি বেমাৰত পৰাও দেখা যায়৷ কোনো মানুহ শকত বা ক্ষীণ হোৱাটো কাৰো ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে৷

অবেছিটি বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যা যদিও বেছিভাগ ক্ষেত্ৰতে শকত হোৱাটো নিৰ্ভৰ কৰে জিনৰ ওপৰত৷ তাৰ লগতে হাইপ’থাইৰডিজিম বা আন সমস্যা, পোষ্ট ডেলিভাৰী ছেঞ্জেছ, অত্যধিক ব্যস্ততাৰ বাবে ব্যায়াম কমি যোৱা, কোনো জেনেটিক দিছঅৰ্দাৰ আদি ভিন ভিন কাৰণত মানুহ শকত হব পাৰে৷ কোনো কাৰণ নজনাকৈ মানুহৰ শৰীৰৰ আকাৰৰ বাবে মন্তব্য কৰাটো আচলতে মূৰ্খতাৰ বাদে আন একো নহয়৷ একেদৰেই ক’লা বা বগা ৰঙৰ গৰাকী হোৱাটো কাৰো হাতত নাই৷ গতিকে এনে আকাৰ বা ৰং লৈ অপমানজনক মন্তব্য কৰাৰো যুক্তি আচলতে নাই৷ কিন্তু মানুহে যেন কেৱল তাৰ বাবেই ৰৈ থাকে৷ ইছ এইজনী ইমান শকত দৰাই নোলাব৷ তই যে ইমান ক’লী হালধি ছালধি কিবা সানিবিচোন অলপ বগী হবি৷ এইবোৰ হৈছে সমাজত যুগে যুগে চলি অহা মন্তব্য৷ মোৰ সৰু কালত ডাস্কি স্কিনৰ বাবে মই বিভিন্ন তাচ্ছিল্যৰ সন্মুখীন হৈছিলো তেনেদৰেই মোৰ 4 ফুট 11 ইঞ্চি উচ্চতাত 60 ৰ উৰ্ধৰ ওজনে মোক কিমান আপচু সেই লৈ এতিয়া বিভিন্ন মন্তব্যৰ সন্মুখীন হওঁ৷ সৰুতে ক’লী বুলি জোকাওতে একো উত্তৰ দিব পৰা নাছিলো বাবে খুব দুখ পাইছিলো সেইবাবেই সদায় আনক এনে মন্তব্য কৰোঁতাক মই কতো ভাষাৰে সমালোচনা কৰো৷ হাইপ’থাইৰডিজিমৰ বাবে মোৰ হৈ পৰা প্লাছ চাইজ মোৰ বাবে কোনো সমস্যা নহয় যদিও মোক দেখা লোকৰ বাবে যে কত সমস্যা, কত পৰামৰ্শ নানা জনৰ৷ আজি মোৰ সেইবোৰ কথা গাত নালাগে যদিও কেঁচা বয়সত সেইবোৰে মানুহৰ মনত কিমান প্ৰভাৱ পেলাই ভালদৰেই বুজিব পাৰো, মৰেল কেনেদৰে ডাউন কৰে উপলব্ধি কৰো৷ সেই বাবেই বডি শ্বেমিঙৰ সন্মুখীন হোৱাসকলোকে মই কওঁ যে এনে কথাক গুৰুত্ব নিদিব আৰু উভতি ধৰিবলৈ শিকক৷ নিজৰ শৰীৰটো যেনেকুৱাই নহওক তাক ভাল পাবলৈ শিকক৷ আপোনাৰ শৰীৰৰ বিষয়ত মাত মতাৰ অধিকাৰ কাৰো নাই৷ আপুনি যদি ডাস্কি স্কিনৰ গৰাকী তেন্তে আপুনি ফেয়াৰ এণ্ড লাভলি বা আন স্কিন লিটেনিং ক্ৰীম লগাই বগা হবলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই৷ কোনো স্কিন লিটেনিং ক্ৰীম লগাই মানুহ বগা হোৱাৰ মেডিকেলি প্ৰমাণ নাই৷

স্কিন লিটেনিং সামগ্ৰীৰ নামত আমাৰ দেশত এই কোম্পানীবোৰে বছৰি 2000 কোটি টকাৰ ব্যৱসায় কৰে৷ সেয়া কেৱল তেওঁলোকৰ ব্যৱসায়৷ তেওঁলোকৰ ব্যৱসায়ত অৰিহনা যোগোৱাৰ দৰকাৰ নাই৷ একেদৰেই দৰকাৰ নাই ছছিয়েল মেডিয়াত ফটো আপলোড কৰা আগতে বিউটি প্লাছ এপ ব্যৱহাৰ কৰি ফটো এডিট কৰি নিজকে বগা বা ক্ষীণ কৰাৰ৷ আপোনাৰ ভিতৰৰ সৌন্দৰ্য্য আপোনাৰ চেহেৰাত প্ৰতিফলিত হয়৷ প্ৰতিফলিত হয় আত্মবিশ্বাস৷ আভ্যন্তৰীণ সৌন্দৰ্য প্ৰতিফলিত কৰিলে বিউটি প্লাছ কৰি ফটো এডিট কৰাৰ প্ৰয়োজন নাই৷ মই কোনোদিন কোনো এপৰ দ্বাৰা ফটো এডিট কৰাৰ দৰকাৰ অনুভৱ কৰা নাই৷ কাৰণ মই জানো মোৰ আত্মবিশ্বাস মোৰ আচল সৌন্দৰ্য৷ একেদৰেই আপুনি শকত বা ক্ষীণ বুলিয়েই কি পিন্ধিব সেইয়া সিদ্ধান্ত লোৱাৰ অধিকাৰো আনৰ নাই৷ আপুনি শকত বুলিয়েই যে পিন্ধিব বিচৰা ওৱান পিছটো পিন্ধিব নোৱাৰিব বা ঢিলা কাপোৰহে পিন্ধিব তেনে কথা নাই৷ আপোনাৰ যি মন যায় সেইয়াই আপুনি পিন্ধিব পাৰে কাৰণ এইটো আপোনাৰ জীৱন৷ আনন্দৰ কথা এয়েজে এই বডি শ্বেমিঙৰ বিৰুদ্ধে নাৰী থিয় হবলৈ শিকিছে৷ আপুনিও হওক৷ মই সেয়ে অনুৰোধ জনাইছো আপুনি নিজকে ভিতৰৰ পৰা সুন্দৰ কৰি তোলক আৰু বডি শ্বেমিঙৰ বিৰুদ্ধে মাত মাতিবলৈ শিকক তাৰ পৰা পলাবলৈ বেলেগ উপায় বিচাৰিবলৈ এৰক৷ লগতে মানুহৰ ৰং, ৰূপ, আকাৰ লৈ অপমানজনক মন্তব্য কৰা প্ৰতিজন ব্যক্তি লাগিলে সেয়া পুৰুষেই হওক বা মহিলা হওক, সকলোকে অনুৰোধ কৰিছোঁ এনে মন্তব্যৰ দ্বাৰা কাৰোবাক অপমান কৰাটো বা অন্তৰত দুখ দিয়াটো বীৰত্ব নহয় ই আপোনাৰ সংকীৰ্ণ মনোভাবহে প্ৰকাশ কৰে৷

মৰমেৰে,

************************

One thought on “বডি শ্বেমিং – কুইলিন কটকী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!