বন্ধুলৈ চিঠি (ভৈৰৱ চাউদাং)

বন্ধুলৈ চিঠি

ভৈৰৱ চাউদাং
প্ৰতি
মৰমৰ
প্ৰিয় বন্ধু
পত্ৰৰ পাতনিতে একাঁজলি মৰম সাদৰেৰে গ্ৰহণ কৰিবা ।
এতিয়া আঘোণৰ বতৰ । পকা ধান পকা নৰাৰ গোন্ধৰে গোটেইখন আমোল-মোল । সৰুতে এনেকুৱা দিনবোৰত লেছেৰি বুটলি ফুৰাৰ কথা মনলৈ আহিছে । লেছেৰিৰ ধান বিক্ৰি কৰি মিঠাই খোৱাৰ কথা আৰু ঘৰৰ ডাঙৰ মানুহবোৰ পথাৰলৈ গুছি যোৱাৰ পাছত আমি সৰুবোৰেই ঘৰৰ গৰাকী হৈ কিমান যে দুষ্টালি নকৰিছিলোঁ । মৰণাৰ ওপৰত উঠি কিমান যে নজঁপিয়াইছিলোঁ ! সঁচাকৈয়ে কিমান যে মধুৰ আছিল আমাৰ ল’ৰালিৰ সেই দিনবোৰ ।
কিন্তু এতিয়াৰ সৰু সৰু ল’ৰা ছোৱালী বোৰক দেখি বেয়া লাগে । কিতাপৰ বোজাই কুঁজা কৰা সিহঁতে যাপন কৰিছে নষ্ট শৈশৱৰ দিন । অনবৰতে সিহঁতৰ ওপৰত মাক দেউতাকৰ কাঢ়া চকু । পঢ়া আৰু পঢ়া । নম্বৰৰ পাছত দৌৰ । বন্দী জীৱন ।
সেইয়ে চাগৈ সিহঁত যেতিয়া স্কুল এৰি মহাবিদ্যালয় ত ভৰি দিয়ে তেতিয়া সিহঁতে ল’ৰালিতে উপভোগ কৰিবলৈ নোপোৱা স্বাধীনতাকণৰ স্বাদ বিচাৰি ভুল পথে খোজ দিয়ে ।
আৰু সিহঁতৰ হাততেই আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে ! সিহঁতেই যদি ভুল দিশে যায় তেনে আমাৰ দেশৰ কি হ’ব ? এইবোৰ কথা এতিয়া আমি সময় থাকোঁতেই ভাবি চাবৰ হ’ল নহয়জানো ?
আজিলৈ সামৰিছোঁ কিন্তু উত্তৰৰ বাবে বাট চাই আছো ।
ইতি
তোমাৰ মৰমৰ
ভৈৰৱ ( টুলটুল)
[ভৈৰৱ চাউদাং
গাওঁ:- জামুগুৰি গাওঁ
ডাক:- কুৱঁৰী গাওঁ
পিন :-৭৮৬৬১৫
জিলা:- ডিব্ৰুগড় (অসম)]
 
 

One thought on “বন্ধুলৈ চিঠি (ভৈৰৱ চাউদাং)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!