বন্ধ! (দীপ জ্যোতি গগৈ)

’সদৌ অসম নচলা সন্থা’ৰ তৰফৰপৰা কালিলৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱা হৈছে৷ আহক আমি সকলোৱে মিলি বন্ধ সফল কৰোঁ৷
*******-*******
(এক)
: বুজিছে কলিতা, কালিলৈ বোলে অসম বন্ধ দিছে৷
: হেঃ কি কয় হে বৰুৱা, কোনে ক’লে?
: এই অলপ আগতে খুলশালিটোৱে ফোন কৰি কৈছে, সি আকৌ নচলা সন্থাৰ ডিষ্ট্ৰিক্ট চেক্ৰেটাৰী নহয়!
: অহ্, ভালে কথা তেন্তে৷ এই সুযোগতে অলপ শহুৰবাৰীৰপৰা আহিবগৈ পাৰিম, এওঁ বহুদিন নোযোৱা বাবে মুখ ফুলায়ে আছে৷
: অঁ অঁ, মইয়ো জেঠেৰীটোৰ তালৈকে পাক এটা দিম আৰু, অফিচ বন্ধই যেতিয়া, নে কি কয়, , হাঃ হাঃ হাঃ
******—******
(দুই)
: হেৰৌ মহেন, ক’ত যাৱ? আজি টাউন বন্ধ আছে নহয়!
: কি কৱ অ’ কাইটি, বন্ধ মানে?
: কোনোবা সন্থাই বোলে অসম বন্ধ দিছে, বহু ঠাইত টায়াৰ আদিও জ্বলাইছে! কি হ’ল তোৰ মুখৰ ৰং সলনি হৈ গ’ল যে?
: এদিনৰ হাজিৰা নাপালে খাম কি! ৰাতিপুৱাই চাউল শেষ হ’ল৷ এতিয়া মই কোনখন মুখ লৈ ল’ৰা-ছোৱালী কেইটাৰ ওচৰলৈ যাম তয়ে ক’চোন কাইটি..? ?
********–********
(তিনি)
: কালিলৈটো অসম বন্ধ, প্লেন কি বনাইছা? শুনিছোঁ ফান চিনেমাত ভাল চিনেমা এখন দি আছে৷
: হয় নেকি, মজ্জা তেন্তে৷ ফুল মস্তি কৰিম ন,  হিঃ হিঃ হিঃ…: উম্ জান, ফুল ফুল মষ্টি…
*******—-*******
(চাৰি)
: দেউতা, গাড়ী এখনো পোৱা নাই, বন্ধৰ বাবে সকলো গাড়ী আজি চলা নাই, সোনকালে ভণ্টিক মেডিকেললৈ নিব নোৱাৰিলে কি হ’ব?
: ৰ অ’, মই পদুমক কৈ থৈছোঁ, তাৰ মেজিকখনতে লৈ যাম৷
: দেউতা, পেটতো বহুত বিষাইছে!
: তই ধৈৰ্য্য ধৰ সোণমা, গাড়ী লৈ পদুম আহি আছে৷ অঁ অঁ সি পালেহিয়ে৷ কি অ’ পদুম, গাড়ীৰ আইনাখন কি হ’ল?
: নকবি অ’ বলেন কাই, ৰাস্তাতে কোনোবা হাৰামীয়ে শিলগুটি মাৰিলে৷ চাল্লা বন্ধ দিয়ে, তই চিন্তা নকৰিবি, সোণক লৈ ওলা, চাওঁচোন আৰু কেইটা শিলগুটি মাৰে…! !
*********–*********
(পাঁচ)
: হে’ৰি বজাৰলৈ নাযায় নেকি, পাচলি একোৱেই নাই৷ লগতে আপোনাৰ ঔষধো শেষ হৈ আছে৷ প্ৰেছাৰৰ দৰৱ কেইটাতো সদায়ে লাগে৷
: এহ্ ৰ’বাহে, পেপাৰত এয়া চোৱা, আজি আকৌ অসম বন্ধ দিছে, গোটেই বজাৰ-হাট সকলো বন্ধ৷ বুজিছা, আগতে আমিও আন্দোলন কৰিছিলোঁ, কিন্তু আমি এনেদৰে ৰাস্তাত গাড়ী জ্বলাই প্ৰতিবাদ কৰা মনতে নপৰে৷ কেতিয়াবা ভাবোঁ, আমাৰ এই ঠাইখন বাৰু সঁচাই গেলিবলৈ ধৰিলে নেকি!
: হ’ব, আপুনি ইমান ভাবিব নেলাগে, সেই যে গাড়ী চলাই ৰমেন, সি ৰাতিপুৱাই মাছ অলপ দি গ’ল, তাকে কণ বিলাহী কেইটামান দি ৰান্ধিম দিয়ক৷
: অঁ যোৱা যোৱা, বন্ধত তেন্তে আমি বুঢ়া-বুঢ়ীহালে মাছৰ জুতিকে লওঁ৷ এই বন্ধৰ জুইকুৰাই গোটেই সমাজখনকহে জ্বলাই নিছে হে…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!