বসন্তৰ ধ্বনি (অনুপমা বৰগোহাঁই)

বসন্তৰ ধ্বনি

অনুপমা বৰগোহাঁই


কু-উ, কু-উ – কি যে এক মিঠা অমিয়া বৰষা মাত !! ৱৰ্ডচৱৰ্থৰ ভাষাত “ A voice, a mystery” – এটা মাত্ৰ শব্দ – এটা ধ্বনিয়ে – কি যে এক প্ৰহেলিকাৰ সৃষ্টি কৰে মোৰ মনত !! বসন্তৰ দূত হৈ প্ৰতি বছৰে আমাৰ অসমলৈ আহে আৰু দলদোপ হেন্দোলদোপ কৰা ঢোলৰ চেও, ঢেঁকীৰ মাত, তাঁত-শালৰ খিট খিটনিবোৰ খৰতকীয়া কৰি তোলে। ঢেঁকীৰ মাত শুনিছিলোঁ নে বাৰু ?? ..হয় শুনিছিলোঁ _আমাৰ ঘৰৰ সন্মুখত থকা প্ৰিয়ম বাইদেউহঁতৰ ঘৰত ! চুবুৰীৰ সিটো পাৰৰ কেইবাগৰাকী মহিলাই জাক পাতি আহি পিঠা বনাবলৈ চাউল খুন্দি নিয়েহি প্ৰিয়ম বাইদেউহঁতৰ ঘৰৰ ঢেঁকীত ! আবেলিৰ পৰা কেতিয়াবা বহু ৰাতিলৈকে ঢেঁকীৰ মাতৰ লগতে খুড়ী-বাইদেউহতঁৰ প্ৰাণখোলা হাঁহিৰ শব্দই ঠাইডোখৰ ৰজনজনাই থাকে। তেতিয়া আমি বহুত সৰু .. নিম্ন বুনিয়াদী গৰকিছিলোহে মাথোন ! ওচৰ চুবুৰীয়া বা অচিনাকি মানুহ সকলোলৈকে লাজ লাগে..অহেতুক লাজ ! প্ৰিয়ম বাইদেউহঁতৰ ঘৰত আছিল এজোপা জেতুকা গছ। কুলিৰ মাত আৰু সেউজীয়া পাতেৰে ডো খাই থকা জেতুকা জোপাই মোৰ লাজবোৰ চুৰ কৰি লৈ গৈছিল। চুচুক চামাক কৰি তেনেকৈ নোযোৱা প্ৰিয়ম বাইদেউহঁতৰ ঘৰলৈ জেতুকা পাত চিঙিবলৈ যাওঁ ..জেতুকা গছজোপাৰ ওচৰত আছিল মিৰিকা টেঙাৰ গছ এজোপা। কি যে সুন্দৰ গছজোপা আৰু ৰঙা ৰঙা চিক্ মিক্ কৰি থকা পকা মিৰিকা টেঙাবোৰ !! মোক খা মোক খা কৰি থকা ৰঙা মিৰকাবোৰৰ এটা খুজি খোৱাতকৈ জেতুকা পাত দুখিলামান পোৱাটোহে বেছি কাম্য আছিল। কিমান যে মৰম কৰিছিল প্ৰিয়ম বাইদেউয়ে আমাক ! আমি গলেই ক’ত ল’ম ক’ত থ’ম যেন কৰিছিল মোক আৰু মোৰ সৰু বাইদেউক !! গলিটোৰ আনবোৰ শিশু _ যাৰ লগত তেওঁলোকৰ সঘন আহযাহ সেইসকলতকৈয়ো আমাক বেচি গুৰুত্ব দিছিল। তথাপিও আমাৰ লাজ, সংকোচ নুগুচিছিল ..তুলনা মুলক ভাবে চুবুৰীটোত আমিয়েই সকলোতকৈ অৱস্থাপন্ন আছিলো। সেয়ে ছাগে বেছি গুৰুত্ব দিছিল _ আমি কিন্তু তেতিয়া সেইবোৰ কথা একো বুজি পোৱা নাছিলোঁ !.
“কু-উ”
আনফালৰ পৰা ময়ো মাত লগাওঁ ..কু-উ.. পুনৰ ‘কু-উ’ ‘কু-উ’ৰ মাতেৰে উত্তৰ প্ৰত্যুত্তৰ ..পিছত গম পাওঁ সেয়া আচল কুলি চৰাই নহয়। আমাৰ ভাড়াঘৰত থাকি পঢ়িবলৈ অহা কোনোবা এজন দাদাৰ মাত !! লাজত দৌৰ মাৰি মাৰ আঁচল বিচাৰি যাওঁ !!…..
জেতুকা ৰঙাকৈ হাতত লাগিবলৈ হ’লে জেতুকা পাতৰ লগত থেকেৰা, পাণৰ পাত আৰু কত কি দিব লাগে বুলি ওচৰৰ বান্ধৱীসকলে যি কয় তাকে কৰো। মায়ে ৰাতি কাম বন শেষ কৰি পটাত মিহিকৈ পিঁচি জেতুকা আমাৰ কণমাণি হাতদুখনত লগাই কাপোৰ এখনৰে বান্ধি শুই থাকিবলৈ দিয়ে ..পিছে গোটেই ৰাতি হাতত জেতুকা লগাই ৰঙ চাবলৈ ৰৈ থকাৰ ধৈৰ্য নাথাকে ..সেয়ে অলপ সময়ৰ পিছতে খুলি পেলাওঁ ..পিচে হাতত ৰঙা ৰঙ নালাগে হালধীয়া ৰঙ এটাহে হয়। মনৰ দুখত শুই থাকো .. পিছদিনা সখীহঁতৰ পৰামৰ্শমতে আমাৰ ঘৰত থকা গৰুজনীৰ মুত্ৰত হাতখন ধোওঁ ..নাই তথাপিও ৰঙ নুঠে হাতত !! কোনোৱে কোনোৱে কয় ৰঙিয়াল মানুহৰ হাতত হেনো জেতুকাৰ ৰং ভালকৈ লাগে। মোৰ কিন্তু প্ৰিয়ম বাইদেউহঁতৰ জেতুকা গছজোপালৈ খং উঠে !! …
মাৰ তাঁত-শালখনৰ গামোচাবোৰ কুলি চৰাইৰ মাতে খৰকৈ বৈ উলিয়াবলৈ সোঁৱৰাই দিয়ে। ডাঙৰ বাইদেৱে দিনে নিশাই জুপি জুপি ডাঙৰ ডাঙৰ ফুল বাচে ..গামোচাৰ ফুলৰ পাৰি কেইটাৰ নক্সা যিমান পাৰে ব্যতিক্ৰমী কৰিবলৈ চেষ্টা কৰে। সুৰুঙা পালেই তাঁতৰ পাতত বহি এমাকো দুমাকো মাৰিছিলো আৰু তেতিয়াই অঘটনটো ঘটে। মোৰ মনটোৰ দৰে চঞ্চল মাকোটোৱে মোৰ কথা নুশুনি সুতাবোৰ চিঙি দিয়ে। বাইদেউ খঙে চুলিৰ আগ পায়গৈ.. খঙতে তাই কান্দি দিয়ে।
এইখিনি সময়তে মনত পৰে দুৰণিত থকা দাদা আৰু মাজুবাইদেউলৈ .. কুলিৰ মাতৰ দিনবোৰৰ মাজতে সিহঁত ঘৰলৈ আহে আৰু কিছুদিন থাকি পুনৰ গুচি যায় ঠিক কুলি চৰাইৰ দৰে আহে আৰু যায়। সিহঁত থকা দিনকেইটা যে ইমান ভাল লাগে। সিহঁতৰ আগমনলৈ কিমান হেঁপাহেৰে বাট চাই থাকো ..।
ঢোলৰ মাত, বিহু হুচৰিৰ মাত..কুলিৰ মাতৰ লগত প্ৰাণৰ আবেগ-আনন্দ মিহলি হৈ অনিৰ্বাচনীয় আনন্দৰ সৃষ্টি হৈছিল …
.
লাহে লাহে ঢেঁকীৰ মাত নোহোৱা হ’ল .. তাঁতশালৰ মাত ..ঢোলৰ চাপৰ ..হুঁচৰি ..সকলো নাইকীয়া হ’ল !! তথাপিও কুলিৰ মাতে মন মতলীয়া কৰে ..প্ৰেমৰ ঋতুৰ বতৰা দি গছ বিৰিখত ৰঙ বোলাই যায়। ..এনে এটা কুলিৰ মাতে মন উতলা কৰা বসন্ততে আজি ১৪ বছৰৰ আগতে বিয়া হৈ নিজৰ ঘৰ এৰিলোঁ ..অসম এৰিলোঁ। অসম এৰাৰ পাছত এটা বহাগতো অসমৰ বিনন্দীয়া বসন্তৰ ৰূপ দেখাৰ সৌভাগ্য হোৱা নাই .. তথাপি য’তে নাথাকো কিয় বহাগত কুলি চৰাইৰ মাত শুনাৰ পৰা বঞ্চিত হোৱা নাই ..কুলিৰ মাতে মোক সদায় অতীতৰ অসমৰ মোহনীয় দিনবোৰলৈ লৈ যায় ! ক’ব নোৱাৰাকৈয়ে মাজ নিশা সাৰ পাই বুকু ভাগি কন্দা কেতেকীজনীৰ দৰে কান্দো …. অ’ কুলি তই বাৰু মোক কন্দুৱাবলৈয়ে কিয় আহ !! সদায় বহাগত দিনবোৰত মই ছটফট কৰো কুলিৰ মাতত ! এই প্ৰহেলিকাময় ধ্বনিটোৱে মোৰ মন জগতখনৰ চুক কোণত এক শূণ্যতাৰ কোলাহল সৃষ্টি কৰে !!
.
.
এইবাৰ মই এনে অনুভৱ কৰা নাই। কিছুদিন আগতে মোৰ অসমৰ বন্ধু এজনে কৈছিল _ অসমত এতিয়ালৈকে কুলিৰ মাত তেওঁলোকে শুনা নাই !!! কিন্তু অসমৰ পৰা হাজাৰ মাইল দূৰত থকা মোৰ ঘৰখনলৈ যে কুলি চৰায়ে আগতীয়াকৈ আহি বসন্তক য’তে যেনেকৈ পাৰে ৰঙ মনেৰে আদৰিবলৈ কৈ আছে !!!

কুউ উ উ……….. কুউ উ উ..

ভাল লাগিছে …কুলিজনীৰ লগত মোৰ লৰায়েও মোৰ সৰুকালৰ দৰেই সুৰ মিলাই চিঞৰিছে .. কু-উ..
কু-উ..কু-উ..কু-উ_ !!!!!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!