ব’হাগ আৰু ব্যঞ্জন: ৰশ্মিতা কাশ্যপ বৰা

ব’হাগ মানেই যেন উচাহ…প্ৰকৃতিৰ উশাহ। শীতত শেঁতা পৰা গছ-বনে বাগৰ সলাই ফাগুনৰ পচোৱাত। চ’তে আনে উন্মাদনা, বিহু বিহু লগা এটা চিনাকি গোন্ধ। আৰু শেষত আহে ব’হাগ.. নাচনীহঁতৰ চেনাইটিয়ে বজোৱা পেঁপাৰ টিহিটি মাত হৈ। ব’হাগ জানো এটা মাহ হৈ আহে !!

ব’হাগ আহে জীৱনৰ ৰং হৈ। এই ব’হাগতে জড়িত হৈ আছে আমাৰ বিভিন্ন আচাৰ-আচৰণ, ৰীতি-নীতি আৰু পৰম্পৰা। প্ৰতি ব’হাগকেই আমি আদৰোঁ তিল-পিঠা, ঘিলা-পিঠা আৰু নানা বিধ লাড়ুৰে। কিন্তু আহকচোন, এইবেলি ব’হাগৰ বিহুৰ জুতি লওঁ অলপ বেলেগ ধৰণেৰে….

 

১. পূৰ দিয়া লাড়ু

উপকৰণ:-

বৰা চাউলৰ গুড়ি, পূৰ দিবলৈ ৰুকি লোৱা নাৰিকলৰ (চেনী বা গুৰ দি) ভাজি , অলপ গৰম পানী।

প্ৰণালী:-

প্ৰথমে বৰা চাউলৰ গুড়িখিনি অলপ গৰম পানীৰে আটা মৰাৰ দৰে মাৰি ১৫ মিনিট মান নিলগাই থওক। ৰুকি লোৱা নাৰিকলখিনি চেনী অথবা গুৰ দি অলপ ৰঙচুৱাকৈ ভাজি লওক। এতিয়া মাৰি লোৱা চাউলৰ গুড়িখিনি সৰু সৰু লাড়ুত ভাগ কৰি লুচিৰ আকাৰত অলপ বহলাওক আৰু মাজত ভাজি থোৱা নাৰিকল অলপ দি লাড়ুৰ আকাৰ দিয়ক। প্ৰয়োজন হ’লে হাতৰ তলুৱাত অলপ পানী সানি ল’ব পাৰে, এনে কৰিলে লাড়ুবোৰ মসৃণ আৰু গোল কৰাত সুবিধা হয়। এতিয়া এটা পাত্ৰত অলপ পানী গৰম কৰক আৰু তৈয়াৰ কৰি লোৱা পূৰ দিয়া লাড়ুবোৰ উতলা পানীত দি দিয়ক। লাড়ুবোৰ পানীত ওপঙি উঠিলে বুজিব যে সিজি উঠিছে। এতিয়া লাড়ুবোৰ পানীৰ পৰা উঠাই আনক আৰু পূৰ দিয়া লাড়ুৰ আনন্দ লওক। নাৰিকলৰ সলনি আপুনি গুৰ দিও পূৰ দিয়া লাড়ু তৈয়াৰ কৰিব পাৰে।

২. পূৰ দিয়া কলপাত পিঠা

উপকৰণ:-

পিঠাগুৰি, গুৰ বা চেনী দি ভজা নাৰিকলৰ গুড়ি, এচিকটা নিমখ, প্ৰয়োজন অনুসাৰে গাই ঘিঁউ, গৰম পানী আৰু কলপাত।

প্ৰণালী:-

অলপ পিঠাগুড়ি তাৱাত সামান্য সেকি লওক। এটা পাত্ৰত দুকাপ পানী গৰম কৰি তাত এচিকটা নিমখ আৰু দুচামুচ ঘিউ দি উতলাই লওক। এতিয়া সেকি লোৱা পিঠাগুড়িখিনি গৰম পানীত দি ভালদৰে লৰাই এক ডাঠ মিশ্ৰণ তৈয়াৰ কৰক। আপুনি যদি মছলাৰ সোৱাদ ভাল পায় তেন্তে এই মিশ্ৰণখিনিত অলপ গৰম মছলা দি ল’ব পাৰে। মিশ্ৰণ খিনি অলপ ঠাণ্ডা হোৱা যেন পালে এক নিৰ্দিষ্ট আকাৰৰ লাড়ুত ভগাই লওক। এতিয়া যতনাই থোৱা কলপাতত খিলাই প্ৰতি এটাকৈ লাড়ু দি হাতেৰে বহলাওক আৰু ভাজি লোৱা নাৰিকলৰ পূৰ দি কলপাত কেইখিলা মাজতে সমানে দুভাগ কৰি জপাই দিয়ক। আন এটা পাত্ৰত অলপ সৰহকৈ পানী গৰম কৰি জাপি লোৱা কলপাত কেইখিলা দি ভাপত কিছু সময় সিজিবলৈ দিয়ক। সিজিলে পানীৰ পৰা উঠাই আনি পাতৰ পৰা উলিয়াই গৰমে গৰমে সপৰিয়ালে পুৰ দিয়া কলপাত পিঠাৰ সোৱাদ লওক।

ব্যঞ্জন মানেই জিভাৰ পানী….ব’হাগত এনে বিভিন্ন ব্যঞ্জনেৰে চেনাইক যাঁচক বিহুৰ ওলগ…..নতুন বছৰটো যেন সকলোৰে বাবে হয় একো একোটা পূৰ দিয়া মিঠালাড়ু, তাৰেই কামনাৰে….

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!