ব’হাগ বিহুৰ অতীত আৰু বৰ্তমান : কল্যাণজ্যোতি চুতীয়া

“ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ;
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ। ”
ড° ভূপেন হাজৰিকা

ব’হাগ – প্ৰতিজন অসমীয়াৰ ধমনীয়ে ধমনীয়ে সিৰাই উপসিৰাই প্ৰৱাহিত হৈ থকা এজাক উতলা তেজৰ নাম ব’হাগ। স্বকীয় বৈশিষ্টৰে মহিমা মণ্ডিত অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ হিয়াৰ আমঠু ব’হাগ – আমাৰ হৃদ স্পন্দনৰেই এক অন্য নাম ব’হাগ , যিয়ে আমাক দিছে বিশ্ব দৰবাৰত সসন্মানে আৰু আত্মগৌৰৱ সহকাৰে থিয় দিয়াৰ সাহস।
অসমীয়া জাতিৰ জন্মলগ্নৰে পৰা বৰ্তমানৰ একবিংশ শতাব্দীলৈকে জাতিটোৰ এক বিশ্বস্ত সহচৰ হৈ থকা বিহুটিৰ আগমনৰ লগে লগে আমাৰ দেহা মন থৌকি-বাথৌ হৈ উঠে। কুলিৰ সুমধুৰ মাতে , আম-কঁঠালৰ কেঁচা সুবাসে আৰু গছ-বনৰ ন কুঁহিপাতে শিশুৰ মনত অপাৰ আনন্দ , ডেকা-গাভৰুৰ দেহত পাৰ ভঙা যৌৱনৰ বলীয়া বান আৰু বৃদ্ধসকলৰ মনতো নতুন প্ৰাণ শক্তি জগাই তোলাৰ সন্ধিক্ষণতে ব’হাগ বিহুৰ আগমন ঘটে। ৰাতিৰ আন্ধাৰ ফালি ভাহি আহে সকলোৰে হিয়া উজলাই তোলা ঢেঁকীশালৰ সেই চিৰপৰিচিত শ্ৰুতি মধুৰ শব্দ , গৰজি উঠে ঢোল পেঁপা গগনা। সকলোৰে দেহা সাতখন আঠখন হৈ পৰে ; আবাল-বৃদ্ধা-বনিতাই হেঁপাহ পলোৱাই নাচে বিহু গীতৰ ছন্দে ছন্দে; চিৰা সান্দহ পিঠা জলপান উদৰ পূৰাই খাই সকলোৱে ; প্ৰিয়জনৰ বিহুৱান ,সৰুৰ শ্ৰদ্ধা- জেষ্ঠৰ মৰমেৰে প্ৰাণোচ্ছল হৈ উঠে সকলো।
বিশ্বায়নৰ এই যুগতো যে আমি আমাৰ বাপতি সাহোন সাংস্কৃতিক জয় ধ্বজাবাহী বিহুটিক হিয়াৰ উমেৰে জীপাল কৰি উলহ-মালহেৰেই পালি আহিছোঁ , সেয়া নিশ্চয়কৈ গৌৰৱৰ কথা। কিন্তু এই কথাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে এই বিৰাত পৰিৱৰ্তনৰ কালছোৱাত বিহুটিৰ ৰূপো বহুল পৰিমাণেই সলনি হৈছে। অতীতৰ গছৰ তলৰ বিহু আজি মঞ্চত উঠিলহি। ঘৰে ঘৰে গোৱা হুঁচৰিৰ ৰীতিও অসমৰ বহু ঠাইতে মৃতপ্ৰায় বুলি ক’লেও ভুল কোৱা নহ’ব। গোলকীকৰণৰ ধুমুহাই হওঁক বা নৱ প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তনৰ ফলতেই হওঁক বিহুৰ কিছুমান পৰিৱৰ্তনক কেতিয়াও জাতিটোৰ বাবে শুভ বুলি বিবেচনা কৰিব নোৱাৰি।
হাবিৰ তলৰ বিহুক ৰাজকীয় মৰ্যদা দিয়াৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলৰ বিশেষ ভূমিকা অনস্বীকাৰ্য। চুতীয়া ৰজাসকলৰো বিহুৰ পৃষ্ঠপোষকতাৰ কথা সৰ্বজনবিদিত। ইতিহাসে স্বৰ্গদেউ ৰুদ্ৰ সিংহদেৱৰ কলা-সংস্কৃতিৰ প্ৰীতিৰ কথা আমাক কয়। তেখেতৰ অনবদ্য প্ৰচেষ্টাত বিহুৰ হুঁচৰিয়ে ৰং ঘৰৰ বাকৰিত স্থান পাইছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ নামো এইক্ষেত্ৰত প্ৰণিধানযোগ্য। বিহুগীতৰ কিছুমান কলিয়ে স্বৰ্গদেউসকলৰ বিহু প্ৰীতিৰ উমান দিয়ে-
“স্বৰ্গদেউ উলালে বাটচ’ৰাৰ মুখলে
দোলীয়াই পাতিলে দোলা
কাণত জিলিকে কাণৰে জাংফাই
গাতে গোমচেংৰ চোলা।”
স্বৰ্গদেউসকলৰ আন্তৰিক সহায় সহযোগিতাত বিহুৱে ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিব খোজোঁতেই মানৰ আক্ৰমণে অসমৰ স্বাধীনতাৰ বেলি গ্ৰাস কৰি পেলালে। মানৰ আক্ৰমণ আৰু পিছত ব্ৰিটিছৰ ওচৰত পৰাধীনতা- এই সকলোবোৰে মিলি বিহু-সংস্কৃতিক নিজৰ স্বকীয়তাৰ পৰা ভ্ৰষ্ট কৰিবলৈ প্ৰচেষ্টা চলায়।
ব্ৰিটিছ শাসনৰ কালত যিসকল অসমীয়াই আধুনিক পাশ্চাত্য শিক্ষাৰ পোহৰ লাভ কৰিলে তেওঁলোকৰ বহুতেই আকৌ বিহুক অশিক্ষিত-অসভ্যৰ সংস্কৃতি (‘an art from heathens’)বুলি ক’বলৈকো কুণ্ঠাবোধ নকৰিলে। তথাকথিত শিক্ষিতসকলৰ অৱস্থা ম’ৰাৰ পাখি লগোৱা কাউৰী সদৃশ হৈ উঠিল। মুঠৰ ওপৰত ক’বলৈ গ’লে ১৮২৬ৰ পাছৰ কালছোৱাত অসমৰ সংস্কৃতি নিজৰেই এচাম কুলৰ কুলটাৰ হাতত লাঞ্ছিত হ’ব লগা হৈছিল। কিন্তু তেনে সময়তো ৰজনীকান্ত বৰদলৈ , লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে অসম গৌৰৱসকলে বিহুৰ মৰ্যদাক বিলীন হৈ যাব নিদিলে। ৰজনীকান্ত বৰদলৈয়ে তেখেতৰ উপন্যাস ‘মিৰি জীয়ৰী’ত বিহুক ‘বাপতি সাহোন’ আখ্যা দিয়ে আৰু অসমৰ জাতীয় উৎসৱ বুলি ঘোষণা কৰে। গণেশ চন্দ্ৰ হাজৰিকাদেৱে ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি বিহুৰ এক সবিশেষ বৰ্ণনা দাঙি ধৰে। স্মৰ্তব্য যে ঢেকীয়াল ফুকনৰ আদিৰ দৰে প্ৰভাৱশালী ব্যক্তিয়ে বিহুক নিন্দা কৰাৰ সময়ত এনে এখন গ্ৰন্থৰ প্ৰকাশ বহুতেই উল্লেখযোগ্য ঘটনা আছিল।
এনেদৰেই নানান সংঘাত প্ৰতিঘাতৰ মাজেৰে আহি সঁচা অসমীয়াৰ নিভাঁজ মৰমৰ উত্তাপত বিহুৱে মঞ্চৰূপ পাইহি। যথেষ্ট বিতৰ্ক বা মতভেদ থাকিলেও জনা মতে ১৯৩৪ চনত গোলাঘাটত আনুষ্ঠানিকভাৱে প্ৰথম মানুহ বিহু পতা হয়। তাৰপিছত আকৌ ১৯৩৫ চনত দেৰগাঁৱত বাপুজী মন্দিৰত বিহু সন্মিলন অনুষ্ঠিত হয়। প্ৰেমধৰ্ চলিহাৰ মতে প্ৰথম আনুষ্ঠানিক বিহু সন্মিলন হৈছিল ১৯৪১ চনত শিৱসাগৰৰ নাট্য মন্দিৰত , বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সভাপতিত্বত। পাছলৈ অসমৰ সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল পথাৰত ব্যাপক আয়োজনেৰে বিহু মেলা পতা হয়। এনেদৰেই মহেশ্বৰ নেওগ , ৰাধাগোৱিন্দ বৰুৱা, প্ৰেমধৰ্ চলিহাৰ দৰে জাতীয়তাবাদী অসমীয়াৰ অসীম প্ৰচেষ্টাত বিহুৱে আজিৰ আধুনিক আৰু নতুন ৰুপটি পাইছেহি। এইক্ষেত্ৰত হেমাংগ বিশ্বাসদেৱৰ অৱদানো অনস্বীকাৰ্য। বিখ্যাত ঢুলীয়া মঘাই ওজাকো তেখেতেই ৰাইজৰ সন্মুখত তোলি ধৰে।
মঞ্চ বিহুতো লাহে লাহে নতুন নতুন সংযোজন ঘটি থাকিল। হুঁচৰি প্ৰতিযোগিতা , বিহু কুঁৱৰী , মৌ কুঁৱৰী , ঢোলবাদন , পেঁপাবাদন আদি নানান প্ৰতিযোগিতাৰ মাধ্যমেৰে বিহুক জনমানসত জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলোৱা হ’ল আৰু আজিকোপতি সেইবোৰ চলিয়েই আছে। বৰ্তমান বিহুক বৈদ্যুতিন মাধ্যমেৰে পৰিৱেশন কৰাৰ যাত্ৰাও আৰম্ভ হৈছে। আজি আমাৰ বিহু গৈ বিশ্বৰ আটাইতকৈ মহত্বপূৰ্ণ সমাৰোহ লণ্ডন অলিম্পিকতো স্থান লভিছে। তৎসত্বেও সকলোৰে মনত এটা সন্দেহ নিশ্চয়কৈ আছে যে বিহুৰ এই বিৱৰ্তনে অনাগত ভৱিষ্যতে কেনেকুৱা ৰুপ ল’বগৈ? বিহুৰ মঞ্চ আগমনৰ পাছত ইয়াৰ তীব্ৰ বাণিজ্যিককৰণৰ অভিযোগক প্ৰত্যাখান কৰিব নোৱাৰি। সাংস্কৃতিক নিশাৰ আয়োজন কৰি শিল্পী আমন্ত্ৰণৰ নামত লক্ষ লক্ষ টকাৰ যি বেহা চলে সেয়া আমাৰ কাৰো অবিদিত নহয়। তাৰোপৰি বিহু মেলাৰ সময়ত এচাম উদণ্ড উচ্ছৃংখল যুৱকে মদ খাই বলিয়ালি কৰা ঘটনা বৰ্তমান ভাতৰ লগত পানী খোৱাৰ দৰেই তেনেই সুলভ হৈ পৰিছে। ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ যি মহান সাংস্কৃতিক পৰম্পৰা আছিল তাকো আজি ঘূণে ধৰিছে ; মোটা অংকৰ মাননিৰ লোভত ধনীৰ ঘৰত বিহু পৰিৱেশন কৰি দুখীয়াৰ ঘৰত পদ-ধুলি নিদিয়াতো অতি লজ্জাজনক আৰু জাতিটোৰ বাবে অতি মাৰাত্মক। আকৌ বিহু মেলা পতাৰ নামত বাটে-পথে চান্দা তুলি , বহু সময়তেই ইমানখিনি লাগিবই বুলি দাবী কৰা এক অপস্ংস্কৃতিও গঢ়ি উঠা দেখা গৈছে। ইমানেই নহয় বিহুসুৰীয়া গীতৰ এলবামবোৰে মূল সুঁতিৰ পৰা বৰ্তমান বহু পৰিমাণেই ফালৰি কাটি গৈছে। সম্প্ৰতি প্ৰতিখন গাঁৱতেই আৰু প্ৰতিখন নগৰতেই বিহু মেলা পতাটো এক ফেশ্বনত পৰিণত হৈছে। কেতিয়াবা এনে অনুভৱ হয় যেন প্ৰত্যেকেই এক বিৰাট প্ৰতিযোগিতাত নামি পৰিছে কোনে কিমান ডাঙৰকৈ মেলা পাতিব পাৰে , কোনে বেছি টকাৰ পুৰস্কাৰ ৰাখিব পাৰে, কোনে আটাইতকৈ বেছি দামী শিল্পীক মাতিব পাৰে , কাৰ মণ্ডপ আটাইতকৈ জাকজমক হয়। এনেকুৱা ধামখুমীয়াৰ মাজত যে বিহুৰ প্ৰ্কৃত মূল্য নিৰ্ধাৰণ হোৱা নাই সেয়া আমি সকলোৱেই পাহৰি গৈছোঁ। আমি পাহৰি গৈছোঁ বিহু মানে যে অকল দামী শিল্পীৰ গান নহয় , গাভৰুৰ লয়লাস নৃত্য নহয়; ই আমাৰ বাবে ‘অন্ধকাৰৰ পোহৰ ভাঙি কৰা এক জ্যোতিস্নান’ ,’পৰাণৰ একোটি প্ৰাণ’।
এনেকুৱা অৱস্থা যদি বৰ্তী থাকে তেন্তে হয়তো অদূৰ ভৱিষ্যতে বিহুৰ অস্তিস্ব নাইকিয়া হৈ যাব বা ইয়াৰ স্বকীয়তা সম্পূৰ্ণৰূপে বিলুপ্ত হৈ পৰিব। আৰু যিদিনাই বিহু শেষ হ’ব সেইদিনাই অসমীয়া জাতিও কালৰ গৰাহত চিৰদিনৰ বাবে নিশেষ হৈ পৰিব। এয়া আমাৰ প্ৰত্যেকৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য যে আমি আমাৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলোৱা উচিত। অকল ব’হাগৰ সময়ত বিহুগীত বা বিহুনাচক প্ৰাধান্য দি বছৰৰ বাকী গোটেই সময়ছোৱা যদি আমি আমাৰ সংস্কৃতিক আওকাণ কৰি বিদেশী সংস্কৃতিৰ অন্ধ অনুকৰণত নিজকে ডোবাই ৰাখোঁ তেন্তে এদিন আমাৰ অৱস্থা পানীত হাঁহ নচৰা হৈ উঠিব আৰু নিজৰেই মাটিত নপুংসক হৈ বিদেশীৰ বহতীয়া হৈ ক্লীৱতাৰ নিশা কটাব লাগিব। সেয়ে এই জন-অৰণ্যত শিপা বিহীন বিৰিখ হোৱাৰ আগতেই ,আহক এই বিহুৰ বতৰত আমি পণ লওঁ আমাৰ সংস্কৃতিক জাকত-জিলিকা কৰি গোটেই বিশ্ববাসীকে চমকিত কৰাৰ। জয় আই অসম।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!