ব’হাগ ২০১৫ (বিশাল দেৱ ৰায়)

হালধীয়াৰ বিনিময়ত সেউজীয়া

মেঘৰ বিনিময়ত বৰষুণ

হাগ,

হৃদয়ৰ বিনিময়ত হৃদয়

মৃত্যুৰ বিনিময়ত জীৱন !

সৌ সিদিনালৈ,

কপৌফুলে কুঁহিপাত মেলিলেই

হাগ আহে,

কুলিয়ে মাতে !

এখন সহজ ছবি, অসহজ ভাৱনাৰ !

মনত ৰং, আপদীয়া খং !

 

এতিয়া বিশ্বায়নৰ বতাহ

হাগতো খৰাং পথাৰ, তৰাং নদী !

আৰ্তনাদ ! এয়াই হাগ !

আধুনিকতাৰ হাগ, এতিয়া মৃত !

গুলিৰ শব্দত আহিব পাৰে হাগ !

সন্ন মৃত্যুই মাতিব পাৰে হাগ !

তেজ আৰু ধোঁৱাই কঢ়িয়াব পাৰে হাগ !

হাগ মানেই বিনিময় প্ৰথা !

তেতিয়া

মেঘৰ বিনিময়ত বৰষুণ!”

এতিয়া

“… … … …”

বিনিময়হীন ! মাথোঁ আৰ্তনাদ !

 

One thought on “ব’হাগ ২০১৫ (বিশাল দেৱ ৰায়)

  • April 20, 2015 at 10:06 am
    Permalink

    সুন্দৰ প্ৰকাশ পঢ়ি ভাল পালো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!