বহিঃ বিশ্বৰ ৱিকিলিকছ : যোৱা নব্বৈ পাক ভূ-আৱৰ্তনৰ ‘কেবল’ (গুৰু গোবিন্দ বৰতামুলী)

(বিগত কেইদিনমানৰ ঘটনাৱলী পৰ্যবেক্ষণ কৰি বহিঃ বিশ্বৰ দূত সকলে নিজৰ গ্ৰহলৈ পঠিওৱা প্ৰতিবেদনৰ কিয়দাংশ এইয়া। অসমীয়ালৈ অনুবাদ কৰোঁতে কূটনৈতিক-ৰাজদূতীয় বাক্য-ব্যাকৰণশৈলী একে ৰখাৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে যদিও অনেক সময়ত পৰিভাষাৰ অভাৱৰ বাবে কিছু আসোঁৱাহ ৰৈ যোৱাটো অস্বাভাৱিক নহয়।)

“ ‘মানুহ’নামৰ জীৱটো এটা প্ৰাকল্পিক জীৱ। জীৱটোৰ সংজ্ঞাৰ লগত জড়িত কৰিব খোজা এটাও বৈশিষ্ট্য, ইহঁতে মানি চলাতো আমি এতিয়ালৈকে পৰ্যবেক্ষণ কৰা নমুনা সমূহৰ বিশ্লেষণৰ পৰা পাৰিসাংখ্যিক ভাৱে সাৰ্থক বুলি প্ৰমাণিত কৰিবপৰা হোৱা নাই। প্ৰায় সকলো বৈশিষ্ট্যই ইহঁতে ইয়াত নিৰ্বাচন নামৰ উৎসৱটোত উলিওৱা ইস্তাহাৰ নামৰ স্মৰণিকাখনৰ প্ৰতিশ্ৰুতিবোৰৰ নিচিনা। ভাতৃত্ববোধ, সহনশীলতা, সামাজিক দায়িত্ববোধ আদি মানৱীয় লেবেল লগোৱা বৈশিষ্ট্য সমূহ একো একোটা পানীৰ ঔটেঙা বুলি পাৰিসাংখ্যিকভাৱে গ্ৰহণ কৰিব পাৰি। গ্ৰহটোৰ শ্ৰেষ্ঠজীৱ বুলি নিজৰ শিঙা নিজে ফুকি গঢ়া ফোঁপজহী “নাল হাইপ’থেছিছ” ব্যৱহাৰিক সাৰ্থকতাৰ মানৰ পৰা অগ্ৰহণযোগ্য। পৃথিৱী গ্ৰহটোৱে নিজৰ অক্ষত যোৱা নব্বৈপাক মৰা সময়ৰ ভিতৰত অধ্যয়ন কৰা নমুনা সমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে বৰ্তমানে অধ্যয়ণৰ অধীন অঞ্চলৰ বিবেচনাধীন জীৱবোৰৰ এটা বুজন অংশ এটা ৰোগত হাজাৰ হাজাৰ বছৰ ধৰি আক্ৰান্ত হৈ আহিছে। সেই ৰোগৰ বীজাণু আৰু জীৱ এনে স্তৰৰ সহজীৱি হৈ পৰিছে যে গৃহস্থ আৰু পৰজীৱি কীট পৰস্পৰৰ পৰা বিতাড়িত কৰাটো জীৱটোৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি হব পাৰে।আনকি এনেধৰণৰ তত্বও প্ৰচলিত হৈছে যে এই কীট বিধৰ বাবেহে মানুহ নামৰ জীৱটো বিদ্যমান।

এই বীজাণুবিধেই ইয়াৰ সমাজ গঢ়িছে বুলিও বীজাণু সঞ্চাৰণ কেন্দ্ৰ বুলিবপৰা জীৱ কিছুমানে দাবী কৰে। এই বীজাণুবিধৰ প্ৰকাৰ (চেৰ’টাইপ) প্ৰকৃততে কিমান সেইটো এটা মুকলি প্ৰশ্ন। প্ৰকাৰৰ উপৰিও উপ-প্ৰকাৰ, উপ-উপ-প্ৰকাৰ, উপ-উপ-উপ-প্ৰকাৰ আদিৰ সমাৰোপনে অধ্যয়নৰ জটিলতা বঢ়াই তুলিছে। হ’লেও অধ্যয়ন অঞ্চলত তিনিটা প্ৰধান প্ৰকাৰৰ অৱস্থিতি সাৰ্থকতা মানৰ ভিত্তিত নিশ্চিত কৰাহৈছে। এই কেইটা হৈছে:প্ৰকাৰ-খ, প্ৰকাৰ-হ আৰু প্ৰকাৰ-ই। ইয়াৰে খ আৰু ইআমদানিকৃত সঁচ। ‘হ’ স্থানীয় সঁচ। বীজাণুবিধৰ প্ৰকাৰ সমূহৰ প্ৰজাতিগত গুণাৱলীএকে বুলি সঞ্চাৰণ কেন্দ্ৰ সমূহৰ বিজ্ঞপ্তিবোৰে দাবী কৰে। কিন্তু প্ৰকাৰসমূহৰ মাজত পৰ্যবেক্ষিত অন্তঃপ্ৰজাতীয় দ্বন্দ্ব এই গ্ৰহৰ অতি নিম্ন প্ৰজাতিৰ জীৱবোৰৰ আন্তঃপ্ৰজাতীয় দ্বন্দ্বৰ লগত তুলনীয়। আমদানিকৃত প্ৰকাৰৰেই হওঁক বা স্থানীয় প্ৰকাৰৰে হওঁক ইহঁতৰ উপপ্ৰকাৰ বোৰৰ মাজতো একেলেখৰ দ্বন্দ্ব পৰিলক্ষিত। এক মাপদণ্ড স্বাতন্ত্ৰিক অবিকল (স্কেল ইনভেৰিয়েন্স) সকলোস্তৰতে ব্যাপ্ত।

খ আৰু ই প্ৰকাৰৰ মাজৰ দ্বন্দ্ব দুয়োটা প্ৰকাৰৰ ওচৰা-ওচৰি উৎপত্তিস্থলৰে পৰা আৰম্ভ কৰি, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ধনকেন্দ্ৰ পতনলৈকে বিস্তৃত। খ, ই আৰু হ প্ৰকাৰৰ মাজত বৰ্তমান অধ্যয়নক্ষেত্ৰৰ পৰিসীমাত প্ৰায় নিয়মীয়া সময়ান্তৰালত দ্বন্দ্বই উক দি থকাটো লক্ষ্যকৰা হৈছে। সাময়িক ভাৱে ই আৰু হ প্ৰকাৰৰ বীজাণু আক্ৰান্তৰ মাজত এঘড়ী লগাৰ উকমুকনি চলি আছে। আক্ৰান্ত সকলৰ অনেকৰে বীজাণুৰ ভৰে মূৰত ধৰিছেগৈ বুলি অনুমান কৰা হৈছে।

এই বীজাণুৰ প্ৰকাৰবোৰৰ আন্তঃপ্ৰকাৰ দ্বন্দ্বত এক প্ৰকাৰৰ আক্ৰান্তই আন এক প্ৰকাৰক চাফাই কৰাৰ অভিযান বৈজ্ঞানিক ধৰণে কৰিব খুজি গৱেষণা চলাইছিল বুলি সন্দেহ কৰা হৈছে। খ অধীনৰ ধন কেন্দ্ৰ ইঅধীনে পতন ঘটোৱাৰ পিছত ই-ৰ পুলি-পোখা উভলা কছৰতৰ অংশ হিচাপে ই-চাফাইৰ এক বৈজ্ঞানিক পদ্ধতিৰ প্ৰস্তাৱ। ই-প্ৰকাৰৰ ৰোগত আক্ৰান্ত সকলৰ পুং সকলৰ দেহৰ এক নিৰ্দিষ্ট অংশৰ বিশেষত্বক আক্ৰমণ কৰিব পৰা নিম্ন প্ৰজাতিৰ জৈৱিক অস্ত্ৰ উদ্ভাৱনৰ প্ৰস্তাৱ। পিছেএনে অস্ত্ৰৰ ফলত ই-য়েই নহয়, খ-ৰ সুহৃদ তথা তেওঁসবৰ কৰ্মবাহিনীৰ পটু ঈ-আক্ৰান্ত সকলৰো সেই বিশেষত্বত আক্ৰমণ হোৱাৰ সম্ভাব্য ওভোটা কাঁড়ৰ আপদ চপাব নুখুজি ইয়াৰ ফালে খোজ দিয়াৰ আগতেই প্ৰকল্পটো বাতিল কৰিব লগা হ’ল বুলি অসমৰ্থিত কিছু সূত্ৰই কব খোজে।অৱশ্যে অধ্যয়নৰ পৰা দেখা গৈছে যে এই ৰোগত আক্ৰান্ত সকলক (হ, ই, খ, ঈ, শ, ব, জ, প, …) জিনীয়-স্তৰত চিনাক্ত কৰিব পৰাকৈ এতিয়ালৈকে মানুহ নামৰ জীৱবিধৰ বিজ্ঞান সজ্জিত নহয়। বৰ্তমানলৈকে পৰ্যবেক্ষণৰ আধাৰত এই ৰোগক পাৰিবেশিক প্ৰদূষণজনিত বৰ্হিজিনীয় পৰিঘটনা বুলিহে ঠাৱৰ কৰা হৈছে। এক বিশাল প্ৰতিৰোধী জিন’মৰ অধিকাৰী বুলি ভবা জীৱবিধ এনে প্ৰদূষণজনিত বৰ্হিজিনীয় পৰিঘটনাতে উৰুলিপুঙা হৈ যোৱাটো এটা গুৰুত্বপূৰ্ণ বিসংগতি বুলি বিবেচনা কৰাহৈছে।’’

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!