বহুদিন হ’ল— অকবৰ পৃষ্ঠাত একো লিখা নাই (প্ৰাঞ্জল শৰ্মাবশিষ্ঠ)

বহুদিন হ’ল— অকবৰ পৃষ্ঠাত একো লিখা নাই ǀ অৱশ্যে পৃষ্ঠাটো পঢ়ি আছোঁ ǀ অকবই প্ৰমাণ কৰিছে— আমি এটা প্ৰাণ-প্ৰাচুৰ্যময় জাতি আৰু আমাৰ ভৱিষ্যৎ সাধাৰণতে কোৱাধৰণে অন্ধকাৰময় নহয়, বৰং প্ৰজ্ঞাৰ আলোকেৰে উজ্জ্বল ǀ মই বিভিন্ন ঠাইত নতুন সামাজিক মাধ্যমৰ সাহিত্যক উপেক্ষা কৰাৰ বিৰোধিতা কৰিছোঁ ǀ সাহিত্য সাহিত্যই, মাধ্যম তাৰ বিচাৰৰ মাপকাঠি হ’ব নোৱাৰে ǀ পুৰণি মাধ্যমৰ সাহিত্যৰ (‘মূলসুঁতিৰ সাহিত্য’ ?) আলোচক-সমালোচকে নতুন মাধ্যমৰ সাহিত্যক আদৰি নল’লে পুৰণি মাধ্যমৰ সাহিত্য এদিন নিজেই এলাগী হৈ পৰিব ǀ মই মানি লওঁ— তাৎক্ষণিক প্ৰকাশ কেতিয়াবা কেতিয়াবা নতুন মাধ্যমৰ সাহিত্যৰ এটা দোষ হৈ পৰিছে ǀ সেয়ে কেতিয়াবা কিছু দুৰ্বল লেখাও চকুত পৰিছে ǀ কিন্তু তাৰ মাজতে বহু গুৰুত্বপূৰ্ণ লেখাও পাইছোঁ ǀ এনে বেছ কিছুসংখ্যক লেখাৰ মান ছপা মাধ্যমৰ বহু আলোচনীৰ বহু লেখাতকৈ বহু উন্নত ǀ অকবৰ লেখাৰ বৈচিত্ৰ্যৰ কথা নকলোৱেইবা ǀ সঁচা কথা ক’বলৈ হ’লে অকবৰ পৰা সৰু-বৰ কথা ব-হু-ত শিকিছোঁ ǀ অকব প্ৰজ্ঞা-আলোকিত বাটেৰে আগবঢ়া এটা শক্তিশালী জাতীয়তাবাদী গণ-আন্দোলন ǀ ইয়াৰ এজন বহুদিনীয়া সদস্য হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ ǀ অকবৰ লগত জড়িত আটাইলৈকে ধন্যবাদ জনালোঁ, লগতে জনালোঁ ভোগালী বিহুৰ শুভেচ্ছা ǀ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!