বাচা মাছৰ কাটলেট (ফিছ ফিলেটচ্ )– উৎপলা কৌৰ

বাচা মাছ আমাৰ বজাৰত বৰফত সংৰক্ষণ কৰা অৱস্থাত অৰ্থাৎ frozen হিচাপে পোৱা যায়। ই এবিধ আমদানিকৃত খাদ্য। আমাৰ বজাৰত উপলব্ধ পেকেটবোৰত কাঁইট নথকা ডাঙৰ ডাঙৰ চকল হিচাপে থাকে। এই মাছ খাবলৈ বৰ সুস্বাদু হয়।

উপকৰণ: ১)মাছবোৰ ২”×৩” মান জোখত কাটি লওক। কটাৰ এঘণ্টাৰ আগতে পেকেটটো ফ্ৰীজৰ পৰা উলিয়াই থ’বলৈ নাপাহৰিব। তেনেকৈ কাটি লোৱা মাছ ৬/৭ টুকুৰা।

২) আদা-নহৰু বটা এক চামুচ।

৩)ভিনেগাৰ এচামুছ, নিমখ আৰু জালুকৰ গুড়ি নিজৰ ৰুচি অনুসৰি।

৪) কণী দুটা

৫) বিস্কুট গুড়ি। (কাটা বিস্কুট (rusk) ঘৰতে গুড়ি কৰি ল’ব পাৰি)

৬) ভাজিবলৈ তেল অলপ সৰহকৈ

প্ৰথমে মাছকেইডোখৰত ভিনেগাৰ, আদা-নহৰু বঁটা আৰু নিমখ-জালুক সানি আধাঘণ্টামান ঢাকি থ’ব। আধাঘণ্টাৰ পাছত কণী দুটা ডাঙৰ বাতি এটাত ফেটি ল’ব। মাছখিনি এডোখৰ এডোখৰকৈ দুই হাতৰ তলুৱাৰে চেপি লৈ কণীত ডুবাই বিস্কুটৰ গুড়িত লেটীয়াই কম জুইত ভাজিব। ৰঙা হ’লে গেছৰ জুই বঢ়াই তেলখিনি এৰিবলৈ দি খৰখেদাকৈ টিছু কাগজ এখনত নমাই থব।

মেয়’নিজ বা বিলাহী ছচৰ লগত গৰমে গৰমে খাবলৈ খুউব ভাল হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!