বাটে-ঘাটে(-ধীৰাজ কলিতা)

 

অবৈধ বাংলাদেশী আহি অসমৰ সমস্যা বঢ়োৱা কথা বুজা হোৱাৰে পৰা বাংলাদেশীৰ ওপৰত এটা খং আছিল| ছিংগাপুৰত অহাৰ পিছত বিভিন্ন সময়ত বহুধৰনৰ বাংলাদেশী নাগৰিক লগ পোৱাৰ সোভাগ্য হ’ল| দুই-এজনৰ লগত ভাল বন্ধুত্বও গঢ়ি উঠিল| বিদেশীৰ ভিতৰত বিশেষকৈ বাংলাদেশীৰ লগত আড্ডা মাৰি বহু সময়ত ভাল লাগে কাৰন, কথাৰ মিল থাকে| ৰাজনীতি,কাপোৰৰ ফেক্টৰী,ইলিছ মাছ,ক্ৰিকেট খেলৰ জনপ্ৰিয়তা,শিক্ষিত নিৱনুৱা,বাংলাদেশৰ হিন্দু ধৰ্মালম্বী ৰাইজৰ জীৱন যাত্ৰা আদি ভিন্ন কথা বোৰ তেওঁলোকৰ মুখত শুনি বৰ ভাল লাগে,সুবিধা হলে এবাৰ বাংলাদেশলৈ যোৱাৰ মন পুহি ৰাখিছো| লাহে লাহে বাংলাদেশী বুলিলেই খং উঠা মোৰ লাহে বদ স্বভাৱটো সলনি হবলৈ ললে| সিদিনাখনৰ কথা,স্থানীয় ফোন নম্বৰ এটাৰ পৰা সন্ধিয়া ফোন এটা আহিছিল| হেল্ল” বুলি কওঁতেই সিমুৰৰ পৰা একে উশাহতে সলসলীয়া অসমীয়াতে কৈ গ’ল,” দাদা,মোৰ নাম অমুক| মই আচলতে বাংলাদেশৰ,কিন্তু অসমতে পঢ়া শুনা কৰা| মোৰ বাইদেউ-ভন্টি অসমতে বিয়া হৈছে| দেউতা নাই, মা আৰু মই বাংলাদেশত থাকো”| মই কলো,”আপোনাক চিনি পোৱা নাই,কোনে দিলে আপোনাক মোৰ ফোন নম্নৰ?” তেওঁ কলে,”বৰপেটাৰ আব্দুলে দিছে|” মই কোনো বৰপেটাৰ আব্দুলক চিনি নাপাও বুলি কোৱাত তেওঁ তত্‍ক্ষণাত আব্দুল বোলাজনলৈ ফোন কৰি কনফাৰেন্স কৰি দিলে| তেওঁৰ পৰা জানিব পাৰিলো,বাতৰি কাকত এখনত মোৰ লেখনি এটা প্ৰকাশ পাইছিল আৰু ছিংগাপুৰত থকা বুলি গম পাই কাকতৰ পৰা ফোন নম্বৰটো লৈ আব্দুল বোলা জনে তেওঁক দিছে| বহুদিন অসমীয়া মানুহ লগ পোৱা নাই,অসমীয়াত কথা পতা নাই বুলি জনালে| ঘৰত বা ভনীয়েকহতক ফোন কৰিলে বঙালী/বাংলা ভাষাতে কথা পতা বুলি জনালে| মই কলো,”ভাল লাগিল ফোন কৰা কাৰনে| সময় সুবিধা মিলাই লগ পাম কেতিয়াবা|”

দুদিন পিছত আকৌ এটা অচিনাকি স্থানীয় নম্বৰৰ পৰা ফোন পালো| হেল্ল’ বুলি কওঁতে তেওঁ হাঁহি মাৰি কলে,”মই অসমীয়া বাংলাদেশীয়ে কৈছো, চিনি পাইছে?”| মই ধৰিব পাৰিলো সিদিনাখন ফোন কৰা মানুহজনে কৰা বুলি,কিন্তু তেওঁৰ ফোন নম্বৰটো মই দেখোন সংৰক্ষিত কৰি থৈছিলো |যি হওঁক,তেওঁ কলে,”আপুনি মোক এটা সহায় কৰিব লাগিব”| মোৰ সামৰ্থৰ ভিতৰত হ’লে সহায় কৰা প্ৰতিশ্ৰতি দি সমস্যাটোৰ বিষয়ে জানিব বিছাৰিলো| তেওঁ কওঁ নকওঁকৈ কলে,” বেয়া নাপাব,নিজৰ বুলি ভাৱি কথা এটা কওঁ| আপোনাক সিদিনাখন কৈছিলোৱে যে বাংলাদেশত অকল মা আৰু মই| মই থাকো ইয়াতে,মা বাংলাদেশত অকলে বৰ সমস্যা হয়| গতিকে মা আৰু মই অসমতে চেটেল হোৱাৰ কথা ভাৱিছো| নতুন চৰকাৰ অহাৰ পৰা আগৰ মানুহকেইজনে কাম নকৰো বুলি কলে| আপোনাৰ কোনোবা চিনাকি আছে যদি প্লীজ মোক কামটো কৰি দিয়ক| খৰছ-পাতি চব মোৰ|
অলপ কিবা কিবি কথা পাতি ফোনটো থলো মই |মোক নিজৰ বুলি ভাৱিছিল যাদি তেওঁ পি.চিঅ’ৰ পৰা ফোন কৰিলে কিয়? প্ৰথম দিনাখন ফোন কৰা নম্বৰটোৱো চুইটচ অফ এতিয়া| কিজানি,বাংলাদেশী বুলিলেই খং নুঠা মোৰ স্বভাৱটো লাহে লাহে আকৌ সলনি হব ধৰিছে|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!