বাণিজ্য দিৱস- ড° মনোজ কুমাৰ হাজৰিকা

‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰৰ তাৎপৰ্য্য আজিও অসমীয়া যুৱকসকলে ভালদৰে যেন অনুধাবন কৰিব পৰা নাই৷ নহ’লেনো বাণিজ্য পাঠক্ৰমত স্নাতক হৈও চাকৰিৰ পাছে পাছে ধাৱমান হয় নে? কিন্তু কোনে কয় অসমীয়া মানুহে বাণিজ্য কৰিব নাজানে বুলি! উনৈশ শতিকাতে অসমীয়া জাতিৰ ব্যৱসায়ী চিন্তাধাৰাৰ মান ৰাখি গৈছিল এজন প্ৰকৃত অসমীয়াই৷ টাটা, বিৰলা, ৰিলায়েঞ্চৰ জন্মৰ আগতেই সাউদ ভোলানাথ বৰুৱাই ভাৰতবৰ্ষত ব্যৱসায়ৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ অসমত দানবীৰ, বেঙ্গলত ‘টিম্বাৰ প্ৰিঞ্চ’ আৰু উৰিষ্যাত ‘জুট মাৰ্ছেণ্ট’ ৰূপে খ্যাত সাউদ ভোলানাথ বৰুৱাই ১৯২০ চনতে কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে ১ লাখ টকাৰ ন্যাস গঢ়িছিল৷ আজিৰ হিচাপত প্ৰায় এশ কোটি টকা হ’ব৷ অসম চৰকাৰক প্ৰাথমিক শিক্ষাৰ বাবে আগবঢ়াইছিল ১০০ কোটি টকাৰ সম্পদ৷ নগাঁৱৰ পুৰণিগুদামত ১৮৫০ চনত জন্ম গ্ৰহণ কৰা সাউদ ভোলানাথ বৰুৱা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ অতি ঘনিষ্ঠ আছিল৷ তেৱেঁই ১৯১৪চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘শংকৰদেৱ’ আৰু ‘মাধৱদেৱ’ গ্ৰন্থদুখন ছপা কৰাই উলিয়াইছিল৷
কলিকতা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মতে হেমচন্দ্ৰ গোস্বামী দেৱে ১৯১৮ চনৰ পৰা যুগুত কৰা ‘অসমীয়া সাহিত্যৰ চানেকি’ ৭টা খণ্ড প্ৰকাশ কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ বিভাগ খুলিবলৈ নগদ ১০ হাজাৰ টকা দিছিল সাউদ ভোলানাথ বৰুৱাই৷ জাতি এটা মূৰ তুলি জীয়াই থাকিবলৈ ভাষা-সংস্কৃতিৰ যিমান প্ৰয়োজন, আৰ্থিক ভাৱে সবল হোৱাটো সিমানেই প্ৰয়োজন৷ অনা-অসমীয়াৰ পৰা চান্দা তুলি জাতি-মাটি ৰক্ষা কৰাৰ সপোন অলীক৷

এই অসমীয়াই যে অকল অসমৰ বাবে দান বৰঙনি আগবঢ়াইছিল এনে নহয়৷ বিশাখাপট্টনমৰ কিং জৰ্জ হস্পিতালৰ বাবে ৩৫ হাজাৰ টকা, ঝাৰচট্টৰদাৰ টেকনিকেল ডিচপেনচেৰীৰ বাবে ১০ হাজাৰ টকা, কলিকতা ছোৱালী হাইস্কুলৰ বাবে ৫ হাজাৰ টকা, চিমলা কলেজৰ বাবে নিজা বাসভৱন দান কৰি থৈ গৈছে৷ ইয়াৰ উপৰিও মৃত্যুৰ আগে আগে ইচ্ছাপত্ৰত প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে জীৱন সমষ্ট আৰ্জিত সম্পত্তি দান কৰি থৈ গৈছে৷ তেখেতৰ নামকৰণৰে গুৱাহাটীত বি বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হয়৷ ১৯২৩ চনৰ ৩০ মে’ তাৰিখে এই মহান দানবীৰ ব্যৱসায়ীগৰাকী পৰলোক প্ৰাপ্তি ঘটে৷ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তেজপুৰ শাখাই সাউদ ভোলানাথ বৰুৱাদেৱৰ স্মৃতিত ৩০ মে’ তাৰিখে ‘বাণিজ্য দিৱস’ হিচাপে উদ্‌যাপন কৰিবলৈ মনস্থ কৰিছে৷ আহক আমি সকলোৱে মিলি ৩০ মে’ দিনটো অসমৰ ‘বাণিজ্য দিৱস’ হিচাপে পালন কৰি নৱপ্ৰজন্মক ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তোলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!