বাতৰি? (ৰিদিপ কুমাৰ নাথ)

বাতৰি? (ৰিদিপ কুমাৰ নাথ)

 

___/\___ নমস্কাৰ | মাজনিশাৰ আঞ্চলিক বাতৰি পঢ়িছে পগলাকান্ত পাটগিৰীয়ে | আজিৰ প্ৰধান বাতৰিসমূহ হ’ল……

 

* ফেচবুক কৰি গাড়ী চলাওতে ভেনা-মাখীৰ সৈতে হোৱা সংঘৰ্ষত এখন বাছ দুৰ্ঘটনাগ্ৰস্থ |

* নখ কাটোতে মূৰ্খমন্ত্ৰীৰ আঙুলিত আঘাত |

* প্ৰতি লিটাৰত ২০১২ টকাকৈ পানীৰ দাম বৃদ্ধি |

* ফেচবুক কৰিব পৰা কেলকুলেটৰৰ আৱিস্কাৰ |

* বঙ্গোপসাগৰত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ত বাংলাদেশৰ ০ ৰাণত জয়লাভ |

এতিয়া বিতং বাতৰি :-

ফেচবুক কৰি ভাল পোৱা বাছৰ দ্ৰাইভাৰ এজনৰ ভুলৰ বাবে কালি কাছাৰী-ঘাটৰ পৰা উমানন্দত অভিমুখী বাছ এখন দুৰ্ঘটনাত পতিত হয় | ৩ কিঃমিঃ প্ৰতি ঘন্টাত তীব্ৰবেগে আহি থকা বাছখনৰ, দেটিং মাৰিবলৈ যোৱা মাখীন্দৰ সিং নামৰ ভেনামাখী এটাৰ লগত মুখামুখী সংঘৰ্ষ সংঘটিত হয় | দুৰ্ঘটনাত ৫.৭ জন লোক আহত হয় আৰু তাৰ পৰা ৭জন বিয়োগ কৰি পোৱা সংখ্যক লোক নিহত হয় | নিহত লোকসকলক ততালিকে ১০৮ মাতি পশু-চিকিত্‍সালয়লৈ নিয়াৰ দিহা কৰা হয় আৰু আহতসকলক শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰা হয় | বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা গৈছে যে ১০৯ বছৰীয়া ফেচকান্ত কাকতি নামৰ দ্ৰাইভাৰজনে বাছখন চলোৱাৰ সময়ত ফেচবুকত চাটিং কৰি চেনি খাই আছিল |

অসমৰ মুৰ্খমন্ত্ৰী তৰমুজ গগৈয়ে কালি ৫ বছৰৰ মূৰত নখ কাটোঁ বুলি মামৰে ধৰা ১২অ’ ক্ল’ক ব্লেড এখন আনিছিল | কিন্তু নখ কাটি থাকোতে হঠাতে ম’বাইলত “কেউ কেউ কেউ কেউকেউকেউকেউ……” ৰিংটোন বাজি উঠাত চক খাই উঠে যাৰ ফলত তেওঁৰ ডেকা আঙুলিটো বেয়াকৈ আঘাটপ্ৰাপ্ত হয় | খঙত জ্বলি পকি মুৰ্খমন্ত্ৰীগৰাকীয়ে ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে | পিছত ম’বাইল তুলি স্ক্ৰীণত “চালিয়া গান্ধী” নামটো দেখাতহে তেওঁৰ খঙটো পতকৈ নোহোৱা হয় | অসমত ১২অ’ ক্ল’ক ব্লেডৰ প্ৰচলন বন্ধ কৰি দিয়া হয় |

পানীৰ দাম পুনৰ বৃদ্ধি কৰা হৈছে | প্ৰতি লিটাৰ পানীৰ দাম ২০১২ টকাকৈ বৃদ্ধি পোৱাত মহা চিন্তাত পৰিছে খকুৱা লোকসকল | ভাৰতৰ প্ৰধানমন্ত্ৰী লালমোহন চিঙৰাই ৰাইজক আশ্বাস দি কৈছে যে ঠাণ্ডাৰ দিনত গা ধুবলৈ বৰ দিগদাৰ বাবেই ৰাইজৰ সুবিধাৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে | লগতে তেওঁ বছৰটোত আটাইতকৈ বেছিদিন গা নুধুৱাকৈ থাকিব পৰা ব্যক্তিজনলৈ “ছাৰ্ফ এক্সেল ব্লু”ৰ পেকেট এটা পুৰস্কাৰ হিচাপে ঘোষণা কৰাত অতিকৈ আনন্দিত হৈ পৰিছে ধুৰন্ধৰ লোকসকল |

এতিয়া ক্ষন্তেক বিৰতি | বিৰতিৰ পিছত আছে আকৌ খবৰ |

( নৱৰত্ন তেল | ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ পৰা বাছিবলৈ নৱৰত্ন তেল ব্যৱহাৰ কৰক | এই তেল ইমানেই ঠাণ্ডা যে এই তেল ঘঁহাৰ পিছত ঠাণ্ডাই আপোনাৰ ওচৰলৈ আহিবলৈ হিম্মত নকৰিব | “ঠাণ্ডা”ৰেই ঠাণ্ডা লাগি যোৱাত ঠাণ্ডা আপোনাৰ দেহৰ পৰা পলাই পত্ৰং দিব | নৱৰত্ন তেল….ঠাণ্ডা ঠাণ্ডা কুল কুল | )

আমি পুনৰ উভতি আহিছোঁ বাতৰিলৈ | সমূহ ফেচবুক প্ৰেমী ৰাইজলৈ এটি সুখৰ খবৰ | আগ্ৰাত এদল চেৰা পাগলৰ দীৰ্ঘদিনীয়া পাগলামিৰ ফলস্বৰূপে এটি নতুন কেল্‌কুলেটৰৰ উদ্ভাৱন হয় | ফেচবুকৰ সুবিধা থকা এই কেল্‌কুলেটৰটোৰ আৱিস্কাৰৰ ফলত নাচি উঠিছে সমূহ ফেচবুকপ্ৰেমী ছাত্ৰ-ছাত্ৰী | উল্লেখযোগ্য যে এই কেল্‌কুলেটৰটোৰ সহায়ত পৰীক্ষা হলৰ পৰাও ফেচবুকত নিজৰ উপস্থিতি ঘোষণা কৰিব পৰা যাব |

খেলৰ বাতৰিঃ

বঙ্গোপসাগৰৰ তলিত চলি থকা “সদৌ অসম ক্ৰিকেট টুৰ্ণামেন্ট”ৰ অহাকালি ৰাতিপুৱা হৈ যোৱা “ডে-নাইট” মেট্‌ছ এখনত বাংলাদেশে অসমক ০ ৰাণত পৰাস্ত কৰে | খেলখনত বাংলাদেশে প্ৰথমে বেটিং কৰি কোনো ৰাণ কৰিবলৈ সক্ষম নহ’ল | তাৰ পিছত অসম দলৰ খেলুৱৈ বেটিং কৰিবলৈ খেলপথাৰত নামোতেই দুয়োপক্ষৰ খেলুৱৈৰ মাজত প্ৰচণ্ড মাৰা-মাৰিৰ সৃষ্টি হয় | পিছত আম্পায়াৰৰ বুজনিত খেলখন পুনৰ আৰম্ভ হয় যদিও কন্দা-কটাৰ ফলত সৃষ্টি হোৱা বানপানীত সাঁতুৰি সাঁতুৰি বেটিং কৰিবলগীয়া হোৱা বাবে খঙত অসমৰ বেট্‌ছমেন এলেহুৱা তালুকদাৰে বেটেৰে কোবাই আম্পায়াৰৰ নাক ভাঙে | ফলত আম্পায়াৰ পেনপেনীয়া দাসে ফেঁকুৰি ফঁকুৰিয়েই খেলখনৰ বাকী অংশত আম্পায়াৰিং কৰিবলগীয়া হয় | বাংলাদেশৰ বলাৰ তুফান মিঞাই সুন্দৰ বলিং প্ৰদৰ্শন কৰি ১১ জন অসমৰ বেট্‌ছমেনৰ মাথা ফালে | তেওঁকেই “মেন অফ দা মেট্‌ছ” ঘোষণা কৰা হয় |

বতৰঃ

কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা অনুসৰি অহা ২৪ ঘন্টাত অসমত প্ৰচণ্ড ৰ’দ দিয়াৰ সম্ভাৱনা আছে | ৰ’দ নিদিলে বৰষুণ দিয়াৰ সম্ভাৱনাই অধিক | বৰষুণ দিলে তুৰি মাছ পৰাৰ সম্ভাৱনা আছে | মাছ পৰিলে উৰুকাৰ ভোজ খাবলৈ মাতিব |

মাজনিশাৰ বাতৰি আজিলৈ ইমানেই | জিন্দা থাকিলে কাইলৈ পুনৰ লগ পাম | ধন্যবাদ |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!