বানপানীৰ এটি শৈশৱৰ অনুভৱ(- ৰঞ্জিতা গগৈ)

আমাৰ মৰমৰ নৈ ধনশিৰী। যিখন নৈৰ ওপৰেদি যোৱা ব্ৰিজৰ ওপৰত বহি সন্ধিয়াটো উপভোগ কৰাৰ মজাই বেলেগ। মই ব্ৰিজৰ তলত প্ৰকান্ড শিলবোৰত বহি পানীৰ সোঁ-সোৱঁনি চাই, ওপৰেদি পাৰ হৈ যোৱা বাছবোৰ চাই থাকি ভাল পাইছিলো। অকলে অকলে বহি থাকি ভাল লাগে। সূৰ্য্যাস্তৰ সময়ত আৰু ভাল লাগে। কিন্তু সেই নৈ খনেই ভয়ংকৰ ৰূপ ল’লে নিস্তাৰ নাই।
তেতিয়া প্ৰথম নে দ্বিতীয় শ্ৰেণী পাহৰিছো। মুঠতে বানপানী মোৰ বাবে উৎসৱৰ নিচিনা লাগে। বিশেষকৈ আমাৰ চহৰৰ ফালে থকা মানুহখিনিৰ। এতিয়া যদি বানপানী প্ৰতিৰোধ কৰিব পৰা মানুহ খিনিৰ তেনে লাগে নাজানো। তেওঁলোকৰ হেলিকেপ্টাৰত উঠি নয়নাভিৰাম দৃশ্য চোৱাৰ যি হেপাঁহ, তেনেকুৱাই আছিল নেকি মোৰ হেপাঁহ কব নোৱাৰিম।। দুদিনমান বৰষুণ দিলে পথাৰ-সমাৰ, জান-জুৰি ফেনে–ফোটোকাৰে ওফন্দি আহিলেই জানো ধনশিৰী বাঢ়িব। তেতিয়া যিহেতু শিশু। বঢ়িয়া ! ধনশিৰী বাঢ়িব। বানপানী হ’ব।স্কুলৰ পৰা আহি বাইদেউ, দেউতা কাৰোবাৰ কোলাত উঠি চাবলৈ যাম। পানীৰে ভৰা বাটত খোজকাঢ়ি গ’লে বুকুলৈকে পানী …।কি মজা লাগিব।
মুষলধাৰে বৰষুণ। শুনিলো ঘৰবোৰ ডুবিল। স্কুলৰ কিতাপ পত্ৰ থৈ বাইদেউক খাটনি ধৰিলো বানপানী চাবলৈ। তাৰপিছত পালোগৈ এৰেঙাপাৰা।গোলাঘাটৰ যিবোৰ ঠাই তাহানিতে পানীত বুৰ যায় তাৰ ভিতৰত মাৰোৱাৰীপট্টি, ইছলামপট্টি, মইনাপাৰা, আদি। (উল্লেখ্য এতিয়া ধনশিৰী নৈ চহৰৰ বহু দূৰলৈ গুচি গৈছে।)যিমানেই আগবাঢ়িছো সিমানেই শিহঁৰিত হৈছো। সকলো পানী বিশাল পানী। মূল পথত বাছ বন্ধ,চকুৰ পলক নপৰালৈকে কেৱল পানী। ঘৰবোৰৰ মুধ কিছুমানৰ দেখি। কিছুমানৰ নেদেখি। মানুহ মূখ্য পথত খোজ কাঢ়ি গৈছে হু-হুৱাই বৈ থকা পানীৰ ওপৰেদি । মোৰো মন গৈছিল। অলপ নমাৰ পিছত নোৱাৰিলো চম্ভালিব। বাইদেউক ক’লো- “সেইবোৰ কিয় খুটি মাৰি থৈছে”? ক’লে-“ পানীৰ গভীৰতা চাবলৈ”। ব্ৰিজৰ ওপৰত ৰৈ দেখিলো পানীত উপঙি অহা কাঠ ধৰা মানুহৰ লানি। মাছমৰীয়া, টঙি জাল পতা মানুহৰ লানি। ইমান পানীতো মানুহে ভয় নকৰে!
ওখ বাট পোৱাৰ পিছত দেখিলো বহুত মানুহে আশ্ৰয় লৈ আছে তম্বু তৰি তৰি। গৰু-ছাগলীও লগতে। বহুতে কান্দি আছে। নুবুজিলোঁ একো। মোৰ সমবয়সীবোৰৰ মুখত হাঁহিয়েই দেখিলো। গৰম গৰম ভাত ৰান্ধি আছে। ৰেচন ৰেচন গোন্ধ(তেতিয়া নাজানিছিলো কি গোন্ধাইছিল), ভাতৰ গোন্ধ বুলি জানিছিলো। এলুমিনিয়ামৰ থাল মোৰ দৰে শিশুৰ হাতত। কিবা পিকনিক যেন লাগিছে দেখোন। সৱ হেৰাই গ’ল বুলি চিঞৰি চিঞৰি কান্দি থকা মাইকীমানুহ কেইজনীৰ দুখ কি বুজাৰ বয়স নাছিল মোৰ। মোৰ তাহানিৰ শিশু দৃষ্টিৰে এটাক দেখিলো খাব নোপোৱাৰ দৰে ভীমকল এটা খাই আছে। খকুৱাটো(?)ক’ৰবাৰ! ভালহে পাব লাগে। শিবিৰবোৰত ঘূৰি ফুৰোঁতে সন্ধিয়া বহুত হ’ল। লেম চাকি জ্বলিবৰ হ’ল।মোৰ উভতি অহিবৰ মন ন’গল।তথাপি বেজাৰ মনেৰে উভতিলো।
কিন্তু মানুহবোৰৰ মাজত আকৌ চিঞৰ-বাখৰ হ’ল। তিনিবছৰীয়া লৰা এটা পানীয়ে উটুৱাই লৈ গ’ল। সেই ক্ষণত হয়তো কিবা অহেতুক ভয় সোমাইছিল।
লাহে লাহে পানী কমি আহে। পানী থকালৈকে দূ্ৰ্গাপুজা চাবলৈ যোৱাদি সদায় গৈছিলো। পানী শেষ হ’লে মনটো বেয়া লাগিছিল। চাবলৈ নাপাম ইমান বিশাল বিশাল পানী…..।কলগছৰ ভূঁৰ…।ডুবি যোৱা গছ-লতিকা। কি এক শৈশৱৰ অনুভৱ। ভয়ংকৰ কি নজনা দূৰ্য্যোগৰ প্ৰতি মায়া। বছৰে বছৰে আহক বুলি মহা মহা ঠিকাদাৰবোৰে ভবাদি কি ভাব!স্বাৰ্থ এটাই, ধুনীয়া ছবি চোৱাৰ বানপানীৰ….।
লাহে লাহে বানপানীৰ ওপৰত থকা গল্প, উপন্যাসবোৰ পঢ়াৰ হেপাঁহ হ’ল। সৰুতে মানে চতুৰ্থ শ্ৰেণীৰ পৰাই পঢ়িব ধৰিলো কিতাপবোৰ। লাহে লাহে বুজিলো বানপানীৰ বেদনা। চাকনৈয়াত হেৰাই যায় মানুহৰ সুখৰ পথাৰ। সেউজীয়াবোৰ হেৰাই যায় বানপানীৰ কান্দোন হৈ । জনা হ’লো ৰিলিফ কেম্পৰ কথা।
সেয়েহে কওঁ, সকলোৱে অনুভৱ কৰক বানপানীৰ বিষাদ। অন্ততঃ ৰিলিফৰ নামত পচাঁ চাউল খাবলৈ নিদিব। পিছত হোৱা বেমাৰবোৰৰ সময়ত প্ৰতিৰোধ কৰক। এই সমস্যা অসমৰ প্ৰতিজন অসমীয়াৰ সমস্যা….। বানপানীৰ বিষাদগ্ৰস্ততাৰ প্ৰতি সহানুভুতিশীল হওঁক সকলো।বানপানীৰ শোকৰ বন্যা পাহৰি নাযাব কোনেও।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!