বান্ধৈ অ’(-প্ৰদ্যুত জ্যোতি শইকীয়া )

অ’ বান্ধৈ অ’
শেষ তোৰ সীমনা
নাই তোৰ ভাৰসা….,
অ’ বান্ধৈ
নদীয়ে খেদিলে তোক|
তোৰ নাই যে
আপোন পৰ…
অ’ বান্ধৈ
তোৰ নাই যে
আপোন পৰ
নদীয়ে খেদিলে তোক|
 
অ’ বান্ধৈ অ’
পিতেৰে এৰিলে
আশ্ৰমত ৰাখিলে
অ’ বান্ধৈ
পুতেৰে খেদিলে তোক|
তোৰ নাই যে
আপোন পৰ…
অ’ বান্ধৈ
তোৰ নাই যে
আপোন পৰ…
পিতেৰে খেদিলে তোক|
 
অ’ বান্ধৈ অ’
নিয়মে নমনা
বয়সে নবন্ধা
অ’ বান্ধৈ
মৰমে খেদিছে তোক|
তোৰ নাই যে
আপোন পৰ..
অ’ বান্ধৈ
তোৰ নাই যে
আপোন পৰ….
মৰমে খেদিছে তোক|
 
অ’ বান্ধৈ অ’
শেষ তোৰ সীমনা
নাই তোৰ ভাৰসা,
নদীয়ে খেদিলে তোক|
অ’ বান্ধৈ
তোৰ নাই যে
আপোন পৰ
নদীয়ে খেদিলে তোক
নদীয়ে খেদিলে তোক|
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!