বানৰ আশীৰ্বাদ — বন্তি বৰঠাকুৰ বৰুৱা

বাপধনে কাম বিচাৰি নোপোৱা আজি চাৰি দিনেই হ’ল । এই কেইদিনমান বৰ খৰ মাৰিছে । শাওণ মহীয়া খৰত পথাৰৰ বোকাবোৰ শুকাই চিৰাল ফটা দিছে । বৰষুণ

আহিলেহে পথাৰত পানী হ’ব আৰু সিহঁতৰ নিচিনা দিন হাজিৰা কৰা কেইটাৰ এমুঠি অন্নৰ যোগাৰ হ’ব । সন্ধিয়ালৈ বতৰটো ওন্দোলাই অহা দেখি তাৰ মনত বৰ ৰং । কাইলৈ

অন্ততঃ কোনোবা এঘৰত কঠীয়া ৰোৱা কাম এটাকে পোৱা যাব । ৰাতিলৈ দোপালপিতা বৰষুণত তাৰ উৰুখা চালেৰে সৰসৰাই ভিতৰত পানী পৰিবলৈ ধৰিলে । একেৰাহে দি

থকা চাৰিদিনৰ বৰষুণত কপিলীৰ পানীয়ে সিহঁতৰ গাঁওখন বুৰাই পেলালে । কেউফালে হাঁহাকাৰ লাগিল । বানে ভয়ংকৰ ৰূপ ল’লে । আঁতৰৰ স্কুল ঘৰ এটালৈ সকলোকে লৈ

যোৱা হ’ল । চৰকাৰৰ ফালৰপৰা আৰু লগতে বহুতো সংগঠনে চাউল দাইলকে ধৰি অন্যান্য সামগ্ৰীৰে ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিল । ল’ৰা পোৱালিটোৰ সৈতে

ঘৈণীয়েকক স্কুল ঘৰটোত সোমোৱাই দি সি স্বস্তিৰ নিশ্বাস এৰিলে । হওঁক তেও কেইদিনমানলৈ থকা খোৱাৰ চিন্তা নাই । ইকাণ সিকাণকৈ সি জানিব পাৰিছে চৰকাৰে হেনো

বানে ভঙা ঘৰ মেৰামতিৰ বাবেও ৩৫০০ কৈ টকা দিব । কথাটো শুনি সি বৰ সকাহ পালে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!