বাপুকণৰ চিঠি (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

(আশীৰ দশকৰ আৰম্ভণিতে গুৱাহাটীলৈ পঢ়িবলৈ অহা ‘বাপুকণ’ৰ তাৰ গাঁৱত থকা প্ৰেয়সীলৈ এখনি চিঠি। হেম বৰুৱাদেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে)

 

মৰমৰ….

এয়া হোষ্টেলৰ ৰান্ধনি কাইৰ পৰা আনি লেম্পটো জ্বলাই লৈছোঁ। এডালো মম নাই জ্বলাবলৈ। কালিৰে পৰা লাইট নাই। যি এডাল মম আছিল, জ্বলি শেষ হৈ থাকিল। বৰ গৰম। চাওঁ, খিৰিকীখন খুলি দিওঁ। এচাটি বতাহো নাই।

এতিয়া সময় কিমান হৈছে গম পোৱা নাই। দুঘন্টামান আগতে কলেজৰ নাইট চকিদাৰজনে বেল বজাই দহ বজাৰ সংকেত দিছিল। আমাৰ গাঁৱৰ মৰণা ঠিকাদাৰৰ দৰে সিও সদায় ৰাতি দুটুপি খায়। আজি বেছি হ’ল চাগে। এতিয়া কিজানি শুই আছে। পিতায়ে দিয়া ঘড়ীটোত যোৱা দুদিন চাবি দিব পাহৰিছিলোঁ। আজি একেবাৰে নচলা হ’ল। কাইলৈ ফাঁচীবজাৰলৈ গৈ ঠিক কৰাব লাগিব।

আমাৰ গাওঁত যে মথাউৰিত বুধবৰীয়া হাট বহে, তেনেকুৱাই বজাৰ ফাঁচীবজাৰ। কিন্তু এইখন সদায় বহে আৰু বহুত ডাঙৰ। কালি তালৈ গৈ দুখন লুঙী কিনি আনিছোঁ দহ টকাত। তাৰে এখন আমাৰ কলেজৰ পুখুৰীটোত সাঁতুৰিবলৈ যাওঁতে পিন্ধি যাম।

অ’ আজিকালি মই ৰাতিপুৱাহে সাঁতুৰিব যাওঁ। আবেলি গ’লে ছোৱালী হোষ্টেলৰ দুজনীমান বাঘৰ তেল খাইতীয়ে পুখুৰীৰ পাৰে পাৰে ঘূৰি আমাক চাই থাকে। আমাৰ কি লাজ নাই? সিহঁতে ল’ৰাৰ দৰে লংপেন্টও পিন্ধে, জানা! দুজনীমানৰ চুলিও চুটি চুটি, ইন্দিৰা গান্ধীৰ দৰে। আমাক দেখিলে প্ৰায়েই গীত জুৰে- ‘ঘামে হৈ সোমামগৈ তোমাৰে শৰীৰত, মাখি হৈ চুমা দিম গালত’। আমাৰ পানীৰ তলতে গা ঘামি, কাণ-মূৰ ৰঙা হয়।

আৰু এটা কথা, ফাঁচীবজাৰত বহুতো চিনেমা হল আছে। ‘কেলভিন’ হলটোৰ আটাইকেইখন পাংখাই ঘূৰে, ভাল। বাকী দুটামানত চাবলৈ গ’লে সেয়েহে আমি বাঁহৰ বিচনী লৈ যাওঁ গৰমৰ দিনত। কালি যাওঁতে ‘কেলভিন’ত এখন চিনেমা চালোঁ – ‘ৰাম তেৰী গংগা মেইলী’। পিতল চকুৱা এক্ট্ৰেছ এজনীয়ে যেনেকুৱাখন কৰিলে, লাজেই লাগিল। লগত আকৌ বৰপিতাইৰ ল’ৰা ভদ্ৰদাও আছিল নহয়। তুমি টাউন গ’লে যে কেতিয়াবা চিনেমা চোৱা, সেইখন হলত লাগিলে মৰিলেও নাচাবা খুড়ীহঁতৰ লগত।

তুমি ভালকৈ পঢ়া-শুনা কৰা এই কেইদিন। মেট্ৰিকলৈ বেছি দিন নাই। যোৱাবাৰ যি হ’ল, হ’ল। এইবাৰ কিন্তু পাছ কৰিবই লাগিব। অংকক বেছি ভয় কৰিব নালাগে। ‘এ প্লাছ বি হ’ল স্কুয়েৰ’ৰ ফৰ্মূলাটো মনত ৰাখিব পাৰিলেই হৈ যাব। এইকেইদিন মালতীহঁতৰ লগত ৰবাব টেঙা খাই খাই নদীৰ পাৰত বহি সময় নষ্ট নকৰিবা। তুমি মেখেলা-চাদৰহে পিন্ধা, এইবাৰ পাছ কৰিলে ভাল শাৰী এখন দিম তোমাক। প্ৰতি মাহে দুই টকাকৈ জমা কৰি আহিছো শাৰী কিনিবলৈ।

লেমৰ পোহৰ কমি আহিছে। তেল শেষ হ’ব চাগে। আৰু বেছি নিলিখোঁ।

মৰমেৰে তোমাৰ ……

পুন: আমাৰ গাওঁৰ নৰহৰি দা, আমাৰ কলেজত চকিদাৰি কাম কৰে যে। তেওঁৰ ঘৈণীয়েকে যোৱা সপ্তাহত দুটি যমজ ল’ৰা জন্ম দিছে। এটাৰ নাম থৈছে মোৰ দৰে একেই- ‘বাপুকণ’ আৰু আনটোৰ নাম – ‘পুতুকণ’।।

(বহুদিনৰ আগৰ চিঠি। অলপ সালসলনি কৰি পোষ্ট কৰা হ’ল!)

 

2 thoughts on “বাপুকণৰ চিঠি (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

  • June 1, 2014 at 10:58 am
    Permalink

    ভাল লাগিল ।
    এইচিৰ ৪ বছৰ আৰু পুখুৰীৰ কথা মনত পৰিল ।

    Reply
  • December 12, 2014 at 6:16 pm
    Permalink

    ভাল লাগিল । মন খুলি হাহিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!