বাঁহ গাজেৰে ৰন্ধা কুকুৰাৰ মঙহ – পিংকি বৰুৱা

20170119_131424

নগাসকলৰ খাদ্যত বাঁহ গাজ প্ৰচুৰ ব্যৱহাৰ হয়৷ তেল নিদিয়াকৈ খাদ্যবোৰ সিজাই খায় ভাল পায় তেওঁলোকে৷ বজাৰত পোৱা একো মা মছলা ব্যৱহাৰ নকৰে ৷  প্ৰাকৃতিক ভাৱে পোৱা গছ ল’তা, ভোট জলকীয়া, আদা ,বাহঁ গাজ ,শাক পাতেৰে বৰ জুতিৰে ৰান্ধি খায়৷ তেওঁলোকৰ একেবাৰে সাধাৰণ ভাবে ৰন্ধা তৰকাৰী এখনো বৰ সোৱাদময় হয়৷ তেল ব্যৱহাৰ নোহোৱাকৈ মই বন্ধাকবিৰ লগত কুকুৰাৰ মঙহ আৰু খৰিচা ৰান্ধিছিলোঁ৷ বৰ সোৱাদ হৈছিল৷ ৰন্ধনৰ বিধিটো লিখি দিছো৷

সামগ্ৰী:
কুকুৰাৰ মঙহ ১/২ কে জি
বাঁহ গাজ আধা কাপ(খৰিচা)
বন্ধাকবি এফাল
বিলাহী ২টা
জলকীয়া ৬/৭ টা/ভোট জলকীয়া ১টা
আদা অলপ
নহৰু এটা
পিয়াজ পাত অলপ
মানধনীয়া অলপ
নিমখ জোখমতে
কুকুৰাৰ মঙহ খিনি ধুই পেন এখনত ল’ব৷ বিলাহী দুটা হাতেৰে ভাঙি টুকুৰা কৰি ল’ব৷ বন্ধাকবি ফাল ডাঙৰকৈ কাটি ল’ব৷ আদা নহৰু জলকীয়া থেতেলিয়াই ল’ব৷ কুকুৰাৰ মঙহ খিনিৰ ওপৰত বাঁহগাজ,বন্ধাকবি,বিলাহী, আদা নহৰু জলকীয়া খিনি আৰু জোখমতে নিমখ দি জুইত পেনটো দি ভালকৈ মিহলাই ঢাকি দিব৷ মাজে মাজে জুই কম কৰি লৰাই থাকিব৷ পানী দিব নালাগে৷ বন্ধাকবিৰ পৰা পানী ওলাব৷ জলা বেছি খালে ভোট জলকীয়া আৰু দিব পাৰে৷ কুকুৰাৰ মঙহ খিনি সিজিলে মান ধনীয়া আৰু পিয়াজ পাত দি নমাই থ’ব৷ (গাহৰি মাংস ও পানীত সিজাই এনেকৈ  ৰান্ধিব পাৰে)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!