বাৰ্তালাপ: নিবেদিতা হাজৰিকা

(১)
মই সুধিলোঁ…
একোৱেই খৱৰ নাই
ক’ত হেৰাই যোৱা তুমি ?
তেওঁ ক’লে…
ক’তোৱেই নেহেৰাওঁ
মাথোঁ আত্মগোপন কৰোঁ
তোমাৰ হৃদয়ত,
তোমাক নেহেৰুৱাবলে’ !
(২)
এদিন আকাশলৈ চাই আছিলোঁ
উদাস চাৱনিৰে…
কবিতা এটা উৰি আহিল ইথাৰ তৰঙ্গৰে
আৰু ক’লে…
আজি বৰ বিষণ্ণ লাগিছে তোমাক !
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!