বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন

৷৷বিংশ খণ্ড৷৷

৷৷নাৰদৰ কৃষ্ণদৰ্শন৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

কমলোচন ৰাম প্ৰভু ৰঘুপতি৷

কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি৷৷১২২৷৷

পদ৷৷

শিশুপাল প্ৰমুখ্যে নৃপতিগণ জিনি৷

ভীষ্মক দুহিতা হৰি আনিলা ৰুণিী৷৷

ৰুক মুণ্ডিলা হৰি পৰম বিক্রমে৷

অষ্ট মহিষীক বিহা কৰিলা প্ৰথমে৷৷১৪৭৬৷৷

গৰুড়ত চড়ি নৰকক দিলা ধাৰ৷

তাক মাৰি পাইলা কন্যা ষোড়শ হাজাৰ৷৷

সৱাকো পঠাইলা প্ৰভু দ্বাৰকাক প্ৰতি৷

সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী৷৷১৪৭৭৷৷

অদিতিক দিলা নিয়া অমৃত কুণ্ডল৷

তোহ্মাক অৰ্চিল আসি দেৱ আখণ্ডল৷৷

বাসৱে সহিতে হৰি কহি কথা মাত৷

খুজিলা ভাৰ্য্যাৰ পদে প্ৰভু পাৰিজাত৷৷১৪৭৮৷৷

ইন্দ্ৰে নিদিবন্ত তাক জানিলা মুৰাৰি৷

আনিলন্ত বলে পাৰিজাতক উভাৰি৷৷

দেখি খেদি আসি ইন্দ্ৰে কৰিলা সমৰ৷

বাসৱক লীলায়ে ভঙ্গাইলা দামোদৰ৷৷১৪৭৯৷৷

উলটি পলাইল ইন্দ্ৰ তোহ্মাৰ প্ৰহাৰে৷

ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে৷৷

ষোড়শ হাজাৰ কন্যা আনি ভিন্নে ভিন্নে৷

দ্বাৰকাত বিৱাহ কৰিলা একেদিনে৷৷১৪৮০৷৷

সিটো সৱ দিব্যপত্নী যত বৰনাৰী৷

ততেক শৰীৰ ধৰি ক্রীড়িলা মুৰাৰি৷৷

চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ৷

সালঙ্কৃতা কৰি নিতে কৰাৱা গোদান৷৷১৪৮১৷৷

ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তোহ্মাক৷

দ্বাৰকাক পঠাই দিলা সুধৰ্ম্মা সভাক৷৷

তাত বসিবাক যাহা প্ৰত্যহে উৎসুকে৷

আগত যোগান্ত আনি ৰথক দাৰুকে৷৷১৪৮২৷৷

ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে৷

সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে৷৷

গুৰু শুক্র সমে যেন আকাশত শশী৷

সভাক ৰঞ্জিয়া প্ৰভু ৰঙ্গে থাকা বসি৷৷১৪৮৩৷৷

দেখিয়া প্ৰণামৈ সিটো সুধৰ্ম্মা সভাক৷

যদুগণে আনন্দে চটকি ফুৰৈ তাক৷

তোহ্মাৰ প্ৰসাদে নুভুঞ্জিলে কোন ভোগ৷

মিলৈ দ্বাৰকাত যত বস্তু দেৱযোগ৷৷১৪৮৪৷৷

পঢ়াইলা যাদৱবংশ যতেক কুমাৰ৷

তাৰ সংখ্যা কহিবেক শকতি কাহাৰ৷৷

তাসম্বাৰ শুনিয়ো পঢ়োৱা ওজা যত৷

তিনিকোটি চৌৰাশী হাজাৰ একশত৷৷১৪৮৫৷৷

ভণিল শঙ্কৰে শুনিয়োক সৰ্ব্বজন৷

একচিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন৷

আতপৰে ধৰ্ম্ম আৰ নাহি সংসাৰত৷

ৰাম ৰাম ঘুষিয়োক বসি আসনত৷৷১৪৮৬৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

কেশৱ কৃষ্ণ বিষ্ণু বনমালী৷

নিয়ো কৃপাময় সেৱক পালি৷৷১২৩৷৷

পদ৷৷

ষোড়শ হাজাৰ কন্যাক ভিন্নে৷

কৰিলা বিহা হৰি একে দিনে৷৷

কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি৷

দ্বাৰকাক গৈলা নাৰদ মুনি৷৷১৪৮৭৷৷

দেখিলা ঋষি দিব্যপুৰী পাছে৷

সুৱৰ্ণময় গড়ে বেঢ়ি আছে৷৷

সাগৰ বেঢ়ি ভৈল গড়খাই৷

দেখি বিপক্ষৰ ধাতু উৰাই৷৷১৪৮৮৷৷

দিব্য সৰোবৰ পুষ্পিত বনে৷

পৰিয়া নাদ ত্যজে পক্ষীগণে৷৷

চম্পা পাৰিজাত সুৰভি বাসে৷

নৱ লক্ষ দেৱগৃহ প্ৰকাশে৷৷১৪৮৯৷৷

কতো ফটিকৰ কতো ৰজত৷

সুৱৰ্ণময় কতো মৰকত৷৷

সূৰ্য্য সম জ্বলে গৃহৰ কান্তি৷

ৰঞ্জে আতি ধ্বজ পতাকা পান্তি৷৷১৪৯০৷৷

তাৰ অন্তঃপুৰ দেখিলা পাছে৷

প্ৰবন্ধে বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে৷৷

ষোড়শ হাজাৰ দিব্য আৱাস৷

সূৰ্য্য সম জ্বলে লন্দ্ৰি আকাশ৷৷১৪৯১৷৷

তাহাৰ মধ্যে এক গৃহ পশি৷

ৰত্নৰ দীপিতি দেখন্ত ঋষি৷

প্ৰৱালৰ স্তম্ভ বৈদুৰ্য্য ফলি৷

সুৱৰ্ণৰ কাঠিকামী মাণ্ডলি৷৷১৪৯২৷৷

ইন্দ্ৰনীল ৰত্নে লগাইল বাৰ৷

মাণিক কপাট হীৰাৰ দ্বাৰ৷৷

ৰত্নৰ চাৰু কুন্দৰুখ জালে৷

ধূপ ধূম্ৰচয় বজাই বোম্বালে৷৷১৪৯৩৷৷

মেঘ বুলি তাক ময়ূৰগণে৷

গৃহত পড়িয়া নাচৈ সঘনে৷৷

প্ৰকাশে চন্দ্ৰাতপ অসংখ্যাত৷

আৰিছে মুকুতা মুৰালি তাত৷৷১৪৯৪৷৷

তলত ৰত্নময় সিংহাসন৷

বিছাই হংসতুলি বিতোপন৷৷

তাতে সুতি আছা জগতপতি৷

উপাসি আছন্ত ৰুণিী সতী৷৷১৪৯৫৷৷

ৰত্নময় দণ্ড চামৰ ধৰি৷

স্বামীক বিঞ্চন্ত লাসে সুন্দৰী৷৷

সমান বয়সী সহস্ৰ দাসী৷

লগত যোগানে আছে উপাসি৷৷১৪৯৬৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

মাধৱ মুকুন্দ দীন দয়াল৷

প্ৰণতপালক তুমি গোপাল৷৷১২৪৷৷

পদ৷৷

চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ৷

চাপিলা হৰিষে ঋষি সমীপ৷৷

নাৰদক দেখি উঠিলা হৰি৷

প্ৰণামিলা পাৱে শিৰে সাদৰি৷৷১৪৯৭৷৷

কৃতাঞ্জলি স্তুতি বুলিলা বাণী৷

আপুন আসনে বৈসাইলা আনি৷৷

লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি৷

ধুৱাইলা ঋষিৰ চৰণ হৰি৷৷১৪৯৮৷৷

লৈলা পাদোদক শিৰত আনি৷

বুলিলা অমৃত মধুৰ বাণী৷৷

পৱিত্ৰ আজি ভৈলো ঋষিৰাজ৷

কৰিয়ো আজ্ঞা সাধো কোনকাজ৷৷১৪৯৯৷৷

শুনিয়া নাৰদে মাতিলা হাসি৷

তোহ্মাৰ চৰণ দেখিলো আসি৷৷

ব্ৰহ্মা আদি যত পৰম জ্ঞানী৷

চিন্তে হিয়ে যাক প্ৰবন্ধে আনি৷৷১৫০০৷৷

সংসাৰ কূপে পৰৈ যিটো জন৷

তাৰো অৱলম্ব তযু চৰণ৷৷

হেন পাদপদ্ম চিন্তো সদায়৷

তোহ্মাৰ গুণ মুখে ফুৰো গাই৷৷

তোহ্মাৰ পাৱে নছাড়োক মতি৷

দিয়ো এহি বৰ জগতপতি৷৷

এহি বুলি তৈৰ উঠিলা ঋষি৷

দেখিলা পাছে আৰো গৃহ পশি৷৷১৫০২৷৷

কৰিয়া কৃষ্ণে হাস পৰিহাস৷

ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ৷৷

কাষতে উদ্ধৱ আছে নিৰেখি৷

উঠিলা কৃষ্ণ নাৰদক দেখি৷৷১৫০৩৷৷

আসনে বৈসাই ধুৱাইলা ভৰি৷

কেতিক্ষণে আইলা পুছন্ত হৰি৷৷

তুমি সৰ্ব্ব পূৰ্ণকাম সন্ন্যাসী৷

অপূৰ্ণকাম আমি গৃহবাসী৷৷১৫০৪৷৷

তথাপি বোলা কি কৰিবো আমি৷

জন্মক মোৰ সাম্ফলিয়ো স্বামী৷৷

শুনিয়া নাৰদ বিস্ময় ভৈলা৷

তৈৰ উঠি আউৰ গৃহক গৈলা৷৷১৫০৫৷৷

দেখন্ত ঋষি তৈতো যদুৰায়৷

আছন্ত বসি শিশু ওমলাই৷৷

দেখিলা পাছে আৰ গৃহ পশি৷

স্নানক উদ্যমে আছন্ত বসি৷৷১৫০৬৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

ত্ৰাহি সদাশিৱ শাৰঙ্গপাণি৷৷১২৫৷৷

পদ৷৷

আউৰ ঘৰে গৈয়া দেখন্ত ঋষি৷

কৰন্ত গোৱিন্দে হোম হৰিষি৷৷

ব্ৰহ্মভোজ দেন্ত কতো গৃহত৷

ভুঞ্জন্ত আনি অৱশেষ যত৷৷১৫০৭৷৷

কতো গৃহে আছা সন্ধ্যা উপাসি৷

গায়ত্ৰী জপা মৌন হুয়া বসি৷৷

ছাড়ন্ত খাণ্ডাবাৰূ কতো ঘৰে৷

কতোহো ফুড়ন্ত ৰথ উপৰে৷৷১৫০৮৷৷

ঘোড়া লৱড়ান্ত কতো প্ৰবন্ধে৷

ফুৰন্ত কৃষ্ণ কতো হস্তীস্কন্ধে৷৷

কতো ঘৰে আছা খাটত সুতি৷

চপয় পঢ়ি ভাটে কৰৈ তুতি৷৷১৫০৯৷৷

উদ্ধৱ প্ৰমুখ্যে মন্ত্ৰী সহিতে৷

কৰন্ত মন্ত্ৰণা কতো গৃহতে৷৷

সহস্ৰ সংখ্যাত ৰমণী সঙ্গে৷

কৰন্ত কতো জলক্রীড়া ৰঙ্গে৷৷১৫১০৷৷

অনেক বিপ্ৰ অনাই দামোদৰে৷

কৰন্ত ধেনুদান কতো ঘৰে৷৷

ভাৰ্য্যাক মাতি পৰিহাস কৰি৷

কতো ঘৰে ৰঙ্গে হাসন্ত হৰি৷৷১৫১১৷৷

শুনন্তে আছন্ত কৈতো পুৰাণ৷

কৰন্ত কৈতো অৰ্থ উপাদান৷৷

কতো ঘৰে বসি আসন ধৰি৷

আত্মাক চিন্তিয়া আছন্ত হৰি৷৷১৫১২৷৷

কৰন্ত দ্ব কৈতো লক্ষ্মীপতি৷

কৰন্ত কৃষ্ণে কৈতো মিত্ৰৱতি৷৷

কৈতো আলোচন্ত বলো সহিত৷

চিন্তন্তে আছন্ত সন্তৰ হিত৷৷১৫১৩৷৷

কতো ঘৰে আতি উৎসৱ কৰি৷

কৰন্ত পুত্ৰৰ বিৱাহ হৰি৷৷

বিহা দেন্ত কন্যা কতো মুৰাৰি৷

দুনাই আনন্ত কতো বোহাৰী৷৷১৫১৪৷৷

কতো শাশুৰীক পঠায়া জীয়ে৷

কান্দন্ত বসি দেৱ সদাশিৱে৷৷

কৰন্ত কতো গৃহে যজ্ঞকাম৷

প্ৰতিষ্ঠান্ত কৈতো কূপ আৰাম৷৷১৫১৫৷৷

ঘোটকত চড়ি কৈতো মুৰাৰি৷

ফুৰন্ত পৱিত্ৰ মৃগক মাৰি৷৷

ধৰিয়া বেশ কৈতো ভৰি খুম্পি৷

ৰাজ কাজ বুজি ফুৰন্ত চুম্পি৷৷১৫১৬৷৷

৷৷পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷

গোৱিন্দ গোপাল গৰুড়কেতু৷

ভকতৰ ভয় ভঞ্জন হেতু৷৷১২৬৷৷

পদ৷৷

দেখিয়া নাৰদে তুলিলা হাসি৷

আমাক প্ৰভু ভুৰুকুৱা আসি৷৷

তোহ্মাৰ চৰণ সেৱাৰ বলে৷

তযু যোগমায়া জানো সকলে৷৷১৫১৭৷৷

জানিয়ো প্ৰভু মই মুখ্য দাস৷

কৰিয়া তোহ্মাৰ যশ প্ৰকাশ৷৷

তিনিয়ো লোকে ফুৰো বীণা বাই৷

তোমাৰ পৱিত্ৰ চৰিত্ৰ গাই৷৷১৫১৮৷৷

মাধৱে বোলন্ত শুনিয়ো মুনি৷

যেন ভক্ত তুমি জানো আপুনি৷৷

লোকক শিখাওঁ ই ধৰ্ম্মভেদ৷

নকৰা মুনি আত কিছু খেদ৷৷১৫১৯৷৷

বোলন্ত শুকে শুনা পৰীক্ষিত৷

মুনিৰ মাধৱে মোহিলা চিত্ত৷৷

দেখিয়া কৃষ্ণৰ গৃহ সম্পদ৷

পৰম বিস্ময় ভৈলা নাৰদ৷৷ ১৫২০৷৷

কৃষ্ণত আতি সতকাৰ পাই৷

লৰিলা তৈৰ পৰা বীণা বাই৷৷

কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত৷

গোৱিন্দৰ গুণ সদায় গান্ত৷৷১৫২১৷৷

কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ৷

জগতকে ইটো কৰৈ পৱিত্ৰ৷৷

যিটো শুনে ভণে আক সঘনে৷

তাৰ ভক্তি হৈবে কৃষ্ণ চৰণে৷৷১৫২২৷৷

শুনা সৰ্ব্বজন শঙ্কৰে কহে৷

চিৰকাল ইটো দেহা নৰহে৷৷

হাটে বাটে কৈত মিলে মৰণ৷

সদায় নেড়িবা হৰি চৰণ৷৷১৫২৩৷৷

নাৰদত বিষ্ণু আছন্ত কই৷

বৈকুণ্ঠত মই নথাকো ৰই৷৷

যোগীৰো হিয়া এড়ি সমুদায়৷

থাকো ভকতৰ কীৰ্ত্তন চাই৷৷১৫২৪৷৷

জানিয়া সৱে এড়া ভাষভুষ৷

ভাগ্যেসে ভাৰতে ভৈলা মানুষ৷৷

আক বৃথা কৰা বিষয় ভোলে৷

মাণিকক বিকা কাচৰ মোলে৷৷১৫২৫৷৷

মিছাতে পুত্ৰ দাৰা বুলি মৰা৷

আপুনি গুণা আইলা কৈৰ পৰা৷৷

সৱে মায়াময় স্বপ্নৰ সৰি৷

জনম সাম্ফলি বোলা হৰি হৰি৷৷১৫২৬৷৷

৷৷ নাৰদৰ কৃষ্ণদৰ্শন সমাপ্ত৷৷২০৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!