বিক্ষিপ্ত‬ অনুভৱ (অজন্তা বড়া)

১/
নিৰ্জন দুপৰীয়া
ক’ৰবাত এটা সুঁহুৰি
হেৰাই গৈছে শাওণৰ বুকুত
 
২/
এজাক বৰষুণ
সেউজীয়া হ’ল মাটি
আৰু মানুহৰ ভূগোল
 
৩/
জোনৰ জোনালী হাঁহি
বুকুত ফুলে শেৱালি পাহি
নবজাবি গৰখীয়া বাঁহী
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!