বিভিন্ন দেশৰ কিছুমান ৰহস্যময় ঠাই – ভাগ্যৱান কোঁৱৰ

আমাৰ এই সেউজ পৃথিৱীত প্ৰযুক্তিবিদ্যাৰ জয়গান আৰম্ভ হৈছে৷ পৃথিৱীৰ প্ৰায় সকলোবোৰ ৰহস্যই প্ৰযুক্তিবিদ্যাৰ ফলত অনাবৰণ হৈছে৷ কি? কিয়? কত? এনে প্ৰশ্নৰ উত্তৰ শেহতীয়া প্ৰযুক্তিবিদ্যাৰ সহায়ত সহজতে ঘৰতে লাভ কৰিব পাৰি৷ হাতত এটা স্মাৰ্টফোন থাকিলেই ইণ্টাৰনেটৰ জৰিয়তে হাতৰ মুঠিত পোৱা যায় সকলোবোৰ তথ্য৷ ইণ্টাৰনেটে এই বিশাল পৃথিৱীক এখন গাঁৱলৈ পৰিৱৰ্তন কৰিছে৷ কিন্তু এই পৃথিৱীত এনে কিছুমান ঠাই আছে যাৰ ৰহস্য কোনো বিজ্ঞানীয়ে আজিলৈকে ভেদ কৰিব পৰা নাই৷

ভাৰতৰ কিছু ৰহস্যময় ঠাই –
১) চুম্বকীয় পাহাৰ, লেহ: – এই ঠাইখন কাশ্মীৰৰ লেহত অৱস্থিত৷ ইয়াৰ বিশেষত্ব হ’ল সাধাৰণতে যিকোনো গাড়ী ওপৰৰ পৰা তললৈ ঢাল হৈ যোৱা পথত ব্ৰেক নামাৰাকৈ বা গীয়েৰ নলগোৱাকৈ ৰাখিলে ই তললৈ নিজে নিজে যাব আৰু এয়া একেবাৰে সাধাৰণ নিয়মৰ কথা৷ কিন্তু লেহত ঠিক ইয়াৰ ওলোটাটো হয়, গাড়ী ইয়াত তলৰ পৰা ওপৰলৈ যায়৷ এলাপেছা গতিত নহয় তাকো ২০ কিঃমি প্ৰতি ঘণ্টা বেগত৷ কোৱা হয় ওপৰৰ পাহাৰত চুম্বকীয় ক্ষেত্ৰ থকাৰ বাবে লোহাৰে নিৰ্মিত গাড়ীবোৰ নিজে নিজে ওপৰলৈ চলি যায়৷

২) জাতিঙ্গা, অসম: – জাতিঙ্গাত বৃহৎ বৃহৎ পক্ষীৰ জাকে আত্মহত্যা কৰাৰ বাবে জগতবিখ্যাত৷ ছেপ্টেম্বৰ পৰা অক্টোবৰৰ ভিতৰত যিবোৰ পক্ষী জাতিঙ্গালৈ আহে সেইবোৰৰ প্ৰায় সংখ্যকে সন্ধিয়া ৬ টাৰ পৰা ৰাতি ৯ টাৰ ভিতৰত কোনো পোহৰৰ উৎস দেখা পালেই সেইফালে গতি কৰে আৰু পোহৰৰ উৎসত নিজে নিজে খুন্দা মাৰি আত্মহত্যা কৰে৷ পক্ষীবোৰে কিয় ইয়াত এনেকৈ নিজকে আত্মজাহ দিয়ে তাৰ বিষয়ে বহু গৱেষণা হৈছে যদিও এই ৰহস্য আজিলৈকে ভেদ হোৱা নাই৷

৩) লেপশ্ৰী মন্দিৰ, অন্ধ্ৰপ্ৰদেশ: – এই আটকধুনীয়া মন্দিৰটোৰ স্থাপত্যবিদ্য অতিকে লেখত লবলগীয়া৷ পুৰণি কাৰুকাৰ্য্যৰে সজ্জিত এই মন্দিৰটোত ৭০ টা স্তম্ভ বা খুঁটা আছে৷ তাৰে ভিতৰত এটা খুঁটাৰ কাৰুকাৰ্য্য অতি বিস্ময়কৰ কিয়নো এই খুঁটাৰ তলেৰে যিকোনো চাদৰ সহজে পাৰ কৰিব পাৰি৷ এই ৰহস্যৰে ভৰা স্থাপত্যবিদ্যা সাধাৰণ লোকৰ বাহিৰেও বিজ্ঞানীৰ বাবেও বিস্ময়ৰ জন্ম দিয়ে৷

৪) কোৰন্থি গাঁও, কেৰেলা: – এই গাঁওখন যঁজা গাঁও বুলিয়ে জগতবিখ্যাত৷ প্ৰায় প্ৰতিটো পৰিয়ালতে যঁজা যোৰা আছে৷ এই গাঁওখনৰ জনসংখ্যা ২০০০ যদিও ইয়াৰে ৪৪০ জন লোকেই যঁজা৷ এই গাঁওখনত যদি বাহিৰৰ পৰা কোনো ছোৱালী বিয়া হৈ আহে তেওঁৰো যঁজা সন্তান হয় আৰু এই গাঁওখনৰ পৰা বেলেগ ঠাইলৈ বিয়া হোৱা ছোৱালীৰো যঁজা সন্তান হোৱা দেখা যায়৷ বিজ্ঞানী সকলে এনে ঘটনা কিয় ঘটি আছে বুলি গৱেষণা কৰি আছে যদিও ৰহস্য এতিয়াও খোল খাবলৈ বাকী৷

পৃথিৱীৰ বিভিন্ন দেশৰ কিছু ৰহস্যময়ী ঠাই

১) ৰক্ত নিজৰা, আমেৰিকা: – এণ্টাৰ্কটিকাৰ এডোখৰ ঠাইৰ বৃহৎ আকাৰৰ বৰফৰ খণ্ডৰ পৰা তেজ ৰঙা ৰঙৰ নিজৰা বৈ থকা দেখা পোৱা গৈছে৷ কিছু বিজ্ঞানীয়ে কৈছে ইয়াত লৌহ তত্ত্বৰ পৰিমাণ অধিক হোৱাৰ বাবেই এনে পৰিঘটনাৰ সৃষ্টি হৈছে। কিন্তু বেছিভাগ লোকেই এই বিষয়ত সহমত প্ৰকাশ কৰা নাই৷

২) মোৰাকী পাথৰ, নিউজিলেণ্ড: – এই ঠাইত ডাঙৰ ডাঙৰ শিল গোলাকাৰ আকৃতিত পোৱা যায়৷ ইমান বৃহৎ আকাৰৰ শিলাখণ্ডবোৰ কেনেকৈ গোলকীয় হ’ল এইয়া সকলোৰে বাবে ৰহস্যময়৷

৩) লং ইয়েৰ বীণ, নৰৱে: – এই ঠাইৰ বিস্ময়কৰ কথাটো হ’ল ইয়াত ২০ এপ্ৰিলৰ পৰা ২৩ আগষ্ট লৈকে সূৰ্য্য কেতিয়াও অস্ত নাযায়৷ ইয়াত ৰাতি বুলি কোনো শব্দ এই সময়ছোৱাত প্ৰযোজ্য নহয়৷

৪) গতিয়মান শিল, মৃত্যু উপত্যকা, কেলিফৰ্ণিয়া: – এই ঠাইৰ ১৫০ তকৈ অধিক শিলাখণ্ডই প্ৰতিবছৰে ২৫০ মিটাৰতকৈ বেছি দূৰ নিজে নিজে অতিক্ৰম কৰে৷ ১৯৭২ চনত এদল বিজ্ঞানীয়ে শিলাখণ্ড বোৰৰ ওপৰত চিহ্ন দি ৪ বছৰ ধৰি অধ্যয়ন চলাই যদিও কোনো শিল গতিয়মান অৱস্থাত নাপালে৷ কিন্তু আমোদজনক বিস্ময়কৰ কথাটো হ’ল কিছুবছৰ পাছত সেই বিজ্ঞানীৰ দলটো আকৌ আহি সেই ঠাইত উপস্থিত হোৱাত দেখিলে যে কিছুমান চিহ্ন দিয়া শিল ১ কিঃমিঃ দূৰতহে আবিষ্কৃত হ’ল৷

৫) ৰেলামপাগ’ ডেল কাটাটুম্বু, ভেনিজুৱেলা: – ভেনিজুৱেলাৰ দক্ষিণ পশ্চিম অংশত থকা ৰেলামপাগ’ নামৰ হ্ৰদটিত অনবৰতে বজ্ৰপাত পৰি থকাৰ অদ্ভুত দৃশ্য দেখা পোৱা যায়৷ কেতিয়াবা এবাৰত ২৫০ বাৰলৈকে বজ্ৰপাট পৰাৰ মোহনীয় কিন্তু ভয়লগা দৃশ্যই হ্ৰদটিৰ ৰহস্যমতাৰে ভৰা সুন্দৰতাক প্ৰকাশ কৰে৷
৬)

নাজকা ড্ৰইং, পেৰু: – দক্ষিণ পেৰুৰ মৰুভূমিলৈ আকাশৰ বহু ওপৰৰ পৰা যদি চোৱা হয় তেনেহ’লে কিছুমান ৰেখাচিত্ৰ দেখা পোৱা যায়৷ কিছুমান দৈত্যাকৃতিৰ ৰেখাচিত্ৰই বান্দৰ, চৰাই, ত্ৰিভুজ, চতুৰ্ভুজ আদিৰ আকৃতিৰ ৰূপ লৈছে৷ এনে লাগে যেন কোনো চিত্ৰকৰেহে এই বিশাল চিত্ৰবোৰ আঁকিছে৷ ৮০ কি: মি: আগুৰি থকা এটা ক্ষেত্ৰফলত এই ৰেখচিত্ৰবোৰ আছে৷ ১৯২০ চনত আকাশীযানেৰে পোন প্ৰথম বাৰৰ বাবে এই ৰেখাচিত্ৰবোৰ দেখা পোৱা যায়৷
৭)

কেনেৰী আইলেণ্ড: – এই দ্বীপত অতি বিস্ময়কৰ কিছুমান গছ দেখা পোৱা যায়৷ ছাতি আকাৰত এই গছবোৰ দেখিলে এনে লাগে যেন উপৰিভাগত কিছুমান গছৰ ডাল মুঠা কৰি বান্ধি আগডোখৰ মেলি ৰাখিছে৷ অদ্ভুত কথা এয়ে যে এই গছবোৰ কাটিলে তেজৰ ৰঙৰ দৰে ৰস বাহিৰ হয়৷ সেইবাবে এই গছবোৰক ডেভিল গছ বুলিও কোৱা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!