বিশ্বত আতংকৰ সৃষ্টি কৰা কৰোনা ভাইৰাচৰ বিষয়ে জানিবলগীয়া কথা – ডা০ ভূপেন শইকীয়া

আগকথা –

আজিৰ জেট যুগত বিশ্বৰ যিকোনো ঠাইলৈ কম সময়তে যাত্ৰা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেই সপ্তাহমান আগতে আৰম্ভ হৈছিল কৰোনা ভাইৰাচে কৰা ৰোগ৷ সেই ৰোগ আজি জাপান, দক্ষিণ কোৰিয়া, চিংগাপুৰ, ভিয়েটনাম, থাইলেণ্ড, টাইৱান, মালেয়শিয়া, ফ্ৰান্স, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডলৈকো বিয়পিছে৷ চৌডি আৰব, কাটাৰ আৰু সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশেও কৰোনা ভাইৰাচৰ পৰা বাচিবলৈ অত্যধিক সতৰ্কতা লোৱা পৰিলক্ষিত হৈছে৷ চীনদেশ যাত্ৰা কৰি অহা লোকসকলৰ তন্নতন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ জানিবলৈ পোৱামতে বৰ্তমান ভাৰতবৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় বিমানবন্দৰ বিলাকতো সতৰ্কতামূলক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ হৈছে৷ ৰুচ দেশে চীনৰ সীমান্তই দি সকলো প্ৰবেশ বন্ধ কৰি দিছে৷

কৰোনা ভাইৰাচনো কি?

পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত, যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ’ল যে কৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ’ল- এন্দুৰ, নিগনি, কুকুৰ, মেকুৰী, গৰু, গাহৰি, উট, ঘোঁৰা, গাধ, টাৰ্কী, বাদুলি, সৰীসৃপ আদি৷ কৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crownৰ পৰা৷ ভাইৰাচৰ আকৃতি মুকুটৰ দৰে হোৱাৰ বাবেই এই নামকৰণ৷

২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত কৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ কৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ উপৰিও পাক প্ৰণালী, লিভাৰ, কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷

আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা কৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷

মানুহক আক্ৰান্ত কৰা কৰোনা ভাইৰাচৰ প্ৰকাৰ –

৬প্ৰকাৰৰ কৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ’ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচসমূহৰ বিশেষত্ব হ’ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি, সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এণ্টিবডিৰে ভেকচিন বনোৱা নাযায়৷

কেনেকৈ ৰোগ মানুহলৈ বিয়পে? – চীনদেশত বৰ্তমান আৰম্ভ হোৱা কৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ’ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষণ কৰিছে৷ সেইখন বজাৰত সাপ, বেং, বাদুলি, সাগৰীয় মাছ, কুকুৰ, মেকুৰি, এন্দুৰ, নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেণ্টত বাদুলীৰ চুপ, সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ কৰোনা ভাইৰাচৰ আগমন ঘটিল৷ ইয়াৰ উপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান হ’ল: –

  • ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে, হাঁচিয়ালে, হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷
  • হাতেৰে ৰোগীক স্পৰ্শ কৰিলে, কৰমৰ্দন, চুম্বন আদিৰ যোগেদি৷
  • ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল, ৰুমাল, অন্যান্য কাপোৰ, চচমা, কলম, বাচন আদি)ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু, মুখ, নাক নুচুব৷
  • ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷

· ২৫জানুৱাৰীত প্ৰকাশিত তথ্যমতে এই পৰ্য্যন্ত দেশখনত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’ল ১৯৭৫জন আৰু তাৰে ৫৬জন মৃত্যুমুখত পৰিছে৷

ৱুহানৰ উপৰিও আন কেইখনমান ৰোগাক্ৰান্ত চহৰ হ’ল- হুৱাংগাং, ঝিজিয়াংগ, কিয়ানজিয়াংগ আৰু ইঝোও৷ এই ৫খন চহৰৰ সৈতে দেশখন সকলোধৰণৰ যোগাযোগ (পথ পৰিবহণ, জলপথ, ৰেলপথ, আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান এই চহৰসমূহৰ ব্যৱসায়-বাণিজ্য, চিনেমা-থিয়েটাৰ, মল-পাৰ্ক, স্কুল-কলেজ-অফিচ সকলো বন্ধ, জনশূন্য৷ এই মহামাৰীৰ ফলত চীনদেশৰ অৰ্থনীতিৰ যি ভীষণ ক্ষতি হব তাৰ আংকলন সময়েহে কৰিব৷

ৰোগৰ লক্ষণসমূহ কি কি?

সাধাৰণ পানীলগা, জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ, গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷

ৰোগৰ চিনাক্তকৰণ –

উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এণ্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ৩সপ্তাহলৈকে তেজত এণ্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ ’ভ্ৰমণৰ হিষ্ট্ৰী’ লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷

সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷

কাহ জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোঁতে বিশেষ সতৰ্কতা লব৷ মাস্ক ব্যৱহাৰ কৰিব৷ নিৰামিষ খাদ্য পৰাপক্ষত গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ, উচ্চ ৰক্তচাপ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷

চিকিৎসা কিদৰে প্ৰদান কৰা হয়?

কৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১০শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷

মোখনিত দুটামান দৰকাৰী কথা: –

  • ৭০০জনৰো অধিক ভাৰতীয় ছাত্ৰই ৱুহানত ডাক্তৰী শিক্ষা গ্ৰহণ কৰি আছে৷ ভাৰত চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে৷
  • বিবিচি, চিএনএন, অলজৰীয়া আদি চেনেলসমূহে এই জ্বলন্ত বিষয়টোৰ ওপৰত দৈনিক আলোকপাত কৰি আছে৷
  • আমেৰিকাই নিজৰ নাগৰিকসকলক চীন দেশৰ পৰা সুকলমে উভটাই আনিবলৈ ব্যৱস্থা লৈছে৷
  • চীনা চৰকাৰে সকলো নাগৰিকৰ বিদেশ ভ্ৰমণ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল কৰিছে৷
  • শেহতীয়া বাতৰি অনুসৰি ২৬জানুৱাৰীত চীনা প্ৰশাসনে কৰা ঘোষণা অনুসৰি সকলো ধৰণৰ বনৰীয়া জীৱ জন্তুৰ বিক্ৰী বা অইন ঠাইলৈ অনা-নিয়া এই মহামাৰী সম্পূৰ্ণ নিৰাময় নোহোৱালৈকে বন্ধ থাকিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!