বিশ্ব অটিজম সজাগতা দিৱস, ২এপ্ৰিল – আৰাধনা বৰুৱা

২এপ্ৰিল তাৰিখটো সমগ্ৰ বিশ্বতে বিশ্ব অটিজম সজাগতা দিৱস আৰু এপ্ৰিল মাহটো অটিজম সজাগতা মাহ হিচাপে পালন কৰা হয়৷ এই দিৱসৰ লগত সংগতি ৰাখি অ’টিজম স্প্ৰেকট্ৰাম ডিজঅৰ্ডাৰৰ বিষয়ে কিছু কথা আপোনলোকলৈ আগবঢ়ালোঁ (পূৰ্বে নিয়মীয়া বাৰ্তাৰ স্বাস্থ্য বাৰ্তাত প্ৰকাশিত)

অটিজিম স্প্ৰেকট্ৰাম ডিজঅৰ্ডাৰ হৈছে এক স্নায়ৱিক বিকাশৰ বিসংগতি য’ত আক্ৰান্ত শিশুৰ বাকশক্তি, কথাবতৰা আৰু সামাজিক বিকাশ ত্ৰুটিপূৰ্ণ আৰু বিকাশৰ মাপকাঠি (Developmental Milestone)অনুসৰি লেহেমীয়া হয়৷ এই বিকাশৰ বিশংগতি সমূহ সাধাৰণতে জন্মগত নহয়৷ দুই তিনি বছৰ বয়সতহে এই লক্ষণ সমূহ পৰিলক্ষিত হয়৷ তাৰ আগলৈকে অস্বাভাৱিকতা লক্ষণীয় নহয়৷ ডি.এছ.এম-৫(Diagnostic and Statistical Manual Of mental Disorders) অনুসৰি এই ৰোগত আক্ৰান্ত শিশুৰ ক্ষেত্ৰত সততে দেখা তিনিটা লক্ষণ এনেধৰণৰ,

• সামাজিক সম্পৰ্ক স্থাপন আৰু মানুহৰ লগত কথা বতৰা পতাত অসুবিধা, আন ব্যক্তিৰ প্ৰতি আগ্ৰহ অনুভৱ নকৰা, আবেগসমূহ সুস্থ প্ৰকাশ আৰু বুজি পোৱাৰ অসুবিধা৷

• মানুহে কথা বতৰা পাতোতে সচৰাচৰ ব্যৱহৃত অংগীভংগী(যেনেঃমুৰ দুপিয়াই সঁহাৰি জনোৱা বা অসন্মতি প্ৰকাশ কৰা, চকুত চকু ৰাখি কথা পতা আদি)সঠিককৈ বুজি পোৱা আৰু সঠিক ব্যৱহাৰত অসুবিধা৷

• আন মানুহৰ লগত সম্পৰ্ক বজাই ৰখাত অসুবিধা, আগ্ৰহৰ অভাৱ, বিভিন্ন সামাজিক পৰিৱেশত প্ৰদৰ্শন কৰিবলগীয়া আচৰণ স্বাভাৱিক ভিন্নতাৰ ক্ষেত্ৰত অপাৰগতা (Difficulties in Responding to Different Social Context) আৰু শিশুৰ স্বাভাৱিক কল্পনাপ্ৰৱণতাৰে খেলা ধুলা কৰাত অসুবিধা৷

• ইয়াৰ উপৰিও নিম্নোক্ত লক্ষণসমূহৰ কমেও দুটা লক্ষণ থাকিলেহে অটিজমত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়৷

• যেনে, বিশেষ কথন ভংগী; শৰীৰৰ কিছুমান অংগৰ অস্বাভাৱিক সঞ্চালন (যেনে, মূৰ লৰাই থকা, হাত জোকাৰি থকা ); অন্য ব্যক্তিয়ে কোৱা কথা বা বাক্যৰ পুনৰাবৃত্তি (echolalia); কিছুমান অস্বাভাৱিক বা অৰ্থহীন শব্দ আৰু বাক্যাংশ বাৰে বাৰে ব্যৱহাৰ কৰা; দৈনন্দিন কাৰ্যপ্ৰণালী বা আচৰণ প্ৰদৰ্শনৰ বাবে নিৰ্দিষ্ট ধৰণ বা শৈলীৰ ব্যৱহাৰ আৰু কোনো ক্ষেত্ৰতে ইয়াক সলনি কৰিব নিবিচৰা; উদাহৰণস্বৰূপে একে ধৰণৰ খেলা বস্তুৰ লগতে খেলা; একে ৰঙৰে কাপোৰ পিন্ধিব বিচৰা ইত্যাদি; লক্ষণীয়ভাৱে কিছুমান বিশেষ বস্তুৰ প্ৰতি অস্বাভাৱিক আকৰ্ষণ আৰু উৎসাহ; ইন্দ্ৰিয়ৰ সংবেদনৰ ক্ষেত্ৰত অধিক বা কম সংবেদনশীল হোৱা৷ যেনে, বহুত বেছিকৈ বাৰে বাৰে বস্তু শুঙি থকা আদি, অলপো বিষ সহ্য কৰিব নোৱাৰা আদি৷

অটিজিমত আক্ৰান্ত শিশুৰ যত্ন লোৱাতো অভিভাৱকৰ বাবে স্বাভাৱিকতে জটিল হয়৷ সেয়ে এই সম্পৰ্কে কিছুমান কথা জানি লোৱাতো অতি প্ৰয়োজনীয়৷ যেনে,

• এনে শিশুৱে স্বাভাৱিক শিশুৰ দৰে সামাজিক আচৰণ সমূহ দেখি দেখি শিকিবলৈ অসুবিধা পায়৷ সেয়ে এই আচৰণ সমূহ অভিভাৱকে নিজাববীয়াকৈ পোনপটীয়াকৈ শিকাব লাগে৷

• শিশুটিক লগৰীয়াৰ লগত খেলাধুলা কৰা আৰু সামাজিক বন্ধুত্ব স্থাপনত উৎসাহিত কৰিব লাগে৷

• অটিষ্টিক শিশুৰ উপৰিও স্বাভাৱিক শিশুৰ লগতো সময় কটাবলৈ দিয়া উচিত৷ কিন্তু এইক্ষেত্ৰত কোনো ধৰণৰ জোৰ জৱৰদস্তি কৰিব নালাগে৷

• সামাজিক আচৰণ প্ৰদৰ্শন, সম্পৰ্ক স্থাপন আৰু বৰ্তাই ৰখাৰ বাবে উৎসাহিত কৰা দৰকাৰ৷ শিশুটিয়ে তেনে কৰিবলৈ চেষ্টা কৰিলে উদগণি জনাবলৈ সৰু সৰু পুৰস্কাৰ দিব পাৰে৷ কিন্তু যদি কিবা কাৰণত শিশুটিয়ে এইক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰিলে সেই ইচ্ছাক সন্মান প্ৰদৰ্শন কৰাটো সমানে গুৰুত্বপূৰ্ণ৷

• ভাষা আৰু কথাবতৰা শিশুটিৰ সক্ষমতাৰ ওপৰত ভিত্তি কৰি শিকাওক৷ উদাহৰণ স্বৰূপে আপোনাৰ শিশুটিয়ে যদি একেবাৰে কথা ক’ব নোৱাৰে তেন্তে অংগী-ভংগীৰেই তেওঁনো কি প্ৰকাশ কৰিব বিচাৰিছে তাক প্ৰকাশ কৰিবলৈ শিকাওক৷ যদি শিশুটিয়ে শব্দ বা দুই এটা বাক্যাংশৰ ব্যৱহাৰ কৰিব পাৰে তেন্তে সৰল বাক্যত মনৰ ভাৱ প্ৰকাশৰ বাবে চেষ্টা কৰাওক৷

• প্ৰণালীবদ্ধ ভাৱে উচ্চাৰণ কৰিবলৈ বা কথা ক’বলৈ শিকাবৰ বাবে স্পিচ্চ থেৰাপিষ্টৰ (Speech Therapist) সহায় লওক৷

• শিশুটিৰ লগত যিমান পাৰে কথা পাতক(শিশুটিয়ে সঁহাৰি নজনালেওঁ)৷ সৰু ল’ৰা-ছোৱালীয়ে ভালপোৱা কবিতা, গান আদি গাই শুনাওক৷

• শিশুটিক সাধু শুনাওক আৰু তেওঁকো সাধু কবলৈ উৎসাহিত কৰক৷ আৰু শিশুটিয়ে ক’বলৈ চেষ্টা কৰিলে প্ৰেৰণা দিয়ক৷ ই শিশুটিৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে৷

• উচ্চাৰণ শিকাওঁতে বা বস্তুৰ বিষয়ে শিকাওঁতে যেতিয়ালৈকে শিশুটিয়ে আয়ত্ত কৰিব নোৱাৰে তেতিয়ালৈকে পুনৰাবৃত্তি কৰক আৰু বস্তুটো আঙুলিয়াই বা চুই দেখাওক আৰু লগে লগে কৈ যোৱাৰ বাবে উৎসাহিত কৰক৷

• মুখেৰে কৈ শিকোৱাতকৈ ছবিৰ মাধ্যমেৰে শিকাবলৈ যত্ন কৰিব৷

• শিশুটিৰ কিছুমান আচৰণত আমনি পালেও কেতিয়াও চিঞৰ-বাখৰ বা মাৰপিট কৰাটো অনুচিত৷ ই শিশুক ভীতিবিহ্বল কৰি তোলে৷ তদুপৰি বহু অটিষ্টিক শিশুৱে খঙত ধ্বংসাত্মক আচৰণ প্ৰদৰ্শন কৰে৷ তেনে ক্ষেত্ৰত শিশুটিক শান্ত কৰিবলৈ চেষ্টা কৰি এইটো অনুভৱ কৰোৱা উচিত যে তেওঁ পোৱা অসুবিধাটো আপুনি বুজি পাইছে৷ সকলো শিশুৱেই যিহেতু স্বাভাৱিকতে অভিভাৱকক অনুকৰণ কৰে সেয়ে খং উঠিলেও আপুনি দেখুওৱা সন্তুলিত আচৰণে শিশুটিক তেনে পৰিস্থিতিত একেদৰে আচৰণ কৰিবলৈ সহায় কৰিব৷

• প্ৰয়োজন সাপেক্ষে কথাবাৰ্তা আৰু আচৰণ প্ৰদৰ্শন শিক্ষণৰ বিকল্প সঁজুলি (Augmentative and Alternative Communication, ACC Device)ৰ সদায় ল’ব পাৰে৷ এনে সজুঁলিসমূহৰ সহায়ত মনৰ ভাৱ, প্ৰয়োজন, সঁহাৰি জনোৱা, আৱেগৰ সুস্থ প্ৰকাশ আদি শিকোৱাৰ চেষ্টা কৰা হয়৷ এনে সঁজুলিবোৰ কাৰ্ডবোৰ্ডৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ প্ৰগেমলৈকে বিভিন্ন ধৰণত উপলব্ধ৷

• বহু অটিষ্টিক শিশুৰ ক্ষেত্ৰত নিজকে আঘাত কৰাৰ প্ৰৱণতা দেখা যায়৷ সেয়ে অভিভাৱকৰ সতৰ্কতা প্ৰয়োজনীয়৷

• কিছুমান সমীক্ষা অনুসৰি গ্লুটেনযুক্ত অপকাৰী৷ খাদ্যতালিকাত ভিটামিন বি -৬, কেলচিয়াম, অ’মেগা থ্ৰী ফেটী এচিড, মেগনেছিয়াম যুক্ত খাদ্য আৰু আয়’ডিন যুক্ত নিমখৰ অন্তৰ্ভুক্ত কৰিব লাগে৷ যিহেতু এনে শিশুসকল খাদ্যজনিত অসুবিধা সমূহৰ প্ৰতি অধিক স্পৰ্শকাতৰ হয় সেয়ে শাকপাচলি, ফলমূল আদি যাতে অধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দিয়া নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত৷

• ঘৰুৱা কাম কাজ, বজাৰ সমাৰ আদি কৰোঁতে শিশুটিকো ভাগ লবলৈ দিয়ক আৰু পচন্দ অপচন্দৰ কথা সোধক৷

অটিজিমত আক্ৰান্ত হোৱাৰ লগে লগেই জীৱনৰ পৰিসমাপ্তি নুবুজায়৷ এনে বহুতো বিশ্ববন্দিত ব্যক্তি আছে যি অটিজিম স্পেকট্ৰাম ডিজঅৰ্ডাৰত আক্ৰান্ত; উদাহৰণ স্বৰূপে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন, সংগীতজ্ঞ মোজাৰ্ট, ভাৰতীয় কবি আৰু দাৰ্শনিক টিটো মুখোপধ্যায় আদি৷ অভিভাৱকৰ সচেতনতাই এনে ৰোগত আক্ৰান্ত শিশুৰ জীৱনটো সফল কৰি তোলাত সহায় কৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!