বিশ্ব ইতিহাসৰ চুকে-কোণে (১) – ৰক্তিম গোস্বামী

ইৰ্মা গ্রিচ- দ্বিতীয় বিশ্বযুদ্ধৰ এটি অখ্যাত কাহিনী

“Holocaust Studies” (নৰমেধ/ধ্বংসমূলক/ধ্বংসলীলাঅধ্যয়ন” )ৰ বিষয়ে এনেই কিছু পঢ়াশুনা কৰি থাকো মাজেসময়ে। বিষয়টোৰ ওপৰত মোৰ কিবা এটা আসক্তি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কিছু অমানবীয় ঘটনাই এই বিষয়টোৰ এক বিশেষ অংশ সামৰি আছে। লগতে সামৰি আছে ইতিহাসে প্রায় পাহৰি পেলোৱা কিছু মান বৰ্বৰ চৰিত্রৰ নাম।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰ বাহিনীত থকা এনে এটা অখ্যাত নাৰী চৰিত্রৰ নাম হ’ল- ‘ইৰ্মাগ্রিচ’।শুনিবলৈ হয়তো এটা সাধাৰণ জাৰ্মান নাম , কিন্তু এইনামৰ গৰাকী আছিল দ্বিতীয় বিশ্বযুদ্ধৰ নাজীযুদ্ধ অপৰাধীসকলৰ ভিতৰৰ এগৰাকী দুৰ্দান্ত অপৰাধী যাক শত্রু সৈন্যই ফাঁচী দি হত্যা কৰিছিল।’ইৰ্মাগ্রিচ’ অতি কমসংখ্যক মহিলাৰ ভিতৰত আছিল যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ ‘কনচেনট্রেনকেম্প’ত নিযুক্তি পাইছিল। বৃটিচ শাসনৰ অধীনত বিংশ শতিকাত ফাঁচী দিয়া নাজী সকলৰ ভিতৰত এইগৰাকী মহিলাই কনিষ্ঠতম আছিল।ফাঁচীকাঁঠত ওলমা কনচেন ট্রেনকেম্পৰ গাৰ্ডসকলৰ মাজতো আছিল ইৰ্মা সবাতোকৈ সৰু।

১৯২৩ চনৰ ৭অক্টোবৰত এটি কৃষক পৰিয়ালত ইৰ্মাৰ জন্ম হৈছিল।ইৰ্মাৰ শৈশৱ আছিল সাধাৰণ আৰু স্বভাৱত আছিল অতি শান্ত।১৫ বছৰ বয়সত ইৰ্মাই বিদ্যালয় এৰিছিল আৰু কৰ্মজীৱন আৰম্ভ কৰিছিল। ইৰ্মাক হিটলাৰৰ নাজী প্রশাসনে নাজী যুৱ গোটত অৰ্ন্তভূক্ত হবলৈ বাধ্য কৰিছিল। পিছলৈ ইৰ্মাক ৰবেনচব্রুক(Ravensbruck)লৈ মহিলা এচএচ গাৰ্ডৰ প্রশিক্ষণৰ বাবে প্রেৰণ কৰে।ইয়াতে ইৰ্মাই কেম্পগাৰ্ডৰূপে প্রথম নিযুক্তি পায়।১৯৪৩ চনত ইৰ্মাক অ’ছউইজ(Auschwitz)লৈ পঠিওৱা হয়। পিছলৈ অ’ছউইজত ইৰ্মা মহিলা কেম্প গাৰ্ডসকলৰ দ্বিতীয় শ্রেষ্ঠ পদবী ‘Senior SS-supervisor’লৈ উন্নিত হৈছিল।অচয়ুইচত ইৰ্মাই প্রায় ৩০,০০০ মহিলাবন্দীক শাসন কৰিছিল।

বন্দীসকলৰ লগত কৰা ইৰ্মাৰ বৰ্বতা অবৰ্ণনীয়। ইৰ্মাৰ সহকৰ্মীসকলে এইবিষয়ে যথেষ্ট তথ্য দাঙি ধৰিছিল।মনগলেই হত্যা, যৌন উৎপীড়ন ,বন্দীসকলৰ ওপৰত ভোকাতুৰ কুকুৰ এৰি দিয়া বোৰ নৈমিত্তিক ঘটনা আছিল। বন্দীসকলক শাৰীৰিক আৰু মানসিক যন্ত্রনা দিয়াত ইৰ্মা পাকৈত আছিল আৰু শীতল মস্তিকৰে বন্দী হত্যা কৰি পৈশাচিক আনন্দ লভিছিল। বন্দীসকলক অত্যাচাৰ কৰাত যাতে কোনো ক্রুটি নহয় তাৰ বাবে সদায় কৰ্মৰত সময়ছোৱাত পিন্ধিছিল এযোৰ গধুৰ বুটজোতা, হাতত ৰাখিছিল চাবুক আৰু পিষ্টল। বহুবন্দীক কেৱল চাবুকেৰে কোবাই হত্যা কৰিছিল ইৰ্মাই। ইৰ্মাই দিনে গড়ে ৩০ জনকৈ বন্দীক হত্যা কৰা বুলি ধাৰণা কৰা হৈছিল।১৯৪৫ চনত ইৰ্মাক বাৰজেন-বেলচেন-(Bergen-Belsen) কেম্পলৈ স্থানান্তৰ কৰা হয়।বাৰজেন-বেলচেন যেতিয়া স্বাধীন হৈছিল তেতিয়া ইৰ্মাৰ ঘৰত পোৱা গৈছিল মানুহৰ ছালেৰে বনোৱা কেইবাপদো সামগ্রী। ইৰ্মাই বন্দীসকলক মানুহ বুলি গণ্য নকৰিছিল। এই মনোবৃত্তিয়ে পাশবিকতাক উদগণি যোগাইছিল। কোৱা হয় নাজী চৰকাৰে ইৰ্মাক সকলো শাৰীৰিক আৰু মানসিক সুখৰ পৰা আঁতৰত ৰাখি ১৯ বছৰৰ কমবয়সতে অত্যাধিক ক্ষমতা ন্যস্ত কৰাৰ বাবেই ‘ইৰ্মাগ্রিচ’ এক ভয়ানক নৰখাদকলৈ পৰ্য্যবষিত হৈছিল। ইৰ্মাই অতি সাহসেৰে মৃত্যুৰ সন্মুখীন হৈছিল। নিজকে ‘শ্বহীদ’ বুলি গণ্য কৰিছিল। জাৰ্মানীৰ পৰাজয়ৰ পিছত মৃত্যুৰ সত্যই ইৰ্মাক বিহ্বল কৰিব পৰা নাছিল। মোকৰ্দমাৰ সময়ত নিজৰ সপক্ষে মাত্রএষাৰ কথাই কৈছিল ইৰ্মাই-
“হিটলাৰ এই সকলোবোৰৰ বাবে দায়ী। তথাপি মই ভাবো মোৰ ওপৰৰ বিষয়াসকলতকৈ মোৰ দোষ কোনো গুণে কম নহয়”।

ডিচেম্বৰ ১৩, ১৯৪৫ত এইগৰাকী দ্বিতীয় বিশ্বযুদ্ধৰ অখ্যাত চৰিত্রক বৃটিচ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!