বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী (ইমৰাণ হুছেইন আল আমীন)

বিষয় : দিল্লীত ৰাজধানী আৰু গুৱাহাটীয়া বগৰী

  • ইমৰাণ হুছেইন আল আমীন


(
)
গুৱাহাটীয়া বগৰী………
আৰু দিল্লীৰ বজাৰ
থোপাথোপ লাগি আছে ডাল ভৰি ভৰি
পাতৰ তলত……
কিহৰ কিৰিলি ?
প্ৰয়োজন মাথো নিকটিনবিহীন এটি চুৰট
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী
(
)
আবেগৰ বিক্ৰী হয়
মানৱতা ক্ৰয় হয়
বেচিব নিব পাৰি বহু দিনৰ পুৰণি লাওখলাও
হেৰা…. ভয় কিহৰ ?
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী
(
)
বিবেক ক্ষয় যায়
নিগনিৰ পাখি গজে
শিমল পলাশ ফুলে
গ্ৰহবোৰো কক্ষচ্য হয়
ইয়াতেই এই মাত্ৰ
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী
(
)
সাধুকথা শুনিছা ?
পৰীৰ দেশৰ সাধু
আহে আৰু যায়
আলাদিনৰ চাকিৰ সাধু
পূৰ্বত জ্বলিছে
পশ্চিম নুমা
ৰৈ যায় হিমশীতল এটি জ্বালামুখী
আৰু শুনিবা ?
এয়া দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী
(
)
আকাশ ফুটিব
তৰাও খহিব
কিন্তু চলি থাকিব
অবিৰাম গতিত
দিল্লীৰ বজাৰ
আৰু গুৱাহাটীয়া বগৰী

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!