বিষয় – সঞ্চয় আৰু বিনিয়োগ – ৬

বিষয় – সঞ্চয় আৰু বিনিয়োগ – ৬

প্ৰতিম প্ৰতাপ বৰুৱা

(যোৱা সংখ্যাৰ পিছৰ পৰা)
যোৱাবাৰ আমি আলোচনা কৰিছিলোঁ বিনিয়োগৰ বাবে ভাল কোম্পানী কেনেকৈ বাচি উলিয়াব পাৰি| বিনিয়োগৰ বাবে কেইটামান ভাল কোম্পানী বাচি উলিওৱাৰ পিছত যিটো প্ৰশ্নৰ সন্মুখীন হোৱা যায় সেইটো হ’ল – “এতিয়া এই কোম্পানীৰ শ্বেয়াৰ কিনিমনে? এই সময়ত এই শ্বেয়াৰটোৰ দামটো কিনিব পৰা হৈ আছেনে?”

Buy low, not necessarily lowest. Sell high, not necessarily highest.

কম দামত ভাল কোম্পানীৰ শ্বেয়াৰ কিনি, কিছুদিন সাঁচি থৈ, বেছি দামত বিক্ৰী কৰা – এইটোৱেই শ্বেয়াৰ বজাৰত বিনিয়োগৰ মূলমন্ত্ৰ | কিন্তু কম দামত ভাল কোম্পানীৰ শ্বেয়াৰ কেনেকৈ পোৱা যায় |

এটা বুদ্ধি আছে – Don’t run after cakes that everybody else is running after.
মানে যি সময়ত আনে এটা বিশেষ চেক্টৰৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য বাঢ়িব বুলি ধৰি লৈ বিনিয়োগ কৰিছে সেই সময়ত সেইটো চেক্টৰৰ কোম্পানীৰ শ্বেয়াৰ নিকিনিব| কাৰণ সেইখিনি সময়ত ডিমাণ্ড বেছি হোৱাৰ বাবে সেই চেক্টৰৰ কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য অবাস্তৱ ধৰণে বাঢ়ি যায়| কিন্তু সেই একে সময়তে আন কিছুমান ভাল ভাল চেক্টৰৰ কিছুমান ভাল ভাল কোম্পানীৰ শ্বেয়াৰৰ মূল্যমান কমি যায়| কাৰণ বহুতে সেই আন চেক্টৰৰ শ্বেয়াৰখিনি বিক্ৰী কৰি সোঁতত উটি গৈ সেই বিশেষ চেক্টৰৰ কোম্পানীসমূহত বিনিয়োগ কৰে| এতিয়া সেই আনে বিশেষ মন নিদিয়া চেক্টৰসমূহৰ কেইটামান ভাল ভাল কোম্পানী আপোনাৰ লিষ্টখনৰ পৰা বাচি উলিয়াই বিনিয়োগ কৰিব পাৰে| এটা ব্যক্তিগত উদাহৰণ দিছোঁ – এটা সময়ত আই.টি. কোম্পানীবিলাকৰ শ্বেয়াৰৰ দাম অভাৱনীয়ভাৱে বাঢ়ি গৈছিল| মানুহে সেই সময়ত সেয়া আই.টি. বুম বুলি কৈছিল আৰু সকলোৱে আই.টি. কোম্পানী সমূহৰ শ্বেয়াৰ যি কোনো দামতে ক্ৰয় কৰিছিল| তেওঁলোকে আশা কৰিছিল (কেনেকৈ নাজানো)যে অহা দিনবিলাকত এই কোম্পানীবিলাকৰ শ্বেয়াৰৰ দাম আৰু বহুত বাঢ়ি থাকিব| ঠিক সেইখিনি সময়তে লক্ষ্মী মিট্টলে তেওঁৰ ষ্টীল কোম্পানীৰ সাম্ৰাজ্যখন বঢ়াই আছিল| সেই সময়ত তেওঁ গোটেই পৃথিৱীতে বিচাৰি বিচাৰি ৰুগ্ন ষ্টীল কোম্পানী কিছুমান একেবাৰে পানীৰ দামত ক্ৰয় কৰিছিল আৰু নিজৰ কৌশল আৰু মেনেজমেন্টৰ জ্ঞানেৰে সেই ৰুগ্ন কোম্পানীবিলাকক প্ৰফিট মেকিং কোম্পানীলৈ ৰূপান্তৰ কৰিছিল| সেই সময়ত, যেতিয়া আনে আই.টি. কোম্পানীৰ শ্বেয়াৰত ব্যস্ত আছিল, আমি দুজনমানে এটা আইৰন অ’ৰ কোম্পানী, এটা ষ্টীল কোম্পানী আৰু এটা চিমেন্ট কোম্পানীৰ বহুত শ্বেয়াৰ অতি সস্তাতে কিনিছিলোঁ| কাৰণ আমি আলোচনা কৰি এটা সিদ্ধান্ত লৈছিলোঁ যে ভাৰতৰ বিকাশৰ বাবে ইন্‌ফ্ৰাষ্ট্ৰাকচাৰত চৰকাৰে জোৰ দিবই লাগিব আৰু তাৰ বাবে ষ্টীল আৰু চিমেন্ট লাগিবই| ষ্টীলৰ বাবে আইৰন অ’ৰ লাগিবই| আমাৰ সেই সিদ্ধান্ত কিমান মূল্যবান আছিল তাৰ প্ৰমাণ হ’ল মাত্ৰ ৫ বছৰৰ পিছত আমাৰ সেই কোম্পানী তিনিটাত কৰা বিনিয়োগৰ পৰা আমি ৪০০% পৰা ৭০০% পৰ্যন্ত লাভ পাইছিলোঁ| আমি বিনিয়োগ কৰাৰ পিছত সেই কোম্পানীকেইটাৰ শ্বেয়াৰৰ মূল্য আৰু তললৈ নামি গৈছিল| সেই সময়ত আমি ভয় খোৱাতো দূৰৰে কথা, দাম কমি যোৱাৰ সুযোগ লৈ সেই কোম্পানীকেইটাৰ আৰু অলপ শ্বেয়াৰ কিনি গঢ় কিনা দাম আৰু তললৈহে নমাইছিলোঁ |
অৱশ্যে সকলো সময়তে এই ফৰ্মূলাটো নাখাটে | আচলতে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ কোনো ধৰাবন্ধা ফৰ্মূলা নায়েই | জ্ঞান, অভিজ্ঞতা আৰু সময়ে বিনিয়োগৰ সিদ্ধান্তত প্ৰভাৱ পেলায় |
Price is what you pay, value is what you get.
শ্বেয়াৰ বজাৰৰ সূচাংক যিয়েই নহওক লাগে, ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় অৰ্থনীতিৰ গতি যিয়েই নহওক লাগে, বজাৰত সকলো সময়তে কম দামত ভাল কোম্পানীৰ শ্বেয়াৰ বিচাৰি পোৱা যায় |
শ্বেয়াৰ বজাৰৰ সূচাংক যেতিয়া কিবা কাৰণত তললৈ নামে তেতিয়া বহুতে থৰকাছুটি হেৰুৱায় | কিন্তু শ্বেয়াৰ বজাৰৰ সূচাংক তললৈ নামিলে সেয়া আচলতে ভাল ভাল কোম্পানীৰ শ্বেয়াৰ কিনাৰ সময় বুলিহে ধৰি ল’ব লাগে |

যিসকলৰ প্ৰতিমাহে এটা নিশ্চিত উপাৰ্জনৰ পথ আছে তেওঁলোকে প্ৰতিমাহে নিয়মীয়াকৈ এটা নিৰ্দিষ্ট পৰিমাণৰ টকা শ্বেয়াৰ বজাৰত এটা বা দুটা বা খুব বেছি তিনিটা ভাল প্ৰতিষ্ঠিত কোম্পানীত দীৰ্ঘ সময়ৰ বাবে(কমেও তিনিবছৰ) বিনিয়োগ কৰিব পাৰে| দাম যিয়েই নহওক, এনে ধৰণে প্ৰতিমাহে একেটা কোম্পানীৰ শ্বেয়াৰ কিনি গ’লে এটা সময়ত দেখা যায় যে গোট খোৱা শ্বেয়াৰখিনিৰ গঢ় কিনা দাম সেই সময়ত বজাৰত চলি থকা দামতকৈ বহুত কম | এইটো এটা লোকচান হোৱাৰ সম্ভাৱনা নথকা নিৰাপদ বিনিয়োগৰ পথ | শ্বেয়াৰ বজাৰত বা শ্বেয়াৰৰ টেকনিকেল/ ফাণ্ডামেন্টেল বিশ্লেষণত সময় দিব নোৱাৰা বহুতে এই পদ্ধতিৰে বিনিয়োগ কৰে |
শ্বেয়াৰৰ টেকনিকেল/ফাণ্ডামেন্টেল বিশ্লেষণ আচলতে কি ? এই প্ৰশ্নৰ উত্তৰ অহা সংখ্যাত বিচাৰিম |
(ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!