বিষ –ৰূপাঞ্জলি চেতিয়া

ব’ৰ্ডখনত সংখ্যাকেইটা লিখি ৰৈ থাকিল বদন৷ ছাৰে কালিয়েই কৈছিল আজি ব’ৰ্ডত বিয়োগ নেওতা মুখস্থ লিখিবলৈ দিব বুলি৷ কিন্তু সি পঢ়িবলৈ সময়েই নাপালে৷ খুৰাকহঁতৰ গাভিনী গাইজনীনো কালিহে হেৰাবলৈ পায়নে! খুৰাকৰ লগত আন্ধাৰলৈকে গাইজনী বিচাৰি ফুৰোঁতে তাৰ যে পঢ়াই নহ’ল একোকে!

“লিখ! কিমান হ’ব লিখ! ” টেবুলখনত বেতডালেৰে সাৰৌপ্‌কৈ মাৰিলে মাষ্টৰে৷

লিখিবলৈ সাহস নহ’ল বদনৰ৷ উচপ খাই হাতৰ পৰা সৰি পৰা চকমাটিৰ টুকুৰাটো মাটিৰ পৰা বুটলি ভয়ে ভয়ে ক’লে, “এক৷ ”

“হেৰৌ! ইমান ডাঙৰ হৈও বিয়োগ নেওতাখনকে লিখিব পৰা নাই! কি আছে মূৰত তোৰ? একেলগে ভায়েৰটোক চা, সি এক নম্বৰ সকলোতে৷ আৰু তই! ? গাধ ক’ৰবাৰ! ” চৰম অসন্তুষ্টিৰে গালি পাৰি পাৰি দাঁত-মুখ কৰচি মাষ্টৰে তাৰ কলাফুলত চাটোপ্‌কৈ এবেত সোধালে৷ পিছফালৰ পৰা ভাঁহি অহা হাঁহিৰ গুণগুণনিৰে বিয়পি পৰিল কোঠাটোৰ বাহিৰ-ভিতৰ৷

“মৃৃৃৃণাল, তই আহি লিখি দে’চোন৷ এই মুৰুখৰ বাহটোৱেও শিকি লওক বিয়োগৰ নেওতাখন৷ ” মাষ্টৰৰ কথাত বদনৰ খুৰাকৰ পুতেক মৃৃৃৃণাল আহি টেবুলৰ পৰা চকমাটিৰ টুকুৰা এটা লৈ একৰ পৰা পাঁচঘৰলৈ বিয়োগ নেওতাখন তৎক্ষণাত লিখি পেলালে৷ হাতত লৈ থকা চকৰ টুকুৰাটো নখেৰে চিকুটি ৰৈ থাকিল বদন৷

“পঢ়! পঢ়ি মুখস্থ কৰি ল’! ” মাষ্টৰৰ নিৰ্দেশ পায়ো ব’ৰ্ডত লিখা নেওতাখন পঢ়িব নোৱাৰিলে সি৷ দুচকুত জমা হোৱা চকুপানীৰ ভৰত ব’ৰ্ডখন মনিব নোৱাৰা হৈ আহিল৷ সৰসৰাই ওলাব ধৰা চকুপানীৰ লুণীয়া ধাৰ দুটাই তাৰ গালৰ দুয়োপাৰ ধুৱাব খোজোতে বাহুটোৰে দুয়োখন গাল মোহাৰি ল’লে সি৷ দুচকুৰ পানীৰে চাৰ্টৰ হাত দুটা তিতিল৷ বিষাই উঠিল বদনৰ বুকু৷ নেওতাখন নোৱাৰাৰ বাবে নহয় সেই বিষ, সেই নোৱাৰাখিনিক আনৰ লগত তুলনা কৰি দিয়া অপমানখিনিয়েহে সেই বিষৰ কঁঠীয়া সিঁচিছে৷ কলাফুলৰ বিষটোতকৈও বেছি বিষ তাৰ কণমানি বুকুখনত অনুভৱ কৰিলে সি৷ এইটো তাৰ চিনাকি বিষ, যিয়ে দেউতাকৰ অকাল মৃত্যুৰ পিছৰে পৰা তাৰ জীৱনত নিগাজীকৈ থিতাপি ল’লে৷

তললৈ মূৰ কৰিয়েই চকডাল ছাৰৰ টেবুলত থৈ নিজৰ বহা জেগালৈ আগবাঢ়িল সি৷ প্ৰথম বেঞ্চত বহি থকা পঞ্চমীৰ চকুৱে চকুৱে পৰিল৷ ঢুলঢুলীয়া হৈ আছেে তাইৰ চকুজুৰি৷

’তায়ো হাঁহিছিল নেকি বাৰু? ’

লাজ আৰু অস্বস্তিৰ সেই চৰম মুহূৰ্ততো বদনৰ মনলৈ এই কথাষাৰ আহিল৷

“ইচ্ সিৰা পাতি গ’ল! দুখ পালি নেকি বেছিকৈ? ” ছুটিৰ পাছত তাৰ পিছে পিছে আহি থকা পঞ্চমীয়ে একেবাৰে কাষলৈ আহি সুধিলে৷ চক্‌ খাই উঠিল বদন৷ সোঁৱে-বাঁৱে মূৰটো জোকাৰিলে৷ হাফ্পেণ্টটোৱে ঢাকিব নোৱাৰা তাৰ কলাফুলটোৰ ওপৰতে খং উঠিল৷ খোজবোৰ খৰ কৰিলে৷ দেৰি হ’লে খুৰাকে খং কৰিব৷ কিতাপখিনি থৈ কৰ্‌কৰা দুটামান খায়েই গৰু এৰাল দিবলৈ যাব লাগিব সি৷

“গেণ্ডা ফুলৰ পাত দুখিলামান খুন্দি লগাই দিবি৷ বিষটো কমিব৷ ” পঞ্চমীয়ে চিঞৰিলে পিছফালৰ পৰা৷ এই ছোৱালীজনীয়ে কিয় যে তাৰ সকলো খবৰ ৰাখিব খোজে! তাইৰ কথা নুশুনাৰ ভাও জুৰি কোবাকুবিকৈ আগবাঢ়িল বদন৷

°°°°°°°°°°°

“হেই! ঘূৰ, ঘূৰ! মৰণাটোতে যদি তহঁতৰ ইমানসোপা ধান খাবলৈ হয়, আমালৈ থাকিবগৈ কি? ” খুৰাকৰ মাতত চক্‌ খাই গৰুহাললৈ চালে বদনে৷ গৰুহাল অলপ একাষৰীয়াকৈ ৰাখি উখনি মাৰি আছিল সি৷ মৰণা মাৰোঁতে গৰুহালক মুখৰা পিন্ধাই ল’বলৈ বেয়া লাগে তাৰ৷ সেইবাবে খুৰাকে কোৱা স্বত্বেও মুখৰা বান্ধি দিয়া নাছিল গৰুহালক৷ খাওকচোন! সিহঁতৰ কান্ধতেই উঠা খেতিৰে দুটাকৈ ভঁৰাল গুটিধানেৰে পূৰ হয়৷ তাৰে দুমুঠিমান খালেই যেনিবা, কিটোনো ঢুকাব! কিন্তু কৰাইচ খুৰাকে তাকো সহিব নোৱাৰে৷

“তোক কৈছিলোঁ নহয়, মুখৰা বান্ধি ল’বলৈ৷ নল’ৱ কিয়? মুৰ্খটো ক’ৰবাৰ! গোটেইখনে মিলি মোক কঙাল কৰাৰ ধান্দা মানে! ” কিনাৰতে পৰি থকা চেকনীডালেৰে সাৰৌপ সাৰৌপকৈ গৰুহালক কোবাই গ’ল খুৰাকে৷ যেন উৰহৰ খং ভগাঢাৰিত জৰাৰ চেষ্টা!

“আস্! ” ক’ব নোৱাৰাকৈয়ে বদনৰ মুখেদি অস্ফূট গেঙনি এটা বাহিৰ হ’ল৷ সেইকেইটা কোব যেন গৰুহালৰ ওপৰত নহয়, তাৰ ওপৰতহে পৰিছে! বুকুৰ ভিতৰৰ চিনাকি বিষটোৱে উক দিলে যেন আকৌ৷ উখনা মাৰিডাল ধানখিনিৰ কিনাৰতে পেলাই খৰধৰকৈ গৈ গৰুহাল টানিলেগৈ৷ লাহেকৈ টানি টানি নি মৰণাটোৰ ওপৰত উঠাই ঘূৰাবলৈ ধৰিলে৷

’বিষাইছে নেকি বৰকৈ? ’ নিজকে নিজে কোৱাদি কথাষাৰ কৈ আলফুলে গৰুহালৰ পিঠিয়েদি হাতখন বুলাই দিলে সি৷

জনা হোৱাৰেপৰা এই গৰু-ছাগলীবোৰেই লগ তাৰ৷ সৰুতে মা-দেউতাকক হেৰুৱাই খুৰাকৰ অনুগ্ৰহত জীয়াই থকাৰ দৰে৷ গৰু-ছাগলী, খেতি-খোলাকে ধৰি ঘৰ-বাৰীৰ সকলো কাম সিয়েই চম্ভালে৷ সেইবোৰতে লাগি থাকোঁতে বেছি পঢ়া-শুনাও নহ’ল৷ কোনোমতে মেট্ৰিক পৰীক্ষাত বহিছিল যদিও ডেওনাখন পাৰ কৰিব নোৱাৰিলে৷ পাৰিবনো কেনেকৈ? কাউৰীয়ে কা নকৰোঁতেই ঘৰ-বাৰীৰ কাম সামৰি, গৰু-গাই এৰাল দিয়ে মানে স্কুললৈ যোৱাৰ সময় হয়৷ লৰালৰিকৈ গাটো তিয়াই কিবা দুটামান নাকে-মুখে গুজি শ্ৰেণীত বহেগৈ৷ শিক্ষকে কি শিকায়, কি বুজায় সকলোবোৰ তাৰ মূৰৰ ওপৰেদি যায়৷ তাকে লৈ নিতৌ সকলোৰে ঠাট্টা-মস্কৰাবোৰে দিয়া বিষটো আছেই৷ আনকি কাণসমনীয়া ভায়েক মৃৃৃৃণালেও বুজি নাপায় তাৰ বুকুৰ সেই বিষ৷ ঘৰলৈ ওভতাৰ পিছতো সেই একেবোৰেই কাম৷ খুৰীয়েকৰ লাচনি-পাচনি কৰি, গৰু-গাই সামৰি সন্ধিয়া কিতাপ মেলিবৰ সময়তে দিনটোৰ ভাগৰে জুমুৰি দি ধৰে তাক৷ সেই ভাগৰক আওকাণ কৰি পঢ়া-শুনা নহয়গৈ আৰু!

“বদন, ভায়েৰলৈ পইচা পঠিয়াব লাগে৷ তই মৰণাটো সামৰি ডাকঘৰৰ পৰা আহিবিগৈচোন৷ ” তাৰ ভাৱনাত যতি পেলাই খুৰীয়েকে পাকঘৰৰ দুৱাৰমুখৰ পৰা ৰিঙিয়াই কৈ গ’লহি৷ ভায়েক মৃৃৃৃণাল আজিকালি হোষ্টেলত থাকি চহৰৰ কলেজত পঢ়ে৷ তালৈ ইটো-সিটো পঠিওৱাৰ দায়িত্বও বদনৰ মূৰতে৷

মৰণাটো সামৰে মানে বেলি দুপৰ হ’ল৷ গৰুহাল বান্ধি, খাবলৈ ঘাঁহ দুডালমান দি মুখ-হাত ধুই ল’লে ভালকৈ৷ গাটো আহিয়েই ধুবহি৷ নহ’লে বেছি দেৰি হ’লে ডাকঘৰ বন্ধ হৈ যাব৷ তেতিয়া আকৌ খুৰাকৰ এবকলা বকনি শুনিব লাগিব৷ চাইকেলখন লৈ কোবাকুবিকৈ ডাকঘৰৰ দিশে পেডেল মাৰিলে সি৷

°°°°°°°°°°°

“মোৰ কিবা এটা হ’লে খুৰীয়েৰক চাবি বদন৷ সিতো নাহিলেই! তয়ো পিঠি নিদিবি আমালৈ৷ ” হস্পিতালৰ বিছনাৰ কাষত বহি থকা বদনৰ হাতখন খেপিয়ালে খুৰাকে৷ দায়িত্বৰ বোজা বওঁতে বওঁতে খহটা হৈ পৰা তাৰ বলিষ্ঠ হাত দুখনে খুৰাকৰ শীৰ্ণ হাতখন মুঠিত সামৰি ল’লে৷ খিৰিকিকাষত ৰৈ বাহিৰলৈ চাই থকা খুৰীয়েকে চাদৰৰ আঁচলেৰে উদাস দুচকুুৰে বৈ আহিব খোজা চকুপানীখিনি মোহাৰি কিবা এষাৰ ক’ব খুজিছিল কিন্তু তেনেতে জীয়েক পঞ্চমীৰ সৈতে মাষ্টৰ সোমাই অহাত তেওঁ মনে মনে থাকিল৷

পেটৰ বিষত কোঙা হৈ পৰা খুৰাকক গাঁৱৰে চৰকাৰী হস্পিতালত ৰাখিছেহি দুদিন ধৰি৷ মৃৃৃৃণাললৈ খবৰ দিয়া হৈছিল কিন্তু সি আহিব নোৱাৰিলে৷ তাৰ অ’ফিচৰ কিবা জৰুৰী কাম আছে হেনো৷

“টাউনৰ হস্পিতাললৈ লৈ যাওঁ৷ তইতো আছই৷ ভাল ডাক্তৰে চালে সোনকালে ভাল হ’ব৷ ” বদনে কৈছিল৷

“নেলাগে, গাঁৱৰ চৰকাৰী হস্পিতালখনলৈকে লৈ যা৷ এনেয়েও বুকুৰ বিষে পালে যেতিয়া বুঢ়া কেইদিননো জীয়াই থাকিব! মই যাম বাৰু ফ্ৰী হৈ৷ ” আচৰিত হোৱা নাছিল বদন৷ সৰুৰে পৰা দেখি অহা মৃৃৃৃণালৰ স্বাৰ্থপৰতাৰ লগত সি বাৰুকৈয়ে পৰিচিত৷ তালৈ আৰু আশা নাৰাখিলে বদনে৷ গাঁৱৰ মানুহৰ সহায়তে চহৰৰ হস্পিতালত চিকিৎসা কৰোৱালে৷ তিনিদিন তাত থাকি অহাৰ পিছত যথেষ্টখিনি সুস্থ হ’ল যদিও দুৰ্বল হৈ পৰিল তেনেই৷ সকলোৰে পৰামৰ্শমতে গাঁৱৰে চৰকাৰী হস্পিতালত দুদিনমান ৰাখি চেলাইন দুটামান দিওৱাৰ ব্যৱস্থা কৰিলে৷ এতিয়া তেওঁৰ শৰীৰ আগতকৈ সুস্থ যদিও মনতহে বিষ এটাই ঠাই লৈছে৷ আপোন ককায়েকটো মৰাৰ পিছত অজলা ভতিজাকটোক কমখন কষ্ট দিলেনে! সেই শাস্তিয়েই ভগৱানে দিছে এতিয়া তেওঁক৷ সদায় মুৰ্খ বুলি ভাবি থকা, নিজ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি অহা ভতিজাকটোৱে বিপদৰ সময়ত নিজৰ পুতেকতকৈও বেছি দায়িত্ব লৈছে৷ নিজৰ কুকৰ্মৰ কথা মনত পেলাই নীৰৱে চকুলো টুকিলে খুৰাকে৷

“তই আজি ঘৰতে শুই থাকগৈ যা৷ এইকেইদিন মোৰ লগত দিনে-ৰাতিয়ে লাগি থকাৰ বাবে তোকো বেমাৰী যেন দেখা গৈছে৷ আজি ৰাতি খুৰীয়েৰে থাকক মোৰ লগত৷ ” খুৰীয়েকেও হয়ভৰ দিলে তেওঁঁৰ কথাত৷

“পঞ্চমী, তহঁতৰ ঘৰতে ভাতকেইটা খুৱাবি আজি তাক৷ পাৰিবি নহয়? ” পিছৰ কথাষাৰ যেন নিশ্চিন্ত হ’বলৈহে সুধিলে খুৰীয়েকে৷

ইমানবোৰ আদৰৰ অভ্যাস নাই বদনৰ৷ বিব্ৰত বোধ কৰিলে সি অলপকৈ৷ মুখেৰে একো নামাতিলে৷ কিন্তু সদায়ে বিষত অস্থিৰ লাগি থকা বুকুৰ ভিতৰখনত এক আচৰিত শীতলতা অনুভৱ কৰিলে৷ কিহৰ শীতলতা এয়া? কিয় আচৰিতভাৱে নিজম পৰিল তাৰ বুকুৰ ভিতৰখন? ক’ব নোৱাৰাকৈয়ে নিজৰ সোঁহাতখনেৰে বুকুৰ ওপৰে ওপৰে হাত বোলালে৷

কাষতে থিয় হৈ থকা পঞ্চমীয়ে তালৈ চালে৷ একো নক’লে৷ কোনোৱে বুজিব নোৱাৰিলেও বদনৰ মনৰ বিষ বুজিব পাৰে তাই; সেই বিষৰ সাক্ষী তাই সৰুৰেপৰাই৷ মনৰ কথা বুজিবলৈ তাৰ দুচকুৰ ভাষাই যথেষ্ট তাইৰ বাবে৷ বদনৰ বুকুৰ শীতলতাখিনি পঞ্চমীৰ বুকুলৈও বিয়পিল৷ বাপেকৰ অভিজ্ঞ দুচকুৰ পৰা সাৰি নগ’ল তাহাঁতৰ চকুৰ ভাষা৷

“যা৷ তহঁত দুটা গৈ থাক৷ মই হস্পিতালতে ৰৈছোঁ অলপ৷ ” মাষ্টৰে ক’লে৷ দুয়ো নীৰৱে কোঠাৰ বাহিৰ হ’ল৷

হস্পিতালৰ গে’টৰ কাষ পাই সৰু ছোৱালীৰ দৰে চিঞৰি উঠিল পঞ্চমী, “ইয়ে চা! ন জোন ওলালেই! ” চাবিটো খুলি চাইকেলখন ঘূৰাবলৈ লোৱা বদনৰ চকু আপোনা আপুনি আকাশলৈ গ’ল৷ সন্ধিয়াৰ ছাঁইবৰণীয়া আকাশৰ বুকুত তৰা দুটিমানক লগৰী কৰি লৈ ন জোন জিলিকিছে৷

দুচকু মুদি হাতযোৰ কৰি কিবা বিৰবিৰালে পঞ্চমীয়ে৷ তাৰপিছত তালৈ সোঁহাতখন আগবঢ়াই দিলে৷

“নতুন জোনটোলৈ খালী হাতেৰে নেচাবি৷ হোঁ! মোৰ আঙুঠিটোকে লৈ ল’ হাতত৷ ”

হাতখন আগবঢ়াব খুজিও ৰৈ গ’ল সি৷ ক’লে, “থাকক! বুকু ভৰি থাকিলে হাত খালী হ’লেও বেয়া নালাগে৷ ” তাৰপিছত জোনৰ পৰা চকু আঁতৰাই পঞ্চমীৰ পিনে অপলক নয়নেৰে চাই ৰ’ল৷ চকুত চকু থৈ আলফুলে তাৰ হাতৰ ওপৰত হাত ফুৰালে তাই৷ তাৰ শীতল বুকুত উখল-মাখল ঢৌ তুলিবলৈ সেয়াই যথেষ্ট৷ চাইকেলখন ঠেলি আগবাঢ়িল দুয়ো৷ পোহৰ হ’ব খোজা দুখনি বুকুৰ মাজত নতুন বিষ এটাই ঠাই লৈছিল তেতিয়ালৈ৷ কিছুমান বিষৰ অনুভূতি বৰ মিঠা৷ সেইকথা দুয়ো বুজি উঠিছিল একেলগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!