বিস্ময়জনক পানীয় (দিগন্ত শইকীয়া)

বিস্ময়জনক পানীয় (Miracle Drink)

–          দিগন্ত শইকীয়া

গাজৰ, আপেল আৰু আলুৰ সংমিশ্রণৰ পানীয়; ই এবিধ বিস্ময়জনক পানীয় ৷

আপুনি ইয়াৰ বাবে বাকলি গুচাই এটা আলু, এটা গাজৰ আৰু এটা আপেল মিক্সাৰ বা গ্রাইন্দাৰৰ জুইচাৰত ভৰাই ৰস উলিয়াই লগে লগে পি খাওক ৷ জিভাৰ জুতিৰ বাবে অলপ নেমুৰ ৰস দি লব পাৰে ৷ এইদৰে সদায় ৰাতিপুৱা খাওক ৷ এই বিস্ময়জনক পানীয়ই আপোনাৰ বহু উপকাৰ কৰে ৷

১. কেন্সাৰ কোষ বৃদ্ধিত বাধা দিয়ে ৷

২. কিডনি, লিভাৰ, পেংক্রিয়াচৰ বেমাৰ নাশ কৰে আৰু আলচাৰ্ জাতীয় আন্ত্রিক ঘাঁ সোনকালে নিৰাময় কৰে ৷

৩. শ্বাসতন্ত্র শক্তিশালী কৰে, হাৰ্ট এটাক আৰু উচ্চ ৰক্ত চাপত বাধা দিয়ে ৷

৪. দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

৫. চকুৰ বাবে ভাল, চকু ৰঙা পৰা আৰু ভাগৰুৱা বা শুকান লগা নাইকিয়া কৰে ৷

৬. দেহৰ অশুদ্ধি আঁতৰায়, কৌষ্টকাঠিন্য নাইকিয়া কৰে আৰে দেহা সুশ্রী কৰে ৷

৭. কাম কৰোঁতে হোৱা গাৰ বিষ আৰু মাংসপেষীৰ বিষ নাইকিয়া কৰে ৷

৮. বদহজমৰ বাবে হোৱা শ্বাস-প্রশ্বাসৰ বেয়া গোন্ধ আৰু ডিঙিৰ ইন্ফেক্চন নাইকিয়া কৰে ৷

৯. কিছুমান মহিলাৰ ক্ষেত্ৰত দেখা দিয়া মাহেকীয়া ঋতুস্রাৱৰ বাবে হোৱা বিষ কমায় ৷

ইয়াৰ কোনো চাইদ্ এফেক্ট নাই, উচ্চ গুণসম্পন্ন আৰু শৰীৰে সোনকালে গ্ৰহণ কৰে ৷ আপোনাৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্রত ই অতি ফলদায়ক ৷ সদায় সময় মতে খালে আপুনি মন কৰিব আপোনাৰ দেহৰ প্রতিৰোধ ক্ষমতা দুসপ্তাহত উন্নত হৈছে ৷ এটা কথা মন কৰিব যে পানীয় খিনি লগে লগে খাব লাগে ৷

বিঃ দ্রঃ – ৰাতিপুৱাই খালী পেটত এই পানীয়খিনি পি খাওক আৰু তাৰ এঘণ্টাৰ পাছতহে ৰাতিপুৱাৰ আহাৰ খাওক ৷ ফল সোনকালে পাবৰ বাবে দিনটোত দুবাৰ খাওক ৰাতিপুৱা আৰু আবেলি ৫ বজাৰ আগতে ৷ যদি আপুনি ভাল ফল পায় আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱক ক’বলৈ নাপাহৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!