বিহু আৰু বৰ্তমান অসমীয়া (টিকেন্দ্ৰজিৎ কোঁ‌চ ৰাজবংশী)

মই উজনি নহয় , নহয় মই নামনিৰ । মই অসমীয়া । আগতেও কৈছো মই অসমখনক ভালপাও মোৰ সংস্কৃতিক ভালপাওঁ |
আজি মোৰ বাইশ বছৰ হ’ব । আজিলৈকে আমাৰ ঘৰত বা গাৱত বা আমাৰ অঞ্চলত বহাগৰ বিহুটিক বহাগ বিহুৰ ৰীতি-নিয়মেৰে পালন কৰি অহা দেখিছো । মাঘৰ বিহুটিক মাঘৰ বিহুৰ ৰীতি নিয়মেৰে । কাতি বিহুটিক কাতি বিহুৰ ৰীতি নিয়মেৰে । আজিলৈকে আমি কোনো দিনে বহাগৰ বিহুটিক মাঘৰ বিহু পতা নাই বা মাঘৰ বিহুটিক বহাগৰ ।
মাঘৰ বিহু বুলি ঘৰলৈ যাম উৰুকা দিনাখন । সিদিনাখন আমি ঢোল নবজাও । মাছ বিচৰা আদি কাম কৰিম । উৰুকা ৰাতি চৈধ্যখন আঞ্জাৰে ভাত সাঁজ খাবহে চেষ্টা কৰিম । চুঙাপিঠাৰ বাহ বিচাৰি যাম । সন্ধিয়া গোসাইক সেৱা জনাই চুঙাপিঠা সেক দিম ।
আমাৰ ককাদেউতাহ’তে কৈ গৈছে বহাগ বিহুৰ আগত ঢোলত চাব দিব নাপায় । আৰু আমি নিদিও । আহিলে দেখিব আমাৰ অঞ্চলৰ সকলোৰে ঢোল ওপৰত আৰি থোৱা আছে মাঘৰ বিহু বুলি পাগলৰ দৰে বহাগৰ বিহু সাঁজি বজাই থকা নাই | তাৰ সলনি আমাৰ গাৱলৈ আহিলে কোমল ৰ’দৰ পৰশত ঢেঁকীৰ শব্দহে শুনিব ।
দুবছৰ আগলৈ আমি যেতিয়া ভেলাঘৰ বনাইছিলো তেতিয়া আমি কোনো ধৰণৰ গড় বা ৰং ঘৰ ইত্যাদি সাজি জ্বলাই দিয়া নাছিলো । তাৰ পৰিবৰ্তে এটা ভেলাঘৰ বনাইছিলো ভোজ খাব বুলি উৰুকাৰ আগ দিনাখন । নিয়ম মতে ভেলাঘৰত উৰুকা দিনাখন সকলোৱে ভোজ-ভাত খায় ৰাতিয়ে জ্বলাই দিয়ে । আমি বাহৰ অভাৱৰ বাবে তেনে নকৰো । পাৰিলে সৰুকৈ এটা মেজি নবনোৱাও নহয় । কিন্তু ভেলাঘৰ বনাই মাঘৰ বিহুক জীয়াই ৰাখিব আমি আমাৰ সম্পদ সমূহ নিজে জ্বলাই অনাঅসমীয়াক নেদেখাও । আজিলে আমি আমাৰ সংস্কৃতিক হত্যা কৰা নাই |
হে মহান অসমীয়া নিউজ চেনেল কেইটা । মহান সেইসকল অসমীয়া আপোনালোককে মোৰ এটা সৰল মিনিতি আছিলে পাৰিলে এবাৰ মন দিব ।
আপোনালোকে আজি মাঘৰ বিহুটিক বহাগৰ বিহু ৰূপ দি কি বুজাব খুজিছে ? এইয়া বুজাব খুজিছে নেকি যে আপোনালোকে আমাৰ সংস্কৃতিক সকলোৰে মাজলৈ লৈ গৈছে । নাই তেনেকুৱা একো কৰা নাই | বৰঞ্চ আপোনালোকে এটা জাতিক এটা সংস্কৃতিক হত্যা কৰিবহে অপ চেষ্টা কৰিছে । কিয় আপোনালোকে মাঘৰ বিহুক কৃত্ৰিম ৰূপ দিছে । কিয় ৰঙালী বিহুক মাঘৰ বিহুৰ লগত সংযোগ কৰিছে । কিয় বিহু তিনিটিৰ ঐতিয্য ম্লান কৰিব লৈছে । নে তিনিটা বিহু হোৱাত অসুবিধা হৈছে যাব বাবে একলগ কৰি এটা বিহু সাঁজিছে । আপোনালোকলে অনুৰোধ অসমীয়া জাতিটোক হত্যা নকৰিব আৰু আমাক আমাৰ নিজৰ সংস্কৃতিৰ মাজত জীয়াই থাকিব দিয়ক । সেইসকল অসমীয়াক গৰিহণা দিছো যিসকলে এই নিউজ চেনেল কেইটাক অসমীয়া বিহুক ৰিমিস্ক কৰাত সহায় কৰিছে ।
আমাৰ ৰংঘৰ,শৰাইখন , জাপিটো বৰ আদৰৰ । এশিঙীয়া গড়টি আমাৰ চিনাকী । কিন্তু টিভিত উঠাৰ বাবে এই সম্পদসমূহক সকলোৰে আগত জ্বলাই কি বুজাব খুজিছে আপোনালোকে ? প্ৰশংসা ল’ব খুজিছা নে অসমীয়া জাতিক হত্যা কৰিব খুজিছা সেইয়া কওক ।
আপোনালোকক কাতৰ অনুৰোধ বিহুৰ ঐতিহ্য হনন নকৰিব । বিহুক বিকৃত ৰূপ নিদিব । নিজৰ লাভৰ বাবে এটা জাতিক হত্যা নকৰিব । আমি বৰ দোমোজাত পৰো যেতিয়া মাঘৰ বিহু আৰু বহাগ বিহুৰ মাজত প্ৰাৰ্থক্য বুজাব লগা হয় । যিহেতু আপোনালোকৰ কৃপাত কোনটো কি বিহু ধৰিবকে নোৱাৰা হ’ল ।
শেষত কথা এষাৰ কও …… ককাই কৈছিল বহাগৰ আগত ঢোলত চাপৰ দিয়া অশুভ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!