বিহু বুলি চান্দাৰ টকাৰে বিদেশ কিনা প্রকল্প (পংকজ ঠাকুৰীয়া)

বিহু বুলি চান্দাৰ টকাৰে বিদেশ কিনা প্রকল্প

পংকজ ঠাকুৰীয়া

ৰঙালী বিহুৰ আগে আগে গাওঁ, চহৰ কি সকলোতে চান্দা (বৰঙণি) তোলাটো আমি জানিব পৰা হোৱাৰে পৰা দেখি আহিছো। দেখা যায় গাঁওৰ কলেজ বা বিদ্যালয়ত অধ্যয়ণৰত বা দেওনা অতিক্রম কৰি বেকাৰ ডেকাচামৰ মাজত বৰ জনপ্রিয় এই উৎসৱ। মুকলি বিহু বুলি এটা অনুষ্ঠান আৰু এখন সাংঘাটিক সন্ধ্যা পাতি ল’ৰা ছোৱালীৰ মাজত খেল ধেমালি পাতি কাঁহি–বাটি–গিলাচৰ পুৰষ্কাৰ দি শেষ কৰা হয়। মই জানিব পৰা হোৱাৰে পৰা দেখি অহা এই কাহিনীৰ কেতিয়া জন্ম হ’ল নাজানো। কিন্তু আজি এই পষ্টৰ উদ্দেশ্য বেলেগ। গাওঁৰ বুঢ়া-মেথাসকলকো এপাক নচুৱাম বুলি ভাবিছো। বোলো ৰঙা পানী আৰু মাংস খোৱা (দিগন্তদাই লিখা দেই ) বা নোখোৱা ডেকাহঁতকে বিহুৰ মালিক বুলি ভাবি কেবল সম্বর্ধনাৰ গামোচা পিন্ধিম বুলি ভাবি থকা অগ্রজসকল এইবেলি সাৰিব নোৱাৰিব। মই এইবাৰ চান্দাৰ টকা মাৰিম। ৩০০০ কে টকা মাৰিম। মোৰ এটা প্রকল্প মনত আছে। বাস্তৱ কৰিবলৈ এইখিনি টকা লাগে। জানেই দুখীয়া মানু্হ, চান্দাৰ টকাৰেই কামফেৰা কৰিম বুলি মনত বান্ধি ৰাখিছো।
সাৰাংশ: বিদেশত থাকি পৰিস্কাৰ বাট-পথ দেখি এইবেলি বিদেশখন দেশলৈ আমদানি কৰাৰ এখন অভিলাসী আঁচনি যুগুতাইছো। যিহেতু মই দুখীয়া মানু্হ এনে বৃহৎ প্রকল্পৰ ধন গোটাব নোৱাৰো ৰাইজৰ বৰঙণিৰ কিয়দাংশ আত্মসাৎ কৰিবলৈ মনস্থ কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়ালো প্রকল্পটো। আশা কৰো মই দুখীয়াৰ আবেদন গ্রহণ কৰি আত্মসাৎ কৰা টকাৰ উপৰি ব্যক্তিগত স্তৰৰ যিয়ে যি পাৰে বৰঙণি দিব।
বর্ণনা: ইউৰোপত ভৰি দিয়েই পৰিস্কাৰ বাট পথ দেখি বৰ ভাল লাগি গৈছিল। বোলো আমাৰ গাওঁৰ কেইজনৰ এনে বাট পথ দেখাৰ সৌভাগ্য হৈছে। বুকু ফুলি থাকেহে। গাওঁত গৈ এইবেলি ফ’টো দেখুৱাম “চা তহঁতে এনেকে থাকোতেই যাব। আমাৰ তিনিআলিত পানদোকান বা গেলামাল দোকান কেইখন চা কেনে লেতেৰা পৰিবেশ। দোকানৰ সন্মুখত ঝাৰু মাৰি আবর্জনা দম কৰোতে পাহাৰ হৈ গৈছে। য’তে ত’তে তামোলৰ পিক, কি অস্বাস্থ্যকৰ পৰিবেশ। বুজিছ বিদেশত বাট পথ বৰ চিকুণ। ক’তো এটুকুৰাও লেতেৰা পাবলৈ নাই। আমাৰ ইয়াত নহয়।” লগৰ কেইটাৰ ওচৰত গৌৰৱ কৰিবলৈ আৰু কি লাগে। পিছে চিন্তা এটা কৰিলো বিদেশৰ ধুনীয়া ঠাইবোৰ আমাৰ দেশত আমদানি কৰি নিলে কেনে হয়। চিন্তা কৰি প্রকল্প এটা বনাইয়ে পেলালো। পিছে টকা ক’ত পাম। মন কৰিলে চন। বুদ্ধি পালো বোলো এইবেলি বিহুৰ চান্দাৰ টকা মাৰিম। সেয়েহে ৰাইজ এইবেলি বিহুত চান্দাৰ টকা মাৰিবলৈ বুলি আগতিয়াকে অনুমতি বিচাৰি মোৰ প্রকল্পটো আগবঢ়ালো।
প্রতিখন সৰু বৰ ঠাইৰে কেইখনমান দোকানেৰে সমৃদ্ধ একোটা তিনিআলি-চাৰিআলি থাকে। গাড়ী ৰখা ঠাই হ’লেটো কথাই নাই, দিনৰ দিনটো ভিৰ। তাতে ধৰক দুটকাৰ চানা বা বুটভজা কিনিলে। জ্বলা চানা খাই তামোল এখনো খাবলৈ মন গ’ল। ১২০ পান হ’লে আৰু ভাল লাগিল হয়। পিছে তাতে ডাঙৰ পয়মালটো হ’ল। ইষ্ট্রী কৰা বগা চোলাটো পিন্ধি আহিছে চাল এটা মাৰাৰ কাৰণে, গতিকে চানাখোৱা কাগজখন ক’ত পেলাব ? সেইটোও চিন্তা কৰাৰ কথানে? নিজৰ দেশ চৰকাৰী মাটি য’তে মন যাই পেলাই দিয়ক। অমুকে কোৱাৰ দৰে আৱর্জনা পেলোৱা ঠাই বিছাৰি ফুৰিলে আধ্যাই পৰিব। গতিকে পথৰ দাঁতিতে পেলাই দিলো।
ৰাইজ বেয়া নাপাব দোষ নধৰিব। অসমৰ গাঁও বুলি বৰ দম্ভ মাৰোহে বাকি ভাৰতীয়ৰ আগত। গধুলি পুৱা চিকুনাই থোৱা বাট-পথত জীয়ৰি বোৱাৰীৰ বাঢ়নীৰে সাৰি-মচি থোৱা দেখিলেই মন সাত পৰা ঠাই বুলি। পয়মালটো লাগে সেই তিনিআলি চ’কত। গতিকে এইবাৰ বিহুতে দেশী লেতেৰা তিনিআলিক মই বিদেশী কৰিম।
ধৰা হওক তিনি আলিত প্রতি ২০০ মিটাৰৰ আতৰে আতৰে জাবৰ পেলোৱা বিন একোটা আৰি দিও। তিনি দিনৰ অন্তৰত পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰো। কেনে হ’ব? পিছে এই সোণামোৱাক বিন কিনিবলৈ টকা আৰু পৰিষ্কাৰ কোনে কৰিব? কি এটা ইউট’পিয়ান অলীক কল্পনা। তাকে ক’ব বিচাৰিছো প্রকল্পটোত।
১. সকলো চ’কতে মানে মানুহৰ সমাগম হোৱা ঠাইতে ১০০ বা ৫০ মিটাৰৰ ব্যবধানত একোটা বিন লগাবলৈ বিহু কমিটীবোৰে পদক্ষেপ লওক। বিন কিনিবলৈ টকা বিহুৰ চান্দাৰ পৰা লোৱা হওঁক। বিন সমূহ ফেশ্যনেবল হওঁক আৰু তাৰ ৰেহৰূপে সেই অঞ্চলৰ বিশেষত্বক ডাঙি ধৰাৰ জোখেৰে হওক। উদাহৰণ হিচাপে লব পাৰি শ্বিলঙত ব্যৱহাৰ কৰা কুকি, চাহ বাগানৰ কুকি ইত্যাদি। বাঁহ বা বেতেৰে তৈয়াৰ হওক। ১ কিঃ মিঃ যদি দীঘল হয় আপোনাৰ সৰু চকটো তেনে ১০ টা বিনত ২০০ টকাকে ২০০০ টকা মই বিহু কমিটীৰ পৰা সৰকাম।
২. প্রতিটো চকতে কমেও ২০ খন দোকান আছে। প্রত্যেকে মাহে মাত্ৰ ১০ টকাকে দিলে ২০০ টকা পোৱা যাব। ছীন্ডিকেটৰ দিন ভাই গুণ্ডাকৰ দিবই লাগিব। বোলো ২০০ টকাৰে কি হব? তাৰে মই এজন মানু্হ ৰাখিম সপ্তাহত অতি কমেও তিনি দিন বিনকেইটা পৰিষ্কাৰ কৰিবলৈ। এদিনত ১০ টা বিন চাফা কৰিবলৈ এটাত ১০ মিনিটকৈ (১0 X ১0 = ১০০ মিনিট) X ১২ দিন (এক মাহত) = ১২০০ মিনিট= ২০ ঘন্টা =২০০ টকা। বহুত না ইনচাফি। সমাজক পৰিষ্কাৰ কৰি দিন হাজিৰাৰ দৰে দৰমহা ? একো নহলেও ষ্টেটাচৰ খেয়াল ৰাখিব লাগিব। আৰু গুন্ডাকৰ লাগিব। ক’ত পাম ? পঢ়ি যাওক মোৰ আজব প্রকল্পঃ
৩. বোলো অমুকাৰ মতে বিন আৰি দিলো পিছে আছে গৰু নাবাই হালহে হ’ল। বিনকেইটাই দুখত কেকাই আছে বোলে খাবলৈ একো নাই। সাংঘাটিক দুর্ভিক্ষ হৈছে। পথৰ দাতিত খাদ্য কিন্তু তুলি আনি মুখত ভৰাই দিয়া মানুহ নাই। বোলো সৰুতে কচু বেছি খাইছিলো চাগে। কচু বুদ্ধি এটাৰে এক গুলী দুই চিকাৰ কৰিম। দেশৰ সংবিধানে কি কয় নাজানো কিন্ত আমাৰ নিজৰ গাও বুলি অপৰাধীক দ্বন্দ্ব দিয়াৰ অধিকাৰ আমৰ সমাজৰ পৰা কোনে কাঢ়িব? বিনৰ বাহিৰত লেতেৰা পেলালে ৩০ টকা (বেচি হ’ল নেকি?), তামোল খাই পিক বাটৰ কাষত, যাত্রী জিৰণি কোঠাৰ দেৱালত বা অইন ঠাইত পেলালে ৫০ টকা (কম যেন লাগিছে) জৰিমণা দিব লাগিব। কোনে ল’ব জৰিমণা? চক পৰিচালনা সমিটি এখন গঠন হব লাগে মৌখিক ভাবে (meeting or committee is a place or group of people who gathers to decide that nothing can be decided)। এজনক দায়িত্ব দিব লাগে। তেওঁৰ অনুপস্থিতিত তিনি-চাৰিজন মানক সহায়ক হিচাপে ৰাখিব লাগিব। ৰাইজে ভাবিছে ক’ৰ বিন টোঘলকী প্রকল্প। হাঁহি উঠিছে নহয়।
৪. বোলো ফাইন কিমান দিব লাগে কোনে ক’ত লিখি থৈছে? তাকে কৈছিলো নহয় বিহু সমিটিৰ পৰা ৩০০০ টকা ল’ম। এতিয়ালৈ ২০০০ হে ল’লো? বাকী ১০০০ হাতে নাযায়। ১০০০ টকাৰে সুন্দৰ আখৰেৰে সকলোৱে দেখাকে লিখি আৰি দিম আমাৰ চ’কৰ এই নিয়ম লগতে জৰিমনাৰ নিৰিখ। কোনে মাত মাতে চাই লও। লকেল ঠানাৰ চাৰকো কাণ চোৱাই থব লাগিব। ঠিক নাই আজিকালি যি হে বেক থকা মানুহ আহে গাঁওত। জৰিমনাৰ টকা পোণে পোণে সমাজ উদ্ধাৰ কৰা আমাৰ সেই চাফাই কর্মী বান্ধুজনৰ পকেটত নিক্ষেপ কৰিব লাগিব।
এটা কেনা লাগিছে। বিনৰ ভিতৰৰ বস্তুবোৰ ক’ত নি শেষত পেলাম? সব মই চিন্তা কৰিলে ৰাইজে কি কৰিব ? কিবা উপায় দিয়ক। ৰাইজ এয়াই মোৰ বিদেশ আমদানি কৰাৰ প্রকল্প। দান-দক্ষিণা মানসিক-কায়িক শ্রম যিয়ে যি পাৰে দান কৰক। মই ব্যক্তিগতভাবে নাহাৰো। এদিন বিদেশ কিনিহে এৰিম।
ৰাইজেই ৰজা আমি প্রজাহে। মোৰ এই বিদেশক আমদানি কৰা প্রকল্প তথা টকা মাৰা বুদ্ধিক গ্রাহ্য কৰি বিহুখন এইবাৰ বিদেশী ষ্টাইলতে পাতি দিব সহায় কৰক। আমি গাওলৈ বিদেশ আমদানি কৰিলে নগৰ মহানগৰতো আমাৰ চ’কৰ নিয়মে গা খৰি উঠিব। ৰাইজে জানেই ৰাজ্যখনৰ উন্নতিত গাৱখনহে লীডাৰ।
ভবিষ্যত পৰিকল্পনাঃ সৰু পানী বা বৰ পানী চুবলৈ গৈ আপোনাৰ আহুকাল হৈছেনে? আমি মটা মানুহৰ বেলেগ কথা ..তেৰসবৰ না জল না থল অৱস্থা হয়। তাতে নগৰ মহানগৰত সিপুৰীত এঘন্টামান থাকি অহা যেন লাগে। পূজা সবাহত টকা মাৰি কিবা কৰো বুলি ভাবিছো।
বোলো ডেকাসকলে মানিব জানো এই কথা। বয়সষ্ঠসকল আহক আমি দেখুৱাই দিও এইবেলি বিহু কেনেকে মাৰিম। নাচোঁ আহক এপাক ধিন দাও ধিনি দাও……..
ৰাইজ ভুল ভ্রান্তিৰ ক্ষমা প্রার্থনা কৰি মোৰ টকা মাৰা আৰু বিদেশ আমদানি কৰাৰ প্রকল্প আগবঢ়ালোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!