বিয়াঘৰৰ বতৰা : মনজীৎ

খ্ৰেইন্স দা। মানে খ্ৰেইন্স মাৰ্টীন। তেওঁ আমাৰ সকলোৰে অতিকে মৰমৰ অতিকে চেনেহৰ একদম হোষ্টেলৰ দিনৰেই পৰা। নৰমেল অৱস্থাত মিচিকিয়া হাঁহি এটাৰ বাদে মুখেৰে টু শব্দ এটা নোলোৱা খ্ৰেইন্স দাৰ যেতিয়া ইন্দিয়া আফটাৰ টু পেগছ মুডত আহে। বিয়াই হওক বা কিবা পাৰ্টীয়েই হওক সদায় তেওঁ আমাৰ মুখ্য আকৰ্ষণ হৈ পৰে। তেওঁৰ বিশুদ্ধ ইংৰাজী আৰু হিন্দীৰ বচনবোৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে সেই বিশেষ সময় খিনিত। সিদিনা হোষ্টেলৰে এজনৰ বৰযাত্ৰী হৈ যাওঁতে শুনি মুগ্ধ হোৱা দুই এবিধ বচন আপোনালোকলৈ বুলি আগবঢ়ালোঁ। দায় দোষ নধৰে যেন…

আমিঃ খ্ৰেইন্স দা, চাওকচোন বৰষুণ এৰিলেনে নাই?
খ্ৰেইন্স দাঃ O YA বৰষুণ IS CLOSED।
আমিঃ খ্ৰেইন্স দা, চিগাৰেট আনোঁ পইছা দিয়ক।
খ্ৰেইন্স দাঃ (১০ টকা এটা দি ) O Ya Ya, BRING 2 TYPS OF CIGARET GO N OUT ( মানে বাহিৰৰ পৰা দুটা চিগাৰেট লৈ আহ)।
(এইবাৰ আকৌ খিৰিকীৰে ওলাই ‘আপাৰ’ মাৰি যোৱা ট্ৰাকক দম দিওঁতে ট্ৰাক খনে বোকা পানী মাৰি খ্ৰেইন্স দাৰ বগা চাৰ্টটোত হালধীয়া ফুল বাছি পেলোৱাত সুধিলোঁ)
আমিঃ খ্ৰেইন্স দা, ৩ হাজাৰ টকীয়া চাৰ্টটোত এইবোৰ কি হয়?
খ্ৰেইন্স দাঃ O ITS EMBROIDERY PUT BY A দুষ্ট গাড়ী।
আমিঃ খ্ৰেইন্স দা, আপোনাৰ দেউতাই কি কৰে নো?
খ্ৰেইন্স দাঃ MY PAPA ONE T-SIR (মানে মোৰ দেউতা এজন শিক্ষক)
আমিঃ খ্ৰেইন্স দা, টেনচ কেইটা আৰু কি কি আছিল?
খ্ৰেইন্স দাঃ (ইনচাল্ট কৰাৰ দৰে লুক এটা দি) U HANG BOY (অঁকৰা ল’ৰা) TENS 3 TENS। প্ৰেজেন্ট, পাষ্ট AND ফুটুৰ (FUTURE)।
আমিঃ খ্ৰেইন্স দা, চাওক না কি ধুনীয়া ছোৱালী!!!
খ্ৰেইন্স দাঃ OH WHAT A বাইদেউ (অসম্ভৱ জমনি এক্সপ্ৰেচন এটা দি)
আমিঃ খ্ৰেইন্স দা, সৌ ছোৱালী জনীয়ে আপোনাক লাইন দিছে দেখোন।
খ্ৰেইন্স দাঃ এই আপি হাম তুমক’ আটচা পাতা হে। মেৰেক’ বিয়া কৰেগা।
(ছোৱালী জনীৰ ওচৰ পাই দম দিয়া সুৰত সুধি দিয়াত ছোৱালী পলাই ভিতৰ সোমোৱা দেখি খ্ৰেইন্স দাই আমালে’ চাই)
হু হু, হাম কৌ ভয় পা গেয়া, হু হু।
আমিঃ খ্ৰেইন্স দা, পেন্টত কি লাগিল?
খ্ৰেইন্স দাঃ অ’ য়হা পে মাংচ কা এক টুকুৰা জোল গিৰ গয়া।

শেষত যেতিয়া বিয়া ঘৰত দৰা কইনাক উদ্দেশ্যি এজনে জোৰকৈ চিঞৰি ক’ব ধৰিলে-
: বিবাহিত জীৱন সুখৰ হওক, সুখৰ হওক, খ্ৰেইন্স দায়ো তাহানিৰ চিঙৰা জেলেপিৰ লোভত তাহানিতে কৰা পিকেটিঙৰ অভিজ্ঞতাৰ নমুনা দেখুৱাই হাত দাঙি দাঙি চিঞৰি ক’লে
:: O YA YA ইনক্লাৱ জিন্দাবাদ, জিন্দাবাদ…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!