বিৱৰ্তনত জন্মদিন(- অজয় লাল দত্ত)

(১)
জন্মদিনৰ ইতিহাসত লিখা আছে
মাৰ যন্ত্ৰণাৰ কথা,
দেউতাৰ আনন্দ
আইতাৰ বংশৰ গাঁথা;

জন্মদিন মানেইতো
কলপাতত মাহ প্ৰসাদ,
ম’হৰ গাখীৰত কিচমিচ দিয়া
বাতি ভৰা পায়সৰ সোৱাদ;
ঢাৰি পাৰি বহা সখা
ভাইটি, ভাই আৰু কণমানি ঘটোৎকচ
ইফালে সিফালে তাকুৰি ঘূৰাদি
মা আৰু আইতাৰ লচপচ;
ধৰ্মৰ নিয়ম মানি,তেৰাক প্ৰাৰ্থনা,
শিৰত আশীষ, অলেখ শুভকামনা।
(২)
আজি এটা গোলকীয় জন্মদিন,
মোৱাইলৰ সঘন ক্ৰন্দন
ফেচবুকৰ বুকুতো বহুজাতিক অভিনন্দন;
পুৱাৰ পৰাই চিঞৰ-বাখৰ আন আন
ব্লেক ফৰেষ্ট অথবা চকলেট কেক,
মমৰ পোহৰত কৰোঁ
উমাল মৰমৰ সন্ধান…
থালত তন্দুৰী, টেবুলত গিলাচ
কাষত পেশাদাৰী বন্ধুৰ খলকনি,
চিয়াৰ্চ, চিয়াৰ্চ…..
(৩)
যি আছিল গাঁৱলীয়া ভূত
তাৰ গাতো আজি গোলকীয় ছুট;
এয়া জন্মদিনৰ বিৱৰ্তন নে
নব্য পৃথিৱীত আমাৰ
পুনঃ জনম?….
 

Don`t copy text!