বেঞ্চিৰ-আত্মকথা (প্ৰ্দ্যুত শইকীয়া)

প্ৰ্দ্যুত শইকীয়া

বেঞ্চিৰ-আত্মকথা

পুখুৰীটোৰ পাৰত থিয় হৈ বেঞ্চিয়ে ইফালে সিফালে চায় এটুকুৰা ছাঁ পৰা ঠাই বাচি আৰামত বহি ল’লে| ছেঃ অথনি ককাইদেউৱে যিটোহে শিশুপাল খেদা দিলে| হয়, তাৰ গাতেই ভুল, ককাইদেউৱে তাৰ কথা বুজিলেহে উত্তৰ দিব| সিনো বাৰু ককাইদেউৰ ওচৰত ইমান লাগি থাকিব লাগেনে? ককাইদেউহঁতৰ ব’হাগত গা সাতখন আঠখন কৰে, তাৰ আকৌ এই আপদীয়া ভাদ মাহত হে প্ৰেম হ’ব লাগেনে| কিয় এনে হয় সেইটোকে সি ককায়েকক সুধিব গৈছিল তাৰ ভাষাত, খেদাহে খালে| তাৰ পাছত মূৰটো দুভৰিৰ মাজত গুজি সি চিন্তা কৰিব ধৰিলে তাৰ গা মন ৰঞ্জিত ৰঞ্জিত কৰি যোৱা গোপনীয় কথাটো| বগী তিনি বছৰৰ পাছত ঘুৰি আহিছে| কানপুৰত নে ক’ত আছিলগৈ| বৰ ধুনীয়াজনী লাগিছে এতিয়া, যৌৱনে ভৰপক দিছেটো| একেবাৰে ককাইদেউৰ লগত TVত দেখা শীলা কি জৱানীৰ নিচিনা যৌৱন আৰু জেলেপী বাইৰ নিচিনা চঞ্চল| পিছে হ’লে কি হ’ব মুন্নীটো এদিন বদনাম হ’ব‍ই| বদনাম হ’বলে আছেনে? হ’লেই| সিয়েইটো কৰিছে| হাঁহি উঠি গ’ল তাৰ| আজিকালি তাই বৰ open কৈ ঘুৰি ফুৰে| খোলা দিছে ঘৰৰ মানুহে, কেনেকুৱা যে অভিভাৱক হ’ব আৰু? অৱশ্যে ভালেই হৈছে, নহ’লে যোৱাকালি মথাউৰিৰ পাৰৰ আঁহতজোপাৰ তলত ১ ঘণ্টা সময় dating মাৰিব নোৱাৰিলেহেঁতেন| পিছে তাৰ খঙতো উঠিছিল ভলু ওৰফে ভলুকা নামেৰে চুবুৰিত জনাজাত তাৰ সমন্ধীয়া সৰু ভাইটোলৈহে| কি যে আপদীয়া সেইটো| datingৰ সময়তহে ওলাব পাৱনে? কটা নিধক ক’ৰবাৰ| স্বভাৱজাত মহাৰণ এখনৰ সৃষ্টি হৈছিলেই, যদি বলোৰামকাই সেই সময়ত কোৰ খনলৈ থিয় নহ’লহেঁতেন| ভলুকাৰ ৰঙিলীক লৈ হেঁপাহ নপলায় চাগৈ| ভলুকাক ভাই ভাবিয়েই যোৱা বছৰৰ তাৰ টিপটপ girlfreind ভদ্ৰকান্তহঁতৰ ৰঙিলীক মাঘ মাহত তাক দি দিছিল| পাহৰিলে হ’বলা সি| মাঘৰ ভোজটো বৰ ভাল হৈছিল| উঠিব নোৱাৰাকৈ খাইছিল সি| সেই ভোজৰ পাছতেই ভলুৰ হাতত গতাইছিল ৰঙিলীক| সম্পূৰ্ণ ৫ মাহ তাৰ girlfreind আছিল ৰঙিলী| কিন্তু সেই ভলুৱে কালি তাক “গাদ্দাৰী” কৰিব ওলাইছিল বগীৰ লগত “dating”ৰ সময়ত| হোঃ চাই ল’ম তোক| এনেও মোৰ চুবুৰিত ৰজা বুলি নাম আছে| ডাঙৰ ডাঙৰ মানুহে বাট এৰি দিয়ে| সম্ভবতঃ সেইটো সুবাদতে বগীৰ তালৈ হিয়া উথলি যোৱা মৰম| ফত্কৰে তাৰ আকৌ বগীৰ মুখখন তাৰ চকুৰ আগত ভাঁহি উঠিল| ৰাতিকৈ বগীহঁতৰ খেৰী ঘৰটোৰ পাছফালে হ’বলগীয়া নতুন “dating”টোৰ কথা ভাবি সি মছ্গুল হ’ল| লাহে লাহে সি সপোনৰ জগতত প্ৰৱেশ কৰিলেই| তাক তুলি লোৱা ককায়েকৰ মাকে তাৰ নাম ধৰি মতাতহে সম্বিত আহিল যে আজি কুকুৰাৰ মাংসৰ আঞ্জা আছে| মাকে আকৌ চিঞৰিলে| বেঞ্চি ..আহ ..আহ ..আহ…, সি তত্ক্ষনাত্‍ কাণ-মূৰ জোকাৰি নেগুৰডাল দুভৰিৰ মাজত সোমোৱাই ১০০ মিটাৰ ৰেচৰ দৌৰ লগালে, বগীলৈ gift হিচাপে কুকুৰাৰ ঠেংৰ হাড় এডাল পোৱাৰ আশাত…..!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!