বেশ্যা তাই- নৱ যুগল কাশ্যপ

ভদ্ৰতাই বৰ্খাস্ত কৰা শব্দবোৰৰ লগত তাই জীয়াই থাকে, সোঁফালৰ গলিটোৰ শেষৰ জুপুৰিটোত৷ মানুহে কয় তাই হেনো দেহ বিক্ৰী কৰে৷
বেশ্যা তাই৷

ৰঙা লিপষ্টিক, উগ্ৰ প্ৰসাধন, ওঁঠত শেঁতা হাঁহিটোৰ সৈতে তাই গ্ৰাহকৰ অপেক্ষা কৰে৷ কেতিয়াবা পিতৃসম নতুবা কেতিয়াবা পুত্ৰসমৰ লগত তাই শোৱে৷
বন্যতাৰ চুড়ান্ত ক্ষণতো তাই বিচাৰে আনন্দ৷
বেশ্যা তাই৷

এন্ধাৰৰ আৰত নিজকে লুকাব খোজে তাই৷ তাই ভাৱে, এসময়ত তাইৰো এটা হাঁহি আছিল৷ জীয়াই থকা বা জীৱলৈ ধৰাৰ আনন্দ তাইৰো আছিল৷
এখন হৃদয় আছিল তাইৰ, য’ত লুকাই আছিল অলপ সেউজীয়া আশা৷
হোমৰ জুই, এখন সংসাৰ আৰু অলপ সুখ৷ মাত্ৰ এইখিনিয়েই বিচাৰিছিল তাই৷ সমাপ্তিক ঘিণ কৰা ছোৱালীজনী তাতেই শেষ হল৷

.
.
গ্ৰাহকে দিয়া মলিয়ন নোট কেইখন লৈ তাই দৌৰ মাৰে চাৰিআলিলৈ৷ মাকৰ বাতবিষৰ দৰৱ, ভায়েকৰ বহী কাগজ, এপোৱা চাউল, অলপ দালি, লোণ, তেল৷ সিমানখিনিতে শেষ হয় নোটকেইখনৰ ঘনত্ব৷
.
লোলুপ দৃষ্টিৰে দোকানীয়ে তাইৰ বক্ষৰ ফালে চায়৷ ফটা ব্লাউজৰ ওপৰত পুৰণি চাদৰ খনৰে লাজ ঢকাৰ ব্যৰ্থ প্ৰয়াস তাইৰ৷

লাজ ………. তাই হাঁহে৷
নষ্ট বীৰ্য দেহত লৈ সুখৰ সংজ্ঞা সলনি কৰিব খোজা তাইৰ জানো লাজ আছে! তাই উভতি আহে ……৷

তাই নাজানে সমাজ কি?
ভদ্ৰতা কি?
তাই জানে মাথোঁ মৃত পিতৃৰ শ্ৰাদ্ধ নাযাওতে ভেটি বচাবলৈ মহাজনৰ হাতত ধৰ্ষিতা হোৱা বায়েকৰ কথা৷ বাৰীৰ বাঁহজোপাত ওলমি থকা তাইৰ গাভৰু দেহটো সমাজে দেখা নাছিল৷ কাৰণ সভাৰ আগদিনা গাওঁবুঢ়াক দিবলৈ সিহঁতৰ ধন নাই৷
এৰা …….. দুখীয়া হোৱাটোৱে সকলোতকৈ ডাঙৰ দোষ৷
আৰু সেই সমাজৰ মতেই তাই আজি বেশ্যা৷ দেহ বিক্ৰী কৰে তাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!