বেয়া চিনেমা, অসমীয়া চিনেমা, আৰু অলপ সাধাৰণ চিন্তা ( মেদিনী নেওগ )

বেয়া চিনেমা, অসমীয়া চিনেমা, আৰু অলপ সাধাৰণ  চিন্তা

মেদিনী নেওগ

অলপতে  মোৰ বন্ধু এজনৰ ঘৰত এইবাৰৰ অস্কাৰ বিজয়ী “A Separation”  নামৰ চিনেমাখন চোৱাৰ সুবিধা পালো – ইৰানৰ চিনেমা। এক মুহুৰ্তৰ বাবেও লৰচৰ নকৰাকৈ চিনেমা খন চাই শেষ কৰিলো , পাঁচ মিনিট মান সময় চিনেমা খনৰ বিষয়ে ভাবিলো আৰু আকৌ এবাৰ চিনেমা খন চাবলৈ ল’লো। এইবাৰ চাওঁতে ফৰৱাৰ্ড কৰি কৰি চালো, আধা ঘন্টা মানত শেষ কৰিলো এইবাৰ।
এই যে দ্বিতীয়বাৰ চিনেমা খন চালো , তাৰ এটা কাৰণ আছিল। ” নিৰ্দেশকে কেমেৰাটো আৰু অভিনেতা কেইজনৰ বাহিৰে কিবা স্পেছিয়েল এফেক্ট, ষ্টান্ট, বহুত খৰছী দৃশ্যসজ্জা ইত্যাদি কিবা ব্যৱহাৰ কৰিছে নেকি ” – এই কথাতো চাব বিছাৰিছিলো মই। আচৰিত কথাতো হ’ল এইবোৰ একো নাছিল চিনেমা খনত, অভিনেতা-অভিনেত্ৰী কেইগৰাকী, দৃশ্য এটাৰ প্ৰয়োজনত ব্যৱহাৰ কৰিবলগীয়া বস্তুকেইটা (যেনে ধৰক চকী-মেজ, বিছনা, কিতাপ ইত্যাদি) আৰু কেমেৰাটো – এইকেইটা বস্তুৰ বাহিৰে একো খৰচী কাৰবাৰ নাই চিনেমা খনত। নাই কোনো ব্যয়বহুল দৃশ্যসজ্জা, নাই কোনো স্পেছিয়েল এফেক্ট, নাই কোনো পেনপেনীয়া গান-নাচ – আছে মাথোঁ সাধাৰন এটা কাহিনীৰ অসাধাৰণ উপস্থাপন। অভিনেতা অভিনেত্ৰীৰ অতুলনীয় অভিনয় আৰু এখন অপূৰ্ব চিত্ৰনাট্য। কোনো ক’তো জঠৰ নহয়, কাহিনীতোৰ সৈতে সমান্তৰাল গতিত চলিছে কেমেৰা আৰু অভিনয়।
মই চিনেমাৰ কাৰিকৰী কথাবিলাক বেছি নাজানো আৰু সেয়ে সেইবিলাকলৈ নাযাওঁৱেই। মই চোৱা সেই চিনেমাখনৰ বিষয়ে ভাল বেয়া লিখাতো আজিৰ উদ্দেশ্যও নহয় , সেই খনে ইতিমধ্যে অস্কাৰ পালেই – অমুকা কোন তাৰ ওপৰত কিবা ক’বলৈ ? চিনেমাখন যে দ্বিতীয় বাৰ চালো, বাৰে বাৰে এটা কথা মনলৈ আহি আছিল – এই কাহিনীতো তেনেই সাধাৰন কাহিনী এটা, য’তে ত’তে এনে ঘটনা হৈ থাকে আৰু পৃথিৱীৰ যিকোনো ঠাইৰ চিত্ৰনাট্যকাৰে এই কাহিনীতো ভাবি উলিয়াব পাৰে। কিন্তু কথাতো হ’ল উপস্থাপন। যেনেকৈ চিনেমাখন উপস্থাপন কৰা হৈছে, মানুহক বান্ধি থৈ দিয়ে শেষলৈকে। আৰু উপস্থাপন কৰোঁতে কোনো খৰচী কাৰবাৰ নাই, ব্যৱহাৰ কৰা হৈছে মাত্ৰ কেমেৰা আৰু মানুহ।

আপুনি সদায় অ’ফিচলৈ যাওঁতে আপোনাৰ পত্নীক চুমা এটা খাই যায়, আজি কোনোবা এজন আলহী আছিল ঘৰত, সেয়ে এনেয়ে যাওঁ বুলি কৈ যাব লগা হ’ল। আপোনাৰো ভাল নালাগিল, আপোনাৰ পত্নীৰো কিবা এটা অসজা অসজা লাগি থাকিল আপুনি ওলাই যাওঁতে – এইটো নিতান্তই এটা সাধাৰণ কথা, কিন্তু চিনেমা এখনত দেখুৱাব লগা হ’লে সেই মুহুৰ্তত পতি-পত্নীৰ মনৰ ভাৱটো মানুহে বুজি পোৱাকৈ দেখুৱাব লাগিব। এই কামটো কৰিব পাৰিলেই দৰ্শক চিনেমাৰ কাহিনীত সোমাই পৰিব আৰু চিনেমাখন সফল হ’ব। এই কামটো কৰিবলৈ চিনেমা এখন কৰাৰ  আগতে কি প্ৰয়োজন হয় ?
যিজন মানুহে চিনেমাৰ কাহিনীতো চিনেমা কৰোতে ব্যৱহাৰ হোৱাকৈ লিখে, তেওঁ যদি এজন সুক্ষ্ম অনুভূতি সম্পন্ন মানুহ নহয় তেন্তে তেওঁৰপৰা এখন ভাল চিত্ৰনাট্য কেনেকৈ আশা কৰিব ? আৰু সেই চিত্ৰনাট্যকাৰজনে যদি চিত্ৰগ্ৰহণকাৰীজনক নাইবা অভিনেতা জনক বুজাব নোৱাৰে তেওঁ আচলতে দৃশ্যতো কেনে হোৱাতো বিচাৰিছে , চিনেমাখন ভাল হ’ব জানো ? নিৰ্দেশক জনে যদি এইকেইজন মানুহৰ মাজত সামঞ্জস্য স্থাপন কৰিব নোৱাৰে ,  চিনেমাখন চিনেমা হব নে বেলেগ কিবা হব ? মুঠ কথা এইকেইটাই।
অসমীয়া চিনেমা এতিয়া এটা বেয়া সময়ৰ মাজেদি গৈ আছে। ভৱেন্দ্ৰ নাথ শইকীয়াই এইষাৰ কথা কৈছিল নেকি – ” চিনেমা-থিয়েটাৰত মানুহে কি চাব বিচাৰে সেইটো দেখুৱাতকৈ মানুহে কি চোৱা উচিত, সেইটো দেখুওৱাতোত গুৰুত্ব দিব লাগে। ” এই কথাষাৰ আমাৰ অসমীয়া চিনেমা কৰা সকলে সময় থাকোতেই ভাবি নাচালেনেকি, সেয়ে আজি এই অৱস্থা। চিনেমা এখনৰ মুখ্য উপাদান কি – এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ  দিলে আজিৰ চিনেমা উদ্যোগৰ লগত জড়িত বেছিভাগ মানুহেই ক’ব নাচ-গান, প্ৰেম, ধুনীয়া ঠাইত চিত্ৰগ্ৰহন ইত্যাদি। আৰে সেইবিলাক নোহোৱাকৈ চিনেমা এখন হ’ব নোৱাৰে নেকি ? নিশ্চয় পাৰে। আৰু অসমীয়া চিনেমা চাবলৈ মানুহ নাহে, এই কথাষাৰ মই শুদ্ধ কৰি দিছো – ” বেয়া চিনেমা চাবলৈ মানুহ নাহে “। এতিয়া বেয়া চিনেমা মানেই যে অসমীয়া চিনেমা নহয় , সেইতো কেনেকৈ প্ৰমান কৰিব ? সহজ উপায় – ভাল চিনেমা কৰক , আৰু যদি ভালদৰে চিনেমা কৰিব  নাজানে , নকৰিলেই  হ’ল। বহুৱালি নকৰিব কোনেও।

মোৰ মতে ভৱেন্দ্ৰ নাথ শইকীয়া , জাহ্নু বৰুৱা , পদুম বৰুৱা আদিৰ দৰে মানুহ ওলাবলৈ সময় লাগে , বিশেষকৈ অসমৰ নিচিনা ঠাইত – য’ত বেছিভাগ মাক দেউতাকে ল’ৰা ছোৱালী ডাক্টৰ ইঞ্জিনীয়াৰ হোৱাতো বিছাৰে। গতিকে সময় দিয়ক আৰু বহুৱালি বিলাক বৰ্জন কৰক, অসমীয়া চিনেমা হ’ল বুলিয়েই চাবলৈ যোৱাৰ দৰকাৰ আছে বুলি মই নাভাবো।  চিনেমা কৰিব  জনা মানুহ ওলাব আৰু তেনে এজনৰ হাতৰ পৰশ আপুনি চিনেমাৰ প’ষ্টাৰখন  দেখিলেই ধৰিব পাৰিব। ভিচিডি কৰি  মানুহে সংস্থাপন পাইছে কাৰণেই কৰিবলৈ দিয়া উচিত বুলিও কোৱা হৈছে , কোৱাসকলে ভৱেন্দ্ৰ নাথ শইকীয়াৰ কথাষাৰ এবাৰ ভাবি চাওক – ” মানুহে কি চোৱা উচিত ? “

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!