বেৰী হোৱাইটৰ উইল- বিশ্বজিৎ বৰুৱা

৯ আগষ্ট, ১৯৪৬ চনৰ ৰাতি ১০.৩০ মান বজাত ডাঃ ঘোষৰ ঘৰৰ আগত এখন গাড়ী আহি ৰ’লহি৷ গাড়ীখনত আছিল ডাঃ শৰৎ বৰুৱা আৰু ডাঃ বিধান চন্দ্ৰ ৰয়৷ ড্ৰাইভাৰজনে ততালিকে ডাঃ ঘোষক শোৱাপাটীৰপৰা উঠাই ডাঃ ৰয় অহা বুলি খবৰ দিয়ে৷ ততাতৈয়াকৈ ডাঃ ঘোষ গৈ গাড়ীত উঠে৷ ডাঃ ৰয় ৰেল যোগে গুৱাহাটীৰপৰা আহিছিল৷ আগতে ঠিক কৰি থোৱা বৰবাৰীস্থ চাহ খেতিয়ক মহাদেউ জালানৰ প্ৰসাদোপম বঙলালৈ লৈ যোৱা হয়৷

ডিব্ৰুগড়ৰ অধিবক্তা তথা এজন শক্তিশালী সমাজকৰ্মী ফৈজনুৰ আলীয়ে অসম চৰকাৰলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰই মেডিকেল কলেজ স্থাপনৰ স্থান সম্পৰ্কত পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰক বাধ্য কৰায়৷ সেয়েহে ঠাই বাছনিৰ বাবে ১৯৪৬ চনত অসম চৰকাৰে ফৈজনুৰ আলীৰ নেতৃত্বত এখন শক্তিশালী সমিতি গঠন কৰি দিয়ে৷ এই সমিতিৰ সভাপতিৰ দায়িত্ব ফৈজনুৰ আলীয়ে লাভ কৰাৰ লগে লগে মেডিকেল কলেজখন ডিব্ৰুগড়লৈ অহাৰ পথ মুকলি হ’ল বুলি অনুভৱ কৰা যায়৷

কিন্তু সেয়ে হ’লেও সমিতিখনত ডাঃ ভূবনেশ্বৰ বৰুৱাৰ দৰে শক্তিশালী ব্যক্তিত্বৰ লোক গুৱাহাটীৰপৰা সদস্য হিচাবে থকাৰ বাবে ফৈজনুৰ আলীকে আদি কৰি ডিব্ৰুগড়ৰ প্ৰতিনিধিসকলে যথেষ্ট যুঁজ দিবলগা হৈছিল৷ সি যি কি নহওক এই সমিতিখনে বৰবাৰীত থকা মিলিটেৰী হস্পিতালখনেই মেডিকেল কলেজ আৰু হস্পিতাল স্থাপনৰ বাবে উপযুক্ত স্থান হ’ব বুলি প্ৰস্তাৱ আগবঢ়ায়৷ এই প্ৰস্তাৱ উত্থাপন কৰিছিল ডাঃ ফণীন্দ্ৰ নাথ ঘোষে৷

এই সমিতিৰ ডিব্ৰুগড়ত অনুষ্ঠিত সভাত উপস্থিত থকা আগশাৰীৰ ব্যক্তিসকল আছিল তদানীন্তন উপায়ুক্ত ইনামুল মজিদ, বেৰী হোৱাইট মেডিকেল স্কুলৰ অধীক্ষক জোথেৰ কীৰ, ৰায়বাহাদুৰ সদানন্দ দুৱৰা, ডাঃ ঘনশ্যাম দাস, ডাঃ শৰৎ চন্দ্ৰ বৰুৱা, ৰায়বাহাদুৰ ৰামেশ্বৰ ৰাম চহৰীয়া, ৰায়চাহেব বৃদ্ধি চান্দ কাৰৱা ইত্যাদি৷

এই সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে বৰবাৰীত থকা মিলিটেৰী হস্পিতালখনৰ ঘৰ-দুৱাৰ আৰু সা-সৰঞ্জাম অধিগ্ৰহণ কৰি যেন চৰকাৰে মেডিকেল কলেজখন ১৯৪৬ চনৰ আগষ্ট মাহৰপৰাই আৰম্ভ কৰে৷ লগতে এই প্ৰস্তাৱো দিয়া হয় যে মিলিটেৰী হস্পিতালখন অধিগ্ৰহণ কৰাটো যদি সম্ভৱ নহয় তেতিয়াহলে কলেজখন যাতে বেৰী হোৱাইট মেডিকেল স্কুল প্ৰাংগণতে আৰম্ভ কৰা হয়৷ বেৰী হোৱাইট মেডিকেল স্কুলৰ অধীক্ষক জোথেৰ কীৰে ইয়াৰ বাবে সকলো সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ এই সমিতিৰ প্ৰস্তাৱ মৰ্মে অসমৰ ৰাজ্যপাল ছাৰ এন্দ্ৰিউজ ক্ল নিজেই ১৯৪৬ চনৰ মে’ মাহত ডিব্ৰুগড়ত পদাৰ্পণ কৰে৷ তেওঁৰ লগত আহে ভাৰতীয় সৈন্য বাহিনীৰ উচ্চ পদস্থ বিষয়া কৰ্ণেল এছ.এল. ভাটীয়া, অসমৰ ইন্সপেক্টৰ জেনেৰেল অব চিভিল হস্পিতাল এণ্ড প্ৰিজন ছাৰ মেথিউজ আৰু অন্যান্য চৰকাৰী বিষয়াসকল৷ ৰাজ্যপালৰ লগতে অন্যান্য চৰকাৰী বিষয়াসকলে মেডিকেল কলেজ স্থাপন দাবী সমিতিৰ প্ৰস্তাৱসমূহ যুক্তিযুক্ত বুলি অনুভৱ কৰাত অসম চৰকাৰে ভাৰতবৰ্ষৰ বিখ্যাত চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰয়ৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি মেডিকেল কলেজ স্থাপনৰ স্থান নিশ্চিত কৰাৰ লগতে এই সম্পৰ্কত অন্যান্য ব্যৱস্থা ল’বলৈ দায়িত্ব দিয়ে৷

সেই সময়ত বৃহত্তৰ অসম প্ৰদেশৰ ৰাজধানী আছিল শ্বিলং৷ শ্বিলঙত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ অধ্যক্ষতাত এই সমিতিৰ প্ৰথম বৈঠক বহে৷ বৈঠকত প্ৰথম দিনা কোনো সংঘাত হোৱা নাছিল৷ কিন্তু দ্বিতীয় দিনা ডাঃ বিধান চন্দ্ৰ ৰয়ে সকলো দিশ বিবেচনা কৰি চিলেটতহে মেডিকেল কলেজ স্থাপন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ তেওঁৰ মতে চিলেটত ইতিমধ্যে উপযুক্ত স্থান, ঘৰ-দুৱাৰ, ক্লিনিকেল সা-সৰঞ্জাম সকলো আছিল৷ বিধান চন্দ্ৰ ৰয়ে এই মত প্ৰকাশ কৰাৰ লগে লগেই ডাঃ ঘনশ্যাম দাসে গুৱাহাটীহে উপযুক্ত স্থান বুলি শক্তিশালী যুক্তি আগবঢ়ায়৷ ডাঃ ভূবনেশ্বৰ বৰুৱাই ডাঃ ঘনশ্যাম দাসক সমৰ্থন কৰাৰ লগে লগে সভা উত্তাল হৈ পৰে আৰু সেইদিনালৈ সভাৰ কাৰ্যক্ৰমণিকা বাতিল কৰি বিষয়টো অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু স্বাস্থ্যমন্ত্ৰী ৰামনাথ দাসক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

বিষয়টো এনে জটিল হৈ পৰাত প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে অসমৰ স্বাস্থ্য সঞ্চালকক তলব কৰি তেওঁৰ মতামত আহ্বান কৰে৷ এনে এটা অৱস্থাত ডিব্ৰুগড়ৰ অধিবক্তা ফৈজনুৰ আলী, ৰায়বাহাদুৰ সদানন্দ দুৱৰা, চাহ খেতিয়ক ৰায়বাহাদুৰ ৰামেশ্বৰ চহৰীয়া আৰু বিশিষ্ট ব্যৱসায়ী বৃদ্ধিচান্দ কাৰৱাই শ্বিলঙত উপস্থিত হৈ ডিব্ৰুগড় মেডিকেল স্কুলৰ প্ৰতিষ্ঠাতা ডাঃ বেৰী হোৱাইটৰ এখন উইলৰ কপি দাখিল কৰে৷ এই উইলখনত ডাঃ বেৰী হোৱাইটে এটা চৰ্ত ৰাখিছিল যে তেওঁ স্থাপন কৰা মেডিকেল স্কুলখন ভৱিষ্যতে উচ্চতৰ দিশত আগবঢ়াব পাৰিব, কিন্তু ইয়াক বৰ্তমানৰ স্থানৰপৰা আঁতৰাব নোৱাৰিব৷

ডাঃ বেৰী হোৱাইটৰ এইখন উইলৰ প্ৰতিলিপি স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়তো আছিল৷ সমিতিয়ে এই নথি- পত্ৰসমূহ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু স্বাস্থ্যমন্ত্ৰী ৰামনাথ দাসৰ সন্মুখত ‘পেচ্’ কৰাত তেখেতসকলে ডাঃ বিধানচন্দ্ৰ ৰয়ৰ অধীনস্থ সমিতিখনক ডিব্ৰুগড় ভ্ৰমণ কৰি সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে৷ সমিতিৰ সভ্যসকলে ১৯৪৬চনৰ ৯আগষ্টত ডিব্ৰুগড় পায়হি৷ ডিব্ৰুগড়ৰ এজন বিশিষ্ট নাগৰিক জিয়াউদ্দিন আহমেদে তেওঁৰ এটা নিবন্ধত এনেদৰে লিখিছে- ডিব্ৰুগড় মেডিকেল কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ যি কেইজন ব্যক্তিৰ আপ্ৰাণ চেষ্টা নিহিত আছিল সেইসকলৰ ভিতৰত অগ্ৰণী আছিল ডাঃ শৰৎ বৰুৱা, ডাঃ ফণীন্দ্ৰ নাথ ঘোষ, ডাঃ কামাখ্যা লাল ঘোষ, গোবিন্দ্ৰ শৰ্মা আদি৷ ডাঃ বিধান চন্দ্ৰ ৰয় ডিব্ৰুগড়লৈ অহাৰ বাতৰি এখেতসকলে আগতীয়াকৈ পাই তেখেতক যেনেতেনে মেডিকেল কলেজখন ডিব্ৰুগড়ত স্থাপিত কৰিবৰ হকে যাতে মতামত দিয়ে তাৰ বাবে সকলো যোগাৰ কৰি থোৱা হৈছিল৷

৯ আগষ্ট ১৯৪৬ চনৰ ৰাতি ১০.৩০ মান বজাত ডাঃ ঘোষৰ ঘৰৰ আগত এখন গাড়ী আহি ৰ’লহি৷ গাড়ীখনত আছিল ডাঃ শৰৎ বৰুৱা আৰু ডাঃ বিধান চন্দ্ৰ ৰয়৷ ড্ৰাইভাৰজনে ততালিকে ডাঃ ঘোষক শোৱাপাটীৰ পৰা উঠাই ডাঃ ৰয় অহা বুলি খবৰ দিয়ে৷ ততাতৈয়াকৈ ডাঃ ঘোষ গৈ গাড়ীত উঠে৷ ডাঃ ৰয় ৰেল যোগে গুৱাহাটীৰপৰা আহিছিল৷ আগতে ঠিক কৰি থোৱা বৰবাৰীস্থ চাহ খেতিয়ক জালানৰ প্ৰসাদোপম বঙলালৈ লৈ যোৱা হয়৷ ডাঃ ৰয় এজন ভোজন বিলাসী বুলি গম পাই আগতীয়াকৈ এজন নিপুন ৰান্ধনী দি নানা ধৰণৰ ব্যঞ্জনেৰে সৈতে খাদ্য তৈয়াৰ কৰি তেখেতক আপ্যায়ন কৰা হয়৷ খোৱা- মেলাৰ পাছত নানান কথা বতৰা হয়৷ ডাঃ ঘোষ ঘৰলৈ ওভতাৰ সময়ত প্ৰায় ৰাতি পুৱাইছিল৷

পিছদিনা ডাঃ ৰয় মেডিকেল স্কুল আৰু সৈনিক হস্পিতাললৈ যায়, ৰংঘৰ চিনেমা হলত তেখেতক ডিব্ৰুগড়ৰ ৰাইজৰ ফালৰপৰা সম্বৰ্ধনা জনোৱাৰ বাবে এখন ৰাজহুৱা সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়৷ এই সভাত প্ৰদান কৰা ৰাজহুৱা সম্বৰ্ধনা পত্ৰখনৰ খচৰা ৰচনা কৰে ডিব্ৰুগড় বংগ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱী দাসে৷ বিভিন্ন সংগঠনৰপৰা সুকীয়া- সুকীয়াকৈ ডিব্ৰুগড়ত মেডিকেল কলেজখন পাতিবৰ বাবে অনুৰোধ জনাই পত্ৰ পাঠ কৰা হয়৷ ডাঃ বিধান চন্দ্ৰ ৰয়ে ডিব্ৰুগড়ত থকা সময়তে বিভিন্ন সংগঠন সমূহৰ প্ৰতিনিধিসকলে মেডিকেল কলেজখন ডিব্ৰুগড়তে স্থাপনৰ বাবে টানি অনুৰোধ জনায়৷

ডাঃ আহমেদে লিখা মতে মাৰোৱাৰী সম্প্ৰদায়ৰ এটা সঁজাতি দলে ডাঃ ৰয়ক দেখা কৰাৰ সময়ত তেওঁ হাঁহি হাঁহি কৈছিল, “আপোনালোকৰ কোনো ল’ৰা-ছোৱালীকে মেডিকেল কলেজত পঢ়িবলৈ নিদিব৷ কাৰণ তেতিয়াহলে মেডিকেল প্ৰফেচনটো এটা ব্যৱসায়ত পৰিণত হ’ব৷”

ডাঃ ৰয়ে ডিব্ৰুগড় ৰাইজৰ অভূতপূৰ্ব আবেদনত যে স্বাভাৱিকতে অভিভূত হৈ পৰিছিল সেয়া তেওঁৰ পিছৰ বক্তব্যসমূহত পৰিস্ফূত হৈ পৰিছিল৷ ডাঃ ৰয় শ্বিলঙলৈ ঘূৰি গৈ মন্তব্য কৰিছিল যে মেডিকেল কলেজ স্থাপনৰ বাবে ডিব্ৰুগড়হে উপযুক্ত স্থান হ’ব৷ কিয়নো ইয়াৰ নাগৰিকসকল অতি সচেতন আৰু এনে সচেতন নাগৰিকৰ মাজত যিকোনো চৰকাৰী প্ৰতিষ্ঠানৰ উন্নতি অৱধাৰ্য৷ ডাঃ ৰয়ে নিজে স্বীকাৰ কৰিছিল যে গুৱাহাটী আৰু চিলেটৰ নাগৰিকে সংশ্লিষ্ট স্থানত মেডিকেল কলেজ স্থাপনৰ বাবে তেওঁক পতিয়ন নিয়াব নোৱাৰিলে৷ শ্বিলঙত বহা ডাঃ বিধান চন্দ্ৰ ৰয়ৰ নেতৃত্বাধীন সমিতিখনে বেৰী হোৱাইট মেডিকেল স্কুলখন বন্ধ কৰি মেডিকেল কলেজ আৰু হস্পিতালখন ডিব্ৰুগড়ৰ বৰবাৰীতে পাতিবৰ বাবে সিদ্ধান্ত কৰে৷

অসম চৰকাৰে ডাঃ বিধান চন্দ্ৰ ৰয়ৰ নেতৃত্বাধীন সমিতিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯৪৭ চনৰ জানুৱাৰী মাহত এই সিদ্ধান্ত চৰকাৰীভাৱে ১৯৩৮ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা নিখিল ভাৰত চিকিৎসক সন্থাৰ অধিৱেশনত অসমৰ তদানীন্তন প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে উদ্বোধনী ভাষণত প্ৰকাশ কৰে৷ ইয়াৰ পিছতে অসম চৰকাৰে বৰবাৰীত থকা মিলিটেৰী হস্পিতালখনৰ ঘৰ-দুৱাৰ, সা-সৰঞ্জাম আদি চৰকাৰীভাৱে ক্ৰয় কৰি লোৱা হয়, কিন্তু ইয়াৰ আগেয়ে যথেষ্টখিনি সা-সৰঞ্জাম, তুলী-কম্বল আদি শিলচৰলৈ লৈ যোৱাৰ বাবে ইয়াত নিচেই সামান্য পৰিমাণৰ সা-সৰঞ্জামহে থাকি যোৱাত পাৰ্থিৱ সম্পদসমূহৰ বাদে অন্যান্য সা-সৰঞ্জাম চমজি লোৱা সম্ভৱ নহ’ল৷ উল্লেখযোগ্য যে অসম চৰকাৰে সেইসময়ত মিলিটেৰী হস্পিতালৰ সা-সম্পত্তিখিনি মুঠ ৪,০৪,০০০ টকাত ক্ৰয় কৰিছিল আৰু এই সম্পত্তিখিনি অসম চৰকাৰৰ হৈ জিলাখনৰ চিভিল ছাৰ্জন আৰু ডাঃ বেৰী হোৱাইট মেডিকেল স্কুলৰ অধীক্ষকে চমজি লৈছিল৷

ডাঃ বিধান চন্দ্ৰ ৰয়ৰ নতৃত্বাধীন সমিতিৰ সিদ্ধান্ত মৰ্মেই ডিব্ৰুগড়ত স্থাপন হ’ব লগা মেডিকেল কলেজখন ‘আসাম মেডিকেল কলেজ এণ্ড হস্পিতাল’ হিচাবে নামকৰণ কৰা হয়৷ সামৰিক বাহিনীৰ এই হস্পিতালখনৰ পৰিবৰ্তন যুদ্ধকালীন ক্ষিপ্ৰতাৰে কৰা হয় আৰু ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে অসমৰ তদানীন্তন মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈয়ে আড়ম্বপূৰ্ণ ভাৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰে৷

আজি অসমৰ প্ৰতিজন নাগৰিক ডাঃ বেৰী হোৱাইটৰ প্ৰতি এইবাবেই কৃতজ্ঞ হোৱা উচিত যে এই মহান ব্যক্তিজনাৰ সুদক্ষ পৰিচালন শক্তি, চিন্তা শক্তি আৰু দূৰদৰ্শিতাৰ বাবেই কেৱল অসমৰে নহয়, সমগ্ৰ অঞ্চলটোৰ প্ৰথমখন মেডিকেল কলেজ আৰু হস্পিতাল ডিব্ৰুগড়ত স্থাপন হোৱাটো সম্ভৱ হৈছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!