বোধ (নিশাংক মিলন)

বোধ (নিশাংক মিলন)

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
ছয়াময়া পোহৰ
(নে আন্ধাৰৰ শোকত ?)
কঁপি আছিল নাঙঠ ডিচেম্বৰ ;
কুঁৱলীৰ গোন্ধত ভাহি থকা
প্ৰেতাত্মাৰ শৰীৰৰ উত্তাপত,
শীত আছিল সিদিনা এটা নষ্ট প্ৰস্তাৱ !!
উলটি অহাৰ শেষত দেখিছিলো তোমাক l
এটা প্ৰাচীন শব্দৰ হাতত ধৰি
তুমি ৰৈ আছিলা তাহানিৰে পৰা
ইন্দ্ৰিয়াতীত ঈপ্সাৰ গুল্ম হৈ;
ৰ’দ হৈ মই সংশ্লেষিত হৈছিলো
তোমাৰ দেহৰ পত্ৰহৰিৎত;
পোহৰৰ দৰে দূৰন্ত তোমাৰ ক্ষমাৰ উৰ্বৰতাত
নুমাইছিল বাঁহতলীয়া বাকৰ ৰাতি !
ছাঁয়াহীন চকুৰ অবিচল বালিচৰত
মই শোহ গৈছিলো দুটোপাল লুণীয়া হৈ
এটা গন্ধৰ্ব কৌতূহলৰ ঊষ্ণতাত !!
উলটি অহাৰ শেষত দেখিছিলো তোমাক l
বিচক্ষণ পাপৰ দেহ কৰ্ষণ কৰি গজাৰ
এটা প্ৰাৰ্থনাৰ বিনম্ৰ আয়োজনত ….
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!